অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পৈঠানি শাৰী

পৈঠানি ((Paithani)শাৰী হৈছে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদ জিলাৰ পৈঠান চহৰত হাতেৰে তৈয়াৰ কৰা শাৰী। বৰ্তমান মহাৰাষ্ট্ৰৰ নাচিকৰ য়েওল চহৰ হৈছে পৈঠানি শাৰীৰ সৰ্ববৃহৎ নিৰ্মাতা। পৈঠানি শাৰীৰ বৈশিষ্ট্য হৈছে বৰ্গাকৃতিৰ বা হেলনীয়া আকৃতিৰ পাৰী, আৰু ময়ুৰ চৰাইৰ চিত্ৰ থকা শাৰীৰ আগ।

হালনাগাদ: ২৩ জানুৱাৰী ২০২৬ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ
পৈঠানি শাৰী
পৈঠানি শাৰীছবি: Only Paithani · CC0

পৈঠানি ((Paithani)শাৰী হৈছে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদ জিলাৰ পৈঠান চহৰত হাতেৰে তৈয়াৰ কৰা শাৰী। বৰ্তমান মহাৰাষ্ট্ৰৰ নাচিকৰ য়েওল চহৰ হৈছে পৈঠানি শাৰীৰ সৰ্ববৃহৎ নিৰ্মাতা।১

পৈঠানি শাৰীৰ বৈশিষ্ট্য হৈছে বৰ্গাকৃতিৰ বা হেলনীয়া আকৃতিৰ পাৰী, আৰু ময়ুৰ চৰাইৰ চিত্ৰ থকা শাৰীৰ আগ।২ বুটা বছা শাৰীৰ পৰা কোনো ধৰণৰ নক্সা নোহোৱা পৈঠানি শাৰীও পোৱা যায়। এক ৰঙৰ আৰু কেলিডস্কোপ ৰঙৰ শাৰীও জনপ্ৰিয়। দীঘলীয়াকৈ বোৱাৰ বাবে এটা ৰং আৰু প্ৰস্থ অনুসৰি বোৱাৰ বাবে আন এটা ৰং ব্যৱহাৰ কৰি কেলিডস্কোপিক ৰঙৰ প্ৰভাৱ পৰে।৩

পৈঠানি শাৰীৰ ইতিহাস

সম্পূৰ্ণ কাম থকা পৈঠানি শাৰী
সম্পূৰ্ণ কাম থকা পৈঠানি শাৰীছবি: NBMSSILKSAREE · CC0

পৈঠানি শাৰীৰ ইতিহাস খ্ৰীষ্টপূৰ্ব ২য় শতিকাৰ পৰাই সাতবাহন বংশৰ পৰাই পোৱা যায়। সেই সময়ত কপাহ আৰু চিল্ক সূতাৰ সৈতে বিশুদ্ধ সোণৰ তাঁৰেৰে পৈঠানি শাৰী তৈয়াৰ কৰা হৈছিল। ২০০০ বছৰ আগতে গ্ৰীক আৰু ৰোমানসকলে এই পৈঠানি শাৰী অতি ভাল পাইছিল। এই বিলাসী পৈঠানি শাৰীৰ বিনিময়ত তেওঁলোকে সোণৰ বিনিময় কৰিছিল। সেই সময়ত এই পৈঠানি শাৰী কেৱল ৰাজকীয় লোকেহে পিন্ধিছিল। বৰ্তমান পৈঠানি শাৰী নামেৰে জনাজাত শাৰী 'প্ৰতিষ্ঠান' চহৰত উৎপত্তি হোৱা বাবে পূৰ্বতে "প্ৰতিষ্ঠানী" শাৰী বুলিও জনা গৈছিল। বহুতো প্ৰাচীন হিন্দু আৰু বৌদ্ধ গ্ৰন্থতো পৈঠানি শাৰীৰ বিষয়ে পোৱা যায়। পৈঠানি শাৰীক "দেৱ বস্ত্ৰ"(ঈশ্বৰৰ কাপোৰ) বুলিও জনা যায়। পৈঠানি শাৰীৰ ২৫০০ বছৰৰ চহকী ইতিহাস আছে যদিও তথাপিও আমাৰ বহুতেই অজ্ঞাত। ইতিহাসবিদসকলে খ্ৰীষ্টপূৰ্ব ২০০ৰ পৰা ৪০০ চনৰ ভিতৰত গ্ৰীচত সোণৰ বিনিময়ত বিক্ৰী হোৱা সুক্ষ্ম সোণ আৰু ৰূপৰ সূতাৰ কামৰ সৈতে মিহি পৈঠানি শাৰী লক্ষ্য কৰিছে। ১৮ শতিকাত পেশ্বৱাৰ পৃষ্ঠপোষকতাত পৈঠানিসকল লাভৱান হৈছিল। বিশ্বাস কৰা হয় যে মাধৱৰাও পেশ্বৱাৰ শাৰী বস্ত্ৰশিল্পৰ প্ৰতি বিশেষ প্ৰেম আছিল। কিংবদন্তিও আছে যে পৈঠানিয়ে হায়দৰাবাদৰ নিজামৰ আড়ম্বৰও ধৰিছিল আৰু তেওঁৰ বোৱাৰী নিলোফেৰেহে সীমান্ত আৰু পল্লৱ নক্সাত নতুন বুটাৰ প্ৰৱৰ্তন কৰিছিল।৪

পৈঠানি শাৰীৰ বিশেষত্ব

পৈঠানি শাৰী হৈছে সোণ আৰু চিল্ক সূতাৰ শাৰী। পৈঠানিৰ উৎপাদন ৰপ্তানিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিছিল আৰু শাৰী কেৱল অত্যাধুনিক ক্ৰেতাৰ বাবেহে উৎপাদন কৰা হৈছিল। কপাহৰ পৰা চিল্ক সূতাৰ শাৰীলৈ পৈঠানি শাৰী বোৱা হৈছিল। প্ৰধান সূতা আৰু পাৰীত চিল্ক সূতাৰ ব্যৱহাৰ কৰা হৈছিল, আনহাতে কাপোৰৰ গাৰ অংশত কপাহ ব্যৱহাৰ কৰা হৈছিল। বৰ্তমানৰ পৈঠানিত কপাহৰ কোনো লেখ-জোখ নাই। এটা সময়ত চীনৰ পৰা চিল্ক সূতা আমদানি কৰা হৈছিল। এতিয়া য়েওলা আৰু পৈঠান চহৰে বাঙ্গালুৰুৰ পৰা চিল্ক সূতা কিনে।৫

তথ্যসূত্ৰ

  1. ↑ "Paithani". WeaveinIndia. Retrieved 3 November 2021
  2. ↑ पैठणीचा रुबाब! साड्यांची महाराणी पैठणीचा 'हा' इतिहास माहीत आहे का? वाचा सविस्तर". Maharashtra Times (in Marathi). Retrieved 3 November 2021
  3. ↑ "Paithani- Introduction". www.unnatisilks.com. Retrieved 3 November 2021
  4. ↑ "Paithani- Introduction". www.unnatisilks.com. Retrieved 3 November 2021
  5. ↑ Naik, Surabhi (29 September 2020). "Incredible Textiles Of India: Maharashtra (Paithani)". Stylestack Apparels. Retrieved 3 November 2021

সম্পৰ্কিত শ্ৰেণী

পোচাক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৈঠানি শাৰী” প্ৰবন্ধৰ সংশোধন ৫৭১০০৯ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।