শম্মা জৈন (: Shamma Jain জন্ম ১৯৫৯) এগৰাকী জ্যেষ্ঠ ভাৰতীয় কূটনীতিবিদ। তেওঁ ২০১৭ চনৰ জুন১ ৰ পৰা ২০১৯ চনৰ অক্টোবৰ মাহলৈকে গ্ৰীচত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২ ২০০৮ চনৰ পৰা ২০১১ চনলৈকে তেওঁ পানামা, কোষ্টা ৰিকা,নিকাৰাগুয়া,৩ আইভৰি কোষ্ট, লাইবেৰিয়া, ছিয়েৰা লিয়ন আৰু গিনিত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।৪ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও জৈনে অন্যান্য উচ্চ পৰ্যায়ৰ কূটনৈতিক ভূমিকা পালন কৰিছে, য'ত ইটালী আৰু ছান মেৰিনোত ভাৰতৰ উপ-ৰাষ্ট্ৰদূত,৫ আমেৰিকাত ৰাজনৈতিক পৰামৰ্শদাতা আৰু পেৰিছত ইউনেস্ক'ত ভাৰতৰ স্থায়ী প্ৰতিনিধি দল হিচাপেও আছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
শম্মা জৈনে জম্মু আৰু কাশ্মীৰৰ জম্মুত জন্মগ্ৰহণ কৰিছিল। তেওঁ জম্মু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰীৰ পৰীক্ষাত চ্যান্সেলৰৰ স্বৰ্ণ পদক লাভ কৰে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনশাস্ত্ৰ আৰু ৰাজনীতিবিজ্ঞান শাখাত ডাবল স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ৬ইয়াৰ উপৰিও ইউ জি চিৰ সন্মানীয় ফেল’শ্বিপ অৰ্জন কৰিছিল।
কৰ্ম জীৱন
১৯৮৩ চনত জৈনে ভাৰতীয় বৈদেশিক সেৱাৰ সৈতে কূটনৈতিক কৰ্মজীৱন আৰম্ভ কৰে।৭ পানামাত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ নেতৃত্ব দিছিল। সন্ত্ৰাসবাদ বিৰোধী কূটনীতিৰ সৈতে জড়িত সকলো বিষয়ৰ তদাৰক কৰিছিল আৰু নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নীতি পৰিকল্পনা আৰু গৱেষণা বিভাগৰ নেতৃত্ব দিছিল।৮ ৰাষ্ট্ৰদূত জৈনে ভাৰতৰ আটাইতকৈ পুৰণি বৈদেশিক নীতিৰ চিন্তাধাৰা ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ যুটীয়া সম্পাদক হিচাপেও কাম কৰিছিল।৯
জৈন প্ৰথমে ইটালীৰ ৰোমত থকা ভাৰতৰ দূতাবাসৰ উপ-ৰাষ্ট্ৰদূত আৰু মিছনৰ উপ-মুখ্য হিচাপে আছিল।১০ তেওঁ পেৰিছত ইউনেস্কোৰ ভাৰতীয় প্ৰতিনিধি দলৰ প্ৰথম সচিব হিচাপেও কাম কৰিছিল। ইয়াৰ লগতে ১৯৯৭ চনৰ পৰা ২০০১ চনলৈকে ৱাশ্বিংটন ডি চিৰ ভাৰতৰ দূতাবাসত ৰাজনৈতিক পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল, য'ত তেওঁ আমেৰিকা আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক ৰাজনৈতিক আৰু কৌশলগত সম্পৰ্কৰ বাবে দায়বদ্ধ আছিল।১১
২০০৩ চনৰ পৰা ২০০৫ চনলৈকে তেওঁ ফিলিপাইনছৰ মেনিলাত মিছনৰ উপ-মুখ্য আৰু চাৰ্জ ডি এফেয়াৰ্ছ হিচাপে কাৰ্যনিৰ্বাহ কৰে।১২ ইয়াৰ পূৰ্বে তেওঁ দক্ষিণ এছিয়া অঞ্চলত ভাৰতৰ নীতিগত কাৰ্যসূচী আগবঢ়াই নিয়াৰ দায়িত্ব লৈ ছাৰ্কৰ সঞ্চালিকা আছিল। ৰাষ্ট্ৰদূত জৈনে তুৰস্ক আৰু আৰ্জেণ্টিনাতো কূটনৈতিক দায়িত্ব পালন কৰি আহিছে।
ভাৰত আৰু পানামাৰ মাজত দ্বিপাক্ষিক বাণিজ্যক আগুৱাই নিয়াৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰদূত জৈনক ২০১৬ চনৰ ২২ জুলাইত পানামাৰ পশ্চিম প্ৰদেশ চিৰিকিৰ ৰাজধানী ডেভিদ চহৰৰ চাবি প্ৰদান কৰা হয়।১৩
২০০৯ চনত লাইবেৰিয়া বিশ্ববিদ্যালয়ৰ কমেন্সমেণ্টৰ বক্তা হিচাপে ৰাষ্ট্ৰদূত জৈনে ডক্টৰ অৱ লেটাৰ্ছ (অন'ৰিছ ক'ছা) ডিগ্ৰী লাভ কৰে।১৪ ২০০৯ চনৰ ব্ৰিটিছ ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজিৰ স্নাতক শ্ৰেণীৰ কমাঞ্চমেণ্ট স্পীকাৰ হিচাপেও কাম কৰিছিল। তেওঁৰ এজন ঈশান নামৰ পুত্ৰ আছে।
লগতে চাওক
- চৈয়দ আকবৰুদ্দিন
তথ্যসূত্ৰ
- ↑ (29 June 2017). Shamma Jain appointed Indian envoy to Greece. Business Standard
- ↑ (5 October 2019). Shri Amrit Lugun appointed new Ambassador of India to Greece
- ↑ CII Interactive Session. Confederation of Indian Industry
- ↑ Embassy of India in Ivory Coast. Ministry of External Affairs
- ↑ Rapporti Esterni: FVG-India, Visita Ambasciatore in Regione. Regione Autonoma Friuli Venezia Giulia
- ↑ Center for African Studies. JNU
- ↑ Shamma Jain appointed as the next Ambassador of India to Panama. Ministry of External Affairs
- ↑ MEA Organization. Ministry of External Affairs
- ↑ MEA Moves its Men, Post-Haste. Indian Express
- ↑ (2008). Shamma Jain appointed next Ambassador to Cote d'Ivoire. UNI
- ↑ Conseil Exécutif – 140th Session. UNESCO
- ↑ (2008). ASEAN Regional Forum on Counter-Terrorism. দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন
- ↑ (12 June 2016). Ambassador Shamma Jain is honored with key to the City of David. Embassy of India, Panama
- ↑ (2009). Liberia: UL Releases Itinerary For Its 87th Graduation Indian Envoy To Serve As Commencement Speaker. allAfrica.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শম্মা জৈন” প্ৰবন্ধৰ সংশোধন ৬১৩০৬৪ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।