অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুসৰি, প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুসৰি

"প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুসৰি, প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুসৰি" (ইংৰাজী ভাষাত: From each according to his ability, to each according to his needs, ফঁৰাচী ভাষাত: De chacun selon ses facultés, à chacun selon ses besoins; জাৰ্মান ভাষাত: Jeder nach seinen Fähigkeiten, jedem nach seinen…

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ৭৪৭ শব্দ · ৪ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

"প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুসৰি, প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুসৰি" (ইংৰাজী ভাষাত: From each according to his ability, to each according to his needs, ফঁৰাচী ভাষাত: De chacun selon ses facultés, à chacun selon ses besoins; জাৰ্মান ভাষাত: Jeder nach seinen Fähigkeiten, jedem nach seinen Bedürfnissen; চীনা ভাষাত: 各尽所能 各取所需) এটি শ্লগান যাক লুই ব্লেংকে পোণপ্ৰথমবাৰৰ বাবে ১৮৫১ত ব্যৱহাৰ কৰিছিল।১ পিচে এই শ্লগানৰ আগৰ ৰুপ এটা এটিয়েনে গেব্ৰিয়েল মৰেলিৰ দ্য ক'ড অৱ নেচাৰত দৃশ্যমান হৈছিল। এই শ্লগানক কাৰ্ল মাৰ্ক্সে ১৮৭৫ত নিজৰ ক্ৰিটিক অৱ দ্য গথা প্ৰগ্ৰেমত জনপ্ৰিয় কৰি তুলিলে।২৩ নীতিটোৱে পণ্য, পুঁজি আৰু সেৱাৰ মুক্ত উপলব্ধি আৰু বিতৰণ বুজাই।৪ মাৰ্ক্সবাদী দৰ্শনত তেনে হ'ব এক উন্নত সাম্যবাদী ব্যৱস্থাত উৎপাদিত পণ্য আৰু সেৱাৰ উভৈনদীয়ে। সমাজবাদৰ পূৰ্ণ বিকাশ আৰু অত্যুন্নত উৎপাদন শক্তিয়ে ইয়াক বাস্তৱায়িত কৰাৰ কথা কোৱা হয়।৫৬

উৎস

তলত মাৰ্ক্সৰ ক্ৰিটিক অৱ দ্য গথা প্ৰগ্ৰেমৰ পৰা পাঠ দিয়া হৈছে: In a higher phase of communist society, after the enslaving subordination of the individual to the division of labor, and therewith also the antithesis between mental and physical labor, has vanished; after labor has become not only a means of life but life's prime want; after the productive forces have also increased with the all-around development of the individual, and all the springs of co-operative wealth flow more abundantly—only then can the narrow horizon of bourgeois right be crossed in its entirety and society inscribe on its banners: From each according to his ability, to each according to his needs! (ইন এ হায়াৰ ফেজ অৱ কমিউনিষ্ট চচাইটি, আফটাৰ দ্য এনস্লেভিং চাবৰ্ডিনেচন অৱ দ্য ইণ্ডিভিজুৱেল টু দ্য ডিভিজন অৱ লেবাৰ, এণ্ড ডেয়াৰৱিথ অল্স' দ্য এণ্টি থেচিচ বিটৱিন মেণ্টেল এণ্ড ফিজিকেল লেবাৰ, হেজ ভেনিছড; আফটাৰ লেবাৰ হেজ বিকাম নট অনলি এ মিন্স অৱ লাইফ বাট লাইফছ প্ৰাইম ৱাণট; আফটাৰ দ্য প্ৰডাক্টিভ ফৰ্চেচ হেভ অল্স' ইনক্ৰিজড ৱিথ দ্য অল-এৰাউণ্ড ডেভেলপমেণ্ট অৱ দ্য ইণ্ডিভিজুৱেল, এণ্ড অল দ্য স্প্ৰিংছ অৱ ক'অপাৰেটিভ ৱেল্থ ফ্ল' ম'ৰ এবাণ্ডেণ্টলি-- অনলি দেন কেন দ্য নেৰ' হৰাইজন অৱ বুৰ্জোৱা ৰাইটছ বি ক্ৰছড ইন ইটছ এণ্টাইৰিটি এণ্ড চচাইটি ইন্সক্ৰাইব অন ইটছ বেনাৰ্ছ: ফ্ৰম ইচ একৰ্ডিং টু হিজ এবিলিটি, টু ইচ একৰ্ডিং টু হিজ নিড (প্ৰত্যেকৰপৰা তেওঁৰ সামৰ্থ অনুসৰি, প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুসৰি)৩৫৬ যদিও মাৰ্ক্সক প্ৰায় এই শ্ল'গানৰ স্ৰষ্টা আখ্যা দিয়া হয়, এই শ্লগান ১৮৫১ৰ লুই ব্লেংকৰ সমাজবাদী আন্দোলনত বহুলভাৱে ব্যৱহৃত হৈছিল।৭ বাক্যশাৰীৰ শ্ৰেয় ফঁৰাচী ইউট'পিয়ান এটিয়েনে গেব্ৰিয়েল মৰেলিকো প্ৰদান কৰা হয় যিয়ে নিজৰ ১৭৫৫ৰ ক'ড অৱ নেচাৰত কৈছিল যে "পবিত্ৰ আৰু মৌলিক নিয়ম যিয়ে সমাজৰ সকলো বেয়াৰ গুড়ী ফালি পেলাব"ই সামৰে

I. একোৱেই কাৰোৰে ওচৰত ব্যক্তিগত সম্পত্তি বা পুঁজি পণ্য হিচাপে নাথাকিব, সেই বস্তুবোৰক বাদ দি যি তেওঁৰ প্ৰয়োজন, আনন্দ আৰু দৈনন্দিন কৰ্মৰ বাবে লাগে II. প্ৰতিজন ব্যক্তিয়েই ৰাজহুৱা ব্যক্তি হ'ব, ৰাজহুৱা খৰচত চালিত, আশ্ৰিত আৰু দখল হোৱা III. প্ৰতিজন ব্যক্তিয়ে সম্প্ৰদায়ৰ কাৰ্যলৈ নিজৰ বিশেষ অৱদান আগবঢ়াব নিজৰ সামৰ্থ অনুসৰি, প্ৰতিভা অনুসৰি আৰু বয়স অনুসৰি; এই ভিত্তিতে তেওঁৰ দায়িত্ব নিৰ্ণিত হ'ব, বিতৰণৰ নিয়মসমূহৰ আধাৰত.৮

কোনো কোনোৱে বাক্যশাৰীৰ উৎস নিউ টেষ্টামেণ্ট বুলি কয়।.৯১০ এক্টছ অৱ দ্য এপষ্টল্সত জেৰুজালেমৰ বিশ্বাসীসকলৰ সম্প্ৰদায়ৰ লোকসকলৰ জীৱনধাৰা সাম্প্ৰদায়িক (ব্যক্তিগত দখল নথকা) আছিল আৰু এই কথা ব্যৱহৃত হৈছিল: "distribution was made unto every man according as he had need": Acts 4:32–35: 32 And the multitude of them that believed were of one heart and of one soul: neither said any of them that ought of the things which he possessed was his own; but they had all things common. 33 And with great power gave the apostles witness of the resurrection of the Lord Jesus: and great grace was upon them all. 34 Neither was there any among them that lacked: for as many as were possessors of lands or houses sold them, and brought the prices of the things that were sold, 35 And laid them down at the apostles' feet: and distribution was made unto every man according as he had need.

তৰ্ক

মাৰ্ক্সৰ মতে ই প্ৰযোজ্যঝ'ব তেনে এক সমাজত য'ত প্ৰযুক্তিগত বিকাশ আৰু সামাজিক অনুষ্ঠানৰ ফলত সামগ্ৰীৰ উৎপাদনত শাৰীৰিক শ্ৰমৰ দৰকাৰেই নাথাকিব। অৰ্থাৎ, "শ্ৰম জীৱনৰ মাধ্যম নহয় পিচে জীৱনৰ মুখ্য প্ৰয়োজন হ'ব"।১১ মাৰ্ক্সৰ মতে, তেনে সমাজত মানুহে কোনো সামাজিক বাধ্যতা নথকাকৈয়ে শ্ৰম কৰিব কাৰণ শ্ৰম হ'ব আনন্দদায়ক আৰু সৃষ্টিশীল এক কৰ্মহে। মাৰ্ক্সে "প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুযায়ী"ৰে সকলোৱে যিমান পাৰে সিমান শ্ৰম কৰিব লাগে বুলিহে কেৱল বুজোৱা নাই, বৰঞ্চ বুজাইছে যে সকলোৱে নিজৰ প্ৰতিভা শ্ৰেষ্ঠকৈ বিকাশ কৰিব লাগে।১২১৩

নিজকে তলৰ খাপৰ সাম্যবাদত থকা বুলি কৈ ছ'ভিয়েট সংঘই "প্ৰত্যেকৰপৰা তেওঁৰ সামৰ্থ অনুযায়ী প্ৰত্যেকলৈ তেওঁৰ কৰ্ম অনুযায়ী" অনুসৰণ কৰিছিল।১৪

মুক্তিবাদী ঈশ্বৰাধ্যয়নে ইয়াক খ্ৰীষ্টানসকলৰ ন্যায়ৰ মাতৰ সৈতে সুসংগত বোলে, পিচে অনেক খ্ৰীষ্টানে হয় যে পেৰেবল অৱ দ্য টেলেণ্টছে "প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুযায়ী" বুজাই, কিন্তু "প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুযায়ী" নুসূচাই।১৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Louis Blanc, Plus de Girondins, 1851, p. 92
  2. ↑ Graeber, David. (2013). The Democracy Project: A History, a Crisis, a Movement. Spiegel & Grau. পৃ. 293–294. ISBN 9780812993561
  3. ↑ Marx, Karl. (1875). ((Critique of the Gotha Program))
  4. ↑ Busky, Donald F. (July 20, 2000). Democratic Socialism: A Global Survey. Praeger. পৃ. 4. ISBN 978-0275968861
  5. ↑ Schaff, Kory. (2001). Philosophy and the problems of work: a reader. Rowman & Littlefield. পৃ. 224. ISBN 0-7425-0795-5
  6. ↑ Walicki, Andrzej. (1995). Marxism and the leap to the kingdom of freedom: the rise and fall of the Communist utopia. Stanford University Press. পৃ. 95. ISBN 0-8047-2384-2
  7. ↑ The entry "Blanc, Louis" of Encyclopædia Britannica and David Graeber The Democracy Project (2013, pp. 293–294) cite the work Organisation du travail (The organization of work, 1840 [1839]) as the origin of the quote
  8. ↑ Gregory Titelman, Random House dictionary of popular proverbs & sayings (1996), p. 108
  9. ↑ Joseph Arthur Baird, The Greed Syndrome: An Ethical Sickness in American Capitalism (1989), p. 32
  10. ↑ Marshall Berman, Adventures in Marxism (2000), p. 151
  11. ↑ Part 1, Critique of the Gotha Programme, www.marxists.org, quoting Marx/Engels Selected Works, Volume Three, p. 13-30
  12. ↑ Bli︠a︡khman; Shkaratan, Ovseĭ Irmovich. (1977). Man at Work: The Scientific and Technological Revolution, the Soviet Working Class and Intelligentsia. Progress. পৃ. 155
  13. ↑ Johnson. (1968). Searching for light: an autobiography. Joseph
  14. ↑ Geoffrey Jukes. (1973). The Soviet Union in Asia. University of California Press. পৃ. 225. ISBN 978-0-520-02393-2
  15. ↑ Finley, Tom. The Parable of the Talents and the Parable of the Minas (Matt. 25:14-30 and Lk. 19:11-27)

সম্পৰ্কিত শ্ৰেণী

শ্লোগানসাম্যবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰত্যেকৰ পৰা তেওঁৰ সামৰ্থ অনুসৰি, প্ৰত্যেকলৈ তেওঁৰ প্ৰয়োজন অনুসৰি” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৫১ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।