বিবা-বকুবকু বা "বিবা গবলিন" জাপানী লোককথাৰ এক কাল্পনিক সত্ত্বা। ই ইয়োকাইৰ এটা দলৰ অন্তৰ্গত সত্ত্বা আৰু ইয়াক দুৰ্বল চৰিত্ৰ বুলি কোৱা হয়।
বিৱৰণ
বিবা-বকুবকু জাপানৰ এক নৃগোষ্ঠীয় সত্ত্বা, যাৰ শৰীৰটো পৰম্পৰাগত বিৱা(এক পৰম্পৰাগত বাদ্যযন্ত্ৰ)ৰ দৰে মূৰ থকা বুলি বৰ্ণনা কৰা হৈছে। তেওঁ বহুমূলীয়া কিমোনো পিন্ধে বুলিও কোৱা হয়। বিবা-বকুবকু দিনতকৈ ৰাতিহে জীৱন্ত হৈ উঠে আৰু আগৰ মালিকৰ অৱহেলাৰ বাবে বিলাপ কৰি তাতামি কোঠা (জাপানৰ পৰম্পৰাগত শৈলীৰ ঘৰ) এটাত শান্তভাৱে বহি গান গাই আৰু টুং টাং শব্দ কৰি থাকে। আন গল্পত বিৱা-বকুবকুৱে বহুত কোলাহল কৰি বসবাস কৰা একোটা ঘৰৰ মাজেৰে নাচি থকাৰ কথা উল্লেখ কৰা হৈছে।১২
পৃষ্ঠভূমি
বিবা-বকুবকু বিবা নামৰ চুটি ডিঙিৰ কাঠৰ বাদ্যযন্ত্ৰ বীণাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল। ট’ৰিয়ামা চেকিয়েনে তেওঁৰ গ্ৰন্থ হিয়াকি চুৰেজুৰে বুকুৰোত ৰিপ'ৰ্ট কৰিছে যে বিবাটো চীনা বাদ্যযন্ত্ৰ যেনে বকুমা আৰু গেঞ্জোৰ পিছত ডিজাইন কৰা হৈছিল।১২
বিবা-বকুবকু ইয়োকাইৰ এটা বিশেষ গোটৰ অন্তৰ্গত: ট্ছুকুমোগামি, জাপানী ভাষাৰ আক্ষৰিক অৰ্থ 'আৰ্টিফেক্ট ভূত’। এই বিশেষ গোটটোত প্ৰায় সকলো ধৰণৰ মানৱসৃষ্ট ঘৰুৱা সামগ্ৰী, যেনে পাকঘৰৰ সামগ্ৰী, সঁজুলি আৰু দৈনন্দিন সামগ্ৰী থাকে, যেতিয়া ১০০ বছৰ পাৰ হৈ গ'ল আৰু এই শিল্পকৰ্মটো কেতিয়াও কোনেও ব্যৱহাৰ নকৰাৰ দৰে ভাল হৈ আছিল বুলি বিশ্বাস কৰা হয়।৩ কোনোবাই আওকাণ কৰিলে বা নিঃসংগ অনুভৱ কৰিলেই বিবা-বকুবুকুয়ে প্ৰাণ পাই উঠে। হতাশাগ্ৰস্ততা বাবে আৰু প্ৰতিশোধ হিচাপে তেওঁলোকে ৰাতি বসবাস কৰা ঘৰৰ কোঠাবোৰত ঘূৰি ফুৰে আৰু নিজৰ অৱহেলাৰ বাবে জোৰেৰে বিলাপ কৰে। নতুবা তেওঁলোকে আন চুকুমোগামিৰ সৈতে সাক্ষাৎ কৰি কোলাহলপূৰ্ণ পাৰ্টি কৰে বা ঘৰৰপৰা ওলাই আন কাৰোবাৰ সন্ধানত ঘূৰি ফুৰে, যাৰ লগত তেওঁলোকে সহানুভূতিশীল হৈ থাকিব পাৰে।১২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিবা-বকুবকু” প্ৰবন্ধৰ সংশোধন ৫৭৬৮৭৩ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।