অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লৰিন ঈগল

লৰিন ঈগল (ইংৰাজী: Lauryn Eagle; জন্ম: ১১ ডিচেম্বৰ ১৯৮৭) এগৰাকী অষ্ট্ৰেলিয়ান পেছাদাৰী বক্সাৰ আৰু ৱাটাৰ স্কীয়িং চেম্পিয়ন। তেওঁ ৰিয়েলিটি টেলিভিছন শ্ব’ দ্য চেলিব্ৰিটি এপ্ৰেণ্টিছ অষ্ট্ৰেলিয়াৰ এগৰাকী প্ৰতিযোগী আছিল আৰু ২০০৪ চনৰ প্ৰাক্তন মিছ টিন ইণ্টাৰনেচনেল বিজয়ী।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২২৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

লৰিন ঈগল (ইংৰাজী ভাষা: Lauryn Eagle; জন্ম: ১১ ডিচেম্বৰ ১৯৮৭) এগৰাকী অষ্ট্ৰেলিয়ান পেছাদাৰী বক্সাৰ আৰু ৱাটাৰ স্কীয়িং চেম্পিয়ন।১ তেওঁ ৰিয়েলিটি টেলিভিছন শ্ব’ দ্য চেলিব্ৰিটি এপ্ৰেণ্টিছ অষ্ট্ৰেলিয়াৰ এগৰাকী প্ৰতিযোগী আছিল২ আৰু ২০০৪ চনৰ প্ৰাক্তন মিছ টিন ইণ্টাৰনেচনেল বিজয়ী।

প্ৰাৰম্ভিক জীৱন

ঈগলৰ জন্ম নিউ চাউথ ৱেলছৰ ৰেণ্ডউইকত হৈছিল। তেওঁ পিটাৰ আৰু কেৰী ঈগলৰ কন্যা। ঈগল এটা ৱাটাৰ স্কীয়িং পৰিয়ালৰ সন্তান আছিল: তেওঁৰ পিতৃ-মাতৃ দুয়ো স্কীয়াৰ আছিল, পিতৃ পিটাৰ ১০বাৰৰ অষ্ট্ৰেলিয়ান ৱাটাৰ স্কীয়িং চেম্পিয়ন আছিল আৰু তেওঁৰ ভগ্নী ছাৰাহে ২০০৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপত দ্বিতীয় স্থান লাভ কৰিছিল। ঈগলে চাৰি বছৰ বয়সতে প্ৰথম স্কী কৰিবলৈ শিকিছিল আৰু ন বছৰ বয়সৰপৰা দৌৰত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। যেতিয়া তেওঁৰ বয়স ২০ বছৰ আছিল, তেতিয়া ছুপাৰবোট গ্ৰেণ্ড প্ৰিক্সলৈ যোৱাৰ পথত চিডনী হাৰ্বাৰত তেওঁৰ পিতৃৰ স্পীডবোটখন ওলোটাই দুৰ্ঘটনাগ্ৰস্ত হোৱাত পিতৃৰ মৃত্যু হয়।৩

ৱাটাৰ স্কীয়িং

২০০৩ চনত ঈগলে জুনিয়ৰ ডিভিজনত দ্বিতীয় স্থান লাভ কৰিছিল আৰু ইয়াৰ পিছৰ ২০০৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ এফ২ শ্ৰেণীত মহিলা ডিভিজনৰ খিতাপ জয় কৰিছিল। ২০০৬ চনত তেওঁ ১৯ বছৰৰ অনুৰ্ধৰ অষ্ট্ৰেলিয়ান স্পীড চেম্পিয়নশ্বিপ আৰু অষ্ট্ৰেলিয়ান মাৰাথন চেম্পিয়নশ্বিপত জয়লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ২০০৭ চনৰ মে’ মাহত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ ফৰ্মুলা ১ ডিভিজনত তৃতীয় স্থান লাভ কৰে।৪ ২০০৮ চনত পিতৃৰ মৃত্যুৰ কিছুসময়ৰ পাছতে তেওঁ দৌৰৰপৰা অৱসৰ লয়।৫ ২০০৯ চনত লৰিনে পুনৰ দৌৰলৈ উভতি আহে আৰু ২০০৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপত তৃতীয় স্থান লাভ কৰে। ২০১১ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ তৃতীয়টো দৌৰত তেওঁ গুৰুতৰভাৱে পৰি যোৱাৰ পাছত সপ্তম স্থান লাভ কৰিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (17 July 2012). Lauryn Eagle. The Daily Telegraph
  2. ↑ (2 May 2012). Lauryn Eagle on the behaviour and ego of Celebrity Apprentice co-contestant Tania Zaetta. The Courier-Mail
  3. ↑ Duff, Eamonn; Walker, Frank; Gilmore, Heath. (9 March 2008). Tragedy haunts family. The Sydney Morning Herald
  4. ↑ International Water Ski Federation IWSF Titles and Medal List. Iwsf.com
  5. ↑ Eagle Won't Race Again. The Daily Telegraph

সম্পৰ্কিত শ্ৰেণী

মল্লযোদ্ধা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৰিন ঈগল” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৩৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।