বিমানাৰ্চনাকল্প দশম শতিকাৰপৰা একাদশ শতিকাৰ ভিতৰৰ এখন হঠযোগৰ গ্ৰন্থ, যাক মৰিচি ঋষিৰ বুলি কোৱা হয়।
সাহিত্য
বিমানাৰ্চনাকল্প হৈছে দশম শতিকাৰপৰা একাদশ শতিকাৰ ভিতৰত হঠযোগৰ ওপৰত লিখা গদ্য গ্ৰন্থ,১২ যাক মৰিচি ঋষিৰ বুলি কোৱা হয়।৩ ইয়াত কোৱা হৈছে যে যোগ হৈছে ব্যক্তিৰ পৰম আত্মাৰ সৈতে মিলন।৪
ই নবহাকৈ কৰা আসনৰ বৰ্ণনা আৰু এনে ভংগিমাক আসন (এই শব্দটোৰ মূল আৰু আক্ষৰিক অৰ্থত আসন) বুলি কোৱাটো আদিম গ্ৰন্থসমূহৰ ভিতৰত অন্যতম, অৰ্থাৎ ময়ূৰাসন- ময়ূৰৰ ভংগিমা। ৯৬ নং অধ্যায়ত ইয়াত মুঠ নটা আসনৰ (ব্ৰহ্মাসন, স্বস্তিকাসন, পদ্মাসন, গোমুখাসন, সিংহাসন, মুক্তাসন, বীৰাসন, ভদ্ৰাসন, আৰু ময়ূৰাসন) বৰ্ণনা কৰা হৈছে, যিবোৰ হঠযোগ প্ৰদীপিকাৰ প্ৰায় ৫০০ বছৰ আগৰ।৫ জেমছ মেলিনছনৰ অনুবাদত ইয়াৰ ময়ূৰাসনৰ বিৱৰণী হ'ল:
হাতৰ তলুৱা মজিয়াত ঠিকমতে পোন কৰি নাভিৰ দুয়োকাষে কঁকালৰ ওচৰত ৰাখি মূৰ আৰু ভৰি ওপৰলৈ তুলি লাঠিৰ দৰে শূন্যতে থাকিব। এইটোৱেই হৈছে ময়ূৰৰ ভংগিমা।৬
গ্ৰন্থখনত প্ৰত্যহৰৰ এটা পদ্ধতি শিকোৱা হৈছে, উশাহ ব্যৱহাৰ কৰি প্ৰত্যাহাৰ কৰা, যিটো ১৮টা পৰ্যায়ৰ মাজেৰে ওপৰলৈ তুলি লোৱা হয় যাক মাৰ্মান বুলি কোৱা হয়, যিবোৰ গুৰুত্বপূৰ্ণ বিন্দু।৭
বিমানৰ্চনাকল্পত অন্যান্য বিষয়ৰো বৰ্ণনা কৰা হৈছে, যেনে বিপদৰ সময়ত পৱিত্ৰ ব্ৰঞ্জৰ বস্তুবোৰক ৰক্ষা কৰিবলৈ পুতি থোৱাৰ প্ৰথা।৮
তথ্যসূত্ৰ
- ↑ Marichi 1926
- ↑ Huesken, Ute. (2 November 2002). VaikhAnasa saMhitAs. Ramanuja.org
- ↑ Mallinson, James. (9 December 2011). A Response to Mark Singleton's Yoga Body by James Mallinson revised from American Academy of Religions conference, San Francisco, 19 November 2011
- ↑ Mallinson Singleton 2017, পৃ. 21
- ↑ Mallinson Singleton 2017, পৃ. 87, 100-101
- ↑ Mallinson Singleton 2017, পৃ. 101
- ↑ Mallinson Singleton 2017, পৃ. 174, 190, 285, 296
- ↑ Nagaswamy, R. Eslam Bronzes and Copper-plates. Tamil Arts Academy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমানাৰ্চনাকল্প” প্ৰবন্ধৰ সংশোধন ৫৪২০৮৩ (৫ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।