অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লৰা বেনে

লৰা বেনে (ইংৰাজী: Laura Beyne; জন্ম: ২৫ মে’ ১৯৯২) এগৰাকী বেলজিয়ান টিভি ঘোষিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ বেলজিয়াম ২০১২ ৰ মুকুট লাভ কৰিছিল। তেওঁ ২০১২ চনৰ মিছ ইউনিভাৰ্ছ আৰু মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

লৰা বেনে (ইংৰাজী: Laura Beyne; জন্ম: ২৫ মে’ ১৯৯২) এগৰাকী বেলজিয়ান টিভি ঘোষিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ বেলজিয়াম ২০১২ ৰ মুকুট লাভ কৰিছিল। তেওঁ ২০১২ চনৰ মিছ ইউনিভাৰ্ছ আৰু মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।১ ইয়াৰ উপৰি তেওঁ এগৰাকী টেলিভিছন ঘোষিকা আৰু বেলজিয়ান টিভি শ্ব’ প্লেচ ৰয়েল আৰু প্লাগ পিপলৰ আঁতধৰোঁতা হিচাপে কাম কৰিছে।২

প্ৰাৰম্ভিক জীৱন

বেনেৰ জন্ম ব্ৰাছেলছত হৈছিল। তেওঁ ইংৰাজী, ফৰাচী আৰু ওলন্দাজ ভাষা ক’ব পাৰে। তেওঁৰ পিতৃ বেলজিয়ান আৰু মাতৃ কংগোদেশীয়।৩

মিছ বেলজিয়াম ২০১২

২০১২ চনৰ ৮ জানুৱাৰীত নক-হেইষ্টৰ কেচিনো ডি নকত অনুষ্ঠিত এক অনুষ্ঠানত জাষ্টিন ডি জংকিয়েৰে (মিছ বেলজিয়াম ২০১১) লৰা বেনেক মিছ বেলজিয়াম ২০১২ ৰ মুকুট পিন্ধায়। বেনেয়ে ২০১২ চনৰ ১৮ আগষ্টত ইনাৰ মংগোলিয়াৰ অৰ্ডোচত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ২০১২ প্ৰতিযোগিতাত বেলজিয়াক প্ৰতিনিধিত্ব কৰিছিল।৪৫ তেওঁ আছিল মিছ বেলজিয়াম খিতাপ জয় কৰা দ্বিতীয়গৰাকী কৃষ্ণাংগ ব্যক্তি।৬

মিছ ইউনিভাৰ্ছ ২০১২

বেনেয়ে লছ ভেগাছত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ২০১২ প্ৰতিযোগিতাত বেলজিয়াক প্ৰতিনিধিত্ব কৰিছিল।৭

টেলিভিছন কেৰিয়াৰ

২০২০ চনৰ ফেব্ৰুৱাৰীত তেওঁ বেলজিয়ান টিভি ষ্টেচন আৰটিএল-টিভিআইত হুইটনী হিউষ্টনৰ ওপৰত আধাৰিত ‘হুইটনী, মাই আইডল’ নামৰ এটা অনুষ্ঠানৰ আঁত ধৰিছিল।৮ টিভি ঘোষিকা হিচাপে এয়া আছিল তেওঁৰ প্ৰথম কাম।৯

২০২১ চনৰ জুন মাহত তেওঁ ‘প্লেচ ৰয়েল’ নামৰ টিভি শ্ব’টোৰ সহ-ঘোষিকা হিচাপে যোগদান কৰে।১০১১ তেওঁৰ প্ৰথমটো খণ্ডৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁ ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ বাবে শ্বুটিং কৰিব পৰা নাছিল, সেয়েহে সেই খণ্ডটোত কেৱল তেওঁৰ কণ্ঠস্বৰহে ব্যৱহাৰ কৰা হৈছিল।১২১৩

২০২১ চনৰ নৱেম্বৰত ঘোষণা কৰা হৈছিল যে তেওঁ ‘প্লাগ পিপল’ নামৰ এটা বেলজিয়ান টিভি শ্ব’ৰ ঘোষিকা হ’ব।১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2019-11-14). Laura Beyne dévoile les secrets de sa beauté lors d'une séance photo très sexy en Tunisie. sudinfo.be
  2. ↑ (2021-03-02). Thomas de Bergeyck et Laura Beyne, le nouveau duo de «Place Royale». sudinfo.be avec Ciné-Télé-Revue
  3. ↑ Goff, Keli. (November 8, 2013). Black Beauty Queens Have Broken Barriers. The Root
  4. ↑ Miss Belgium 2012, Laura Beyne. Beauty Contest Update
  5. ↑ Cinetele Revue
  6. ↑ Black History Month: Europe's Black Legacy. BET
  7. ↑ Tuner
  8. ↑ (2019-12-21). La superbe Laura Beyne est notre mère Noël: l'animatrice de RTL-TVI et ancienne Miss Belgique se confie. sudinfo.be avec Ciné-Télé-Revue
  9. ↑ (2020-02-01). Laura Beyne: «Whitney, mon idole». www.lavenir.net
  10. ↑ (2021-06-17). Laura Beyne absente du prochain «Place royale»: elle est atteinte du coronavirus. sudinfo.be avec Ciné-Télé-Revue
  11. ↑ (2021-03-20). "Place Royale": ce que Laura Beyne va apporter au magazine des têtes couronnées. DH Les Sports +
  12. ↑ (2021-06-21). Pourquoi Laura Beyne sera absente du prochain "Place Royale". DH Les Sports +
  13. ↑ Laura Beyne absente du prochain «Place royale»: elle est atteinte du coronavirus. www.sudinfo.be
  14. ↑ (2021-11-10). Laura Beyne présente « Plug People »: la 1re émission sera consacrée aux Spice Girls. sudinfo.be avec Ciné-Télé-Revue

সম্পৰ্কিত শ্ৰেণী

সৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৰা বেনে” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৩২ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।