ল’লেথা ইলেইন ফালানা (ইংৰাজী ভাষা: Lola Falana; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৪২), তেওঁৰ মঞ্চনাম লোলা ফালানা নামেৰেই অধিক পৰিচিত, এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন গায়িকা, নৃত্যশিল্পী আৰু অভিনেত্ৰী। ১৯৭৫ চনত ডক্টৰ জাজ নামৰ সংগীতানুষ্ঠানত এডনা মে শ্বেৰিদানৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ মিউজিকেলৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ টনী বঁটাৰ বাবে মনোনীত হৈছিল।১
প্ৰাৰম্ভিক জীৱন
লোলা ফালানাৰ জন্ম হৈছিল নিউ জাৰ্ছীৰ কেমডেনত। তেওঁ ৱেল্ডাৰ বেনেট আৰু দৰ্জী ক্লিঅ' ফালানাৰ (১৯২১–২০১০) ছয়টি সন্তানৰ ভিতৰত তৃতীয়গৰাকী আছিল।২ ফালানাৰ পিতৃ এগৰাকী এফ্ৰো-কিউবান আছিল।৩ তেওঁ কিউবাৰপৰা আহি আমেৰিকাৰ মেৰিন ক'ৰ্পছত সেৱা আগবঢ়াইছিল আৰু ফালানাৰ আফ্ৰিকান-আমেৰিকান মাতৃক লগ পোৱাৰ অলপ পাছতে এগৰাকী ৱেল্ডাৰ হিচাপে কামত যোগদান কৰিছিল।৩ তিনি বছৰ বয়সৰপৰাই ফালানাই নৃত্য কৰিছিল আৰু পাঁচ বছৰ বয়সত তেওঁ গীৰ্জাৰ গায়কদলত গীত গাবলৈ লৈছিল। ১৯৫২ চনত ফালানাৰ পৰিয়ালটো পেন্সিলভেনিয়াৰ ফিলাডেলফিয়ালৈ স্থানান্তৰিত হয়। জুনিয়ৰ হাইস্কুলত পঢ়ি থকা সময়ছোৱাত ফালানাই নাইট ক্লাববোৰত নৃত্য প্ৰদৰ্শন কৰিছিল য’ত তেওঁৰ মাতৃয়ে সংগ দিছিল। সংগীতৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়াটো তেওঁৰ বাবে ইমানেই গুৰুত্বপূৰ্ণ হৈ পৰিছিল যে পিতৃ-মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে গৈ তেওঁ স্নাতক ডিগ্ৰী লাভৰ কেইমাহমান আগতেই জাৰ্মানটাউন হাইস্কুল ত্যাগ কৰি নিউয়ৰ্ক চহৰলৈ গুচি গৈছিল।
ব্যক্তিগত জীৱন
প্ৰেমৰ সম্পৰ্ক আৰু বিবাহ
১৯৬৫ চনৰপৰা ১৯৬৮ চনৰ ভিতৰত কোনো এক সময়ত ফালানাৰ তেওঁৰ তেতিয়াৰ গুৰু ছেমি ডেভিছ জুনিয়ৰৰ সৈতে এক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। ডেভিছে তেওঁৰ তেতিয়াৰ পত্নী মে ব্ৰিটৰ ওচৰত এই কথা স্বীকাৰ কৰাৰ পাছত এয়া ৰাজহুৱা হৈ পৰিছিল, যাৰ পৰিণতিত ১৯৬৮ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।৪
১৯৭০ চনত ফালানাই জনপ্ৰিয় আৰ এণ্ড বি (R&B) আৰু চউল মিউজিকেল বেণ্ড টাভাৰেছৰ পাঁচ ভাতৃৰ অন্যতম ফেলিকিয়ানো "বাচ" টাভাৰেছ জুনিয়ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়; ১৯৭৫ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।
স্বাস্থ্যজনিত সমস্যা
১৯৮৭ চনৰ জুন মাহত ফালানা মাল্টিপল স্ক্লেৰ’ছিছ ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হয়।৩ তেওঁৰ শৰীৰৰ বাঁওফাল পক্ষাঘাতগ্ৰস্ত হয়, তেওঁ আংশিকভাৱে অন্ধ হৈ পৰে আৰু তেওঁৰ কণ্ঠস্বৰ তথা শ্ৰৱণ শক্তি ব্যাহত হয়। তেওঁৰ আৰোগ্য লাভৰ বাবে ডেৰ বছৰ সময় লাগিছিল আৰু এই সময়ছোৱাৰ বেছিভাগ অংশই তেওঁ প্ৰাৰ্থনা কৰি কটাইছিল। ফালানাই তেওঁৰ আৰোগ্যৰ আঁৰত এক আধ্যাত্মিক অভিজ্ঞতা আছে বুলি বিশ্বাস কৰে, যাক তেওঁ "প্ৰভুৰ উপস্থিতি অনুভৱ কৰিবলৈ সক্ষম হোৱা" বুলি বৰ্ণনা কৰিছে।৩ ১৯৮৮ চনত ফালানাই কেথলিক ধৰ্ম গ্ৰহণ কৰে।৩ যদিও তেওঁ ১৯৮৭ চনত লাছ ভেগাছৰ অনুষ্ঠানত পুনৰ অংশগ্ৰহণ কৰিছিল, ধৰ্মীয় অনুশীলন আৰু বিশ্বাস তেওঁৰ জীৱনৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ১৯৯৬ চনত পুনৰ মাল্টিপল স্ক্লেৰ’ছিছত আক্ৰান্ত হোৱাৰ পিছত ফালানা ফিলাডেলফিয়ালৈ উভতি আহে আৰু কিছুদিন পিতৃ-মাতৃৰ সৈতে বসবাস কৰে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Doctor Jazz (Broadway, Winter Garden Theatre, 1975). Playbill
- ↑ (2010). CLEO F. TWINE. Legacy
- ↑ Tia Williams. (August 18, 2011). Vintage Vamp: Showgirl Lola Falana. Essence
- ↑ (January 9, 1969). May Britt Keeps Kids, Divorces Sammy Davis Jr.. Jet
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোলা ফালানা” প্ৰবন্ধৰ সংশোধন ৫৯৬৭২৩ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।