অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লোহিত দত্ত বৰুৱা

লোহিত দত্ত বৰুৱা ( Lohit Dutta Baruah) আমেৰিকাৰ হিউষ্টন চহৰত বাস কৰা এগৰাকী প্ৰবাসী অসমীয়া। ইংৰাজী আৰু অসমীয়া ভাষাত ৰচনা কৰা কেইবাখনো গ্ৰন্থৰ উপৰি তেওঁ অসমৰ অধুনা প্ৰচলিত একাধিক আগশাৰীৰ আলোচনীত সমসাময়িক আৰু সামাজিক-সাংস্কৃতিক বিষয়ক প্ৰবন্ধ লিখিছিল।

হালনাগাদ: ১১ নৱেম্বৰ ২০২৪ ৩৬২ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

লোহিত দত্ত বৰুৱা ( Lohit Dutta Baruah) আমেৰিকাৰ হিউষ্টন চহৰত বাস কৰা এগৰাকী প্ৰবাসী অসমীয়া। ইংৰাজী আৰু অসমীয়া ভাষাত ৰচনা কৰা কেইবাখনো গ্ৰন্থৰ উপৰি তেওঁ অসমৰ অধুনা প্ৰচলিত একাধিক আগশাৰীৰ আলোচনীত সমসাময়িক আৰু সামাজিক-সাংস্কৃতিক বিষয়ক প্ৰবন্ধ লিখিছিল। সৰুতে ঘাটমাউৰা হোৱা দত্তবৰুৱাই মাতৃৰ ফালৰ আইতাকৰ তত্ত্বাৱধানতে ডাঙৰ হৈছিল আৰু তেওঁকেই নিজৰ মাক বুলি ভাবিছিল। তেওঁ নিজ সন্তানক ব্ৰহ্মপুত্ৰত দলিয়াই নিজেও সপৰিবাৰে আত্মহত্যা কৰা খগেশ্বৰ দত্ত বৰুৱাৰ পুত্ৰ, যি মৃত পিতৃৰ অলক্ষিতে নাৱৰ বুকুত ৰৈ গৈছিল; তেতিয়া তেওঁৰ বয়স আছিল আনুমানিক প্ৰায় তিনিমাহ।

জন্ম আৰু শিক্ষা

লোহিত দত্ত বৰুৱাৰ জন্মৰ সঠিক তাৰিখ জনা নাযায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ পানীকেঁচুৱা। পিতৃ খগেশ্বৰ দত্ত বৰুৱা এগৰাকী বিজ্ঞান শিক্ষক আৰু কবি আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোৱা আৰ্থিক নাটনিৰ বাবেই সম্ভৱ তেওঁ সপৰিয়ালে ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা কৰে। কিন্তু নাৱৰ বুকুতে এৰি যায় তেওঁলোকৰ তিনি কি চাৰিমহীয়া সন্তান এটি। পিছত নাৱৰ বুকুত কেঁচুৱাৰ কান্দোন শুনি মুছলমান সম্প্ৰদায়ৰ এজন মাছমৰীয়াই শিশুটি উদ্ধা কৰে। পিছত শিশুটি মাতৃৰ ফালৰ ককাক-আইতাকে বিচাৰি পাই তুলি-তালি ডাঙৰ দীঘল কৰে। এই শিশুটিয়েই আছিল লোহিত দত্ত বৰুৱা।১

কৰ্মজীৱন

লোহিত দত্ত বৰুৱা ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰ হিচাপে অইল ইণ্ডিয়াৰ চাকৰিত যোগদান কৰে। পিছত উচ্চ শিক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাবলৈ লিয়েন নিদিয়াত তেওঁ অইলৰ চাকৰি ত্যাগ কৰি আমেৰিকালৈ যায়। পৰৱৰ্তীকালত আমেৰিকাৰ হিউষ্টনৰ “ইউনাইটেড টেক্সাছ ট্ৰেন্সমিছন কোম্পানী’’ত যোগ দিয়ে আৰু অৱসৰলৈ সেই কোম্পানীতে কাম কৰি আছিল।১

সাহিত্য কৃতি

দত্তবৰুৱাই ইংৰাজী আৰু অসমীয়া ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ উপৰি প্ৰান্তিক, গৰিয়সী আদি আলোচনী আৰু বাতৰি কাকতত নিবন্ধ লিখিছিল। তেওঁ লিখা পুথিসমূহ:-

ইংৰাজী ভাষাত

  1. My Random Thoughts (পূৰ্বায়ন প্ৰকাশন) ২০২২
  2. Learning Assamese Language:A Brief Handbook (স্পন্দন প্ৰকাশন) ২০২১২
  3. Wanderlust (স্পন্দন প্ৰকাশন) ২০১৫
  4. One Long Journey, (Abington house,USA) ২০১৯৩
  5. Color of Life, (PublishAmerica, USA) ২০০৪
  6. A View Through My Window,(PublishAmerica, USA) ২০০৪
  7. Natural Gas Measurement & Control (McGraw Hill Publishing USA) ১৯৯১৪
  8. Digital Computer: Repair and Maintenance (Tata McGraw Hill Co. New Delhi) ১৯৯৮

অসমীয়া ভাষাত

  1. বহু ছবি বহু ৰং: জীৱনৰ সমাজৰ (স্পন্দন প্ৰকাশ) ২০২৪
  2. আমেৰিকাৰ চিঠি (স্পন্দন প্ৰকাশ) ২০১৮
  3. এৰাবাটৰ সুৰ (স্পন্দন প্ৰকাশ) ২০১৮
  4. নীলকণ্ঠৰ আৰু এমুঠি লিখা (স্পন্দন প্ৰকাশ) ২০১৮
  5. নীলকণ্ঠৰ এমুঠি গল্প আৰু কবিতা (স্পন্দন প্ৰকাশ) ২০১৩
  6. বিভিন্ন ৰহণ (সুভদ্ৰা প্ৰকাশন) ২০০৫
  7. যাত্ৰাৰ শেষ নাই ( মণিকূট প্ৰকাশ) ২০২৪

সামাজিক কৰ্ম

দত্ত বৰুৱাই বিদেশত থাকিও অসমৰ কল্যাণৰ বাবে কিছু কাম কৰিছিল। তেওঁ অসম শিশু কল্যাণ সদনক তেওঁ আইতাক সুভদ্ৰা মজুমদাৰৰ সোঁৱৰণত প্ৰায় ১০ লাখ টকাৰে ৬ কিলোৱাট আৰু ৪ কিলোৱাটৰ দুটা সৌৰশক্তি উৎপাদন পেনেল, চাৰিটা ইলেক্ট্ৰনিক ৱাটাৰ হিটাৰ আৰু ৯টা চ’লাৰ ষ্ট্ৰীট লাইট যোগান ধৰিছিল।৫ গুৱাহাটীৰ পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ককাক বিহুৰাম মজুমদাৰ আৰু আইতাক সুভদ্ৰা মজুমদাৰৰ সোঁৱৰণত এটা পুথিভঁৰাল নিৰ্মাণ কৰে।

মৃত্যু

২ নৱেম্বৰ ২০২৪ত তেওঁৰ আমেৰিকাৰ হিউষ্টনত আকস্মিক বিয়োগ ঘটে।

তথ্যসূত্ৰ

  1. ↑ বৰা, লক্ষ্মীনন্দন. (১৯৯১). সীমাৰ পৰিধি ভাঙি. প্ৰান্তিক. পৃ. ১৬
  2. ↑ দাস, কুমুদ ৰঞ্জন. (২০২৪). অসমীয়া ভাষাৰ গুৰুত্ব আৰু দিজিটেল স্কুল অফ দিল্লীৰ পদক্ষেপ. অসমীয়া খবৰ
  3. ↑ www.twistandtwain.com/book-reviews/one-long-jour
  4. ↑ books.google.co.in/books/about/Natural_Gas_Measu
  5. ↑ (২০১৯-২০). বাৰ্ষিক প্ৰতিবেদন. অসম শিশু কল্যাণ সদন. পৃ. ২৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোহিত দত্ত বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৪৩৮৮৫ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।