অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শঙ্কু মহাৰাজ

শঙ্কু মহাৰাজ (৭ মাৰ্চ ১৯৩১ - ১৮ অক্টোবৰ ২০০৪; প্ৰকৃত নাম জ্যোতিৰ্ময় ঘোষদস্তিদাৰ) হ'ল বাংলা সাহিত্যৰ সুপৰিচিত ভ্ৰমণকাহিনী লেখক।

হালনাগাদ: ৬ অক্টোবৰ ২০২৪ ২৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শঙ্কু মহাৰাজ (৭ মাৰ্চ ১৯৩১ - ১৮ অক্টোবৰ ২০০৪; প্ৰকৃত নাম জ্যোতিৰ্ময় ঘোষদস্তিদাৰ) হ'ল বাংলা সাহিত্যৰ সুপৰিচিত ভ্ৰমণকাহিনী লেখক।১

জন্ম আৰু শিক্ষা জীৱন

১৯৩১ চনৰ ৭ মাৰ্চত বৰ্তমানৰ বাংলাদেশৰ বৰিশালত শঙ্কু মহাৰাজৰ জন্ম। পিতৃৰ নাম হৰিপদ ঘোষদস্তিদাৰ। বিদ্যালয় শি‍ক্ষা স্থানীয় ব্ৰজমোহন বিদ্যালয়ত আৰু কলেজীয়া শি‍ক্ষা আৰম্ভ হয় ব্ৰজমোহন কলেজত। দেশ বিভাজনৰ পিছত তেওঁ কলিকতালৈ গুচি আহে‍ আৰু কলিকতাৰ বঙ্গবাসী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত কলকাতাৰ এটা ট্ৰেডিং অফিচত চাকৰি কৰিবলৈ লয়। তাৰ পিছত ১৯৬০ চনৰ পৰা ১৯৮৮ চনলৈকে‍ চৰকাৰী কাৰ্যালয়ত কৰ্মৰত আছিল। কিন্তু ব্যক্তিগত জীৱনত তেওঁ আছিল এজন পৰ্বতাৰোহী। তেওঁ বহুবাৰ হিমালয়লৈ গৈছে। আগতে তেওঁ ট্ৰেকিং কৰিবলৈ গৈছিল। ১৯৯০ চনৰ পৰা ১৯৯৬ চনলৈকে‍ তেওঁ পশ্চিমবংগ পৰ্যটন উন্নয়ন নিগমৰ মনোনীত সদস্য আছিল।

সাহিত্যকৰ্ম

শঙ্কু মহাৰাজে‍ তেওঁৰ উৎকৃষ্ট ৰচনাৰে বাংলা ভাষাৰ ভ্ৰমণ সাহিত্যক সমৃদ্ধ কৰিছে। দীৰ্ঘ সাতাইশ বছৰীয়া সাহিত্যক জীৱনত তেওঁ চল্লিশতকৈও অধিক ভ্ৰমণ-সাহিত্য ৰচনা কৰে। তেওঁৰ ভ্ৰমণ কাহিনীৰ প্ৰথমখন গ্ৰন্থ হৈছে বিগলিত কৰুণা জাহ্নৱী যমুনা। তেওঁৰ হিমালয়কেন্দ্ৰিক ভ্ৰমণ কাহিনীৰ সংখ্যা পোন্ধৰটা। তাৰে অন্তিমখন হ্'ল ব্ৰহ্মলোক।

ৰচনাসম্ভাৰ

শঙ্কু মহাৰাজৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল – ২

  • 'বিগলিত কৰুণা জাহ্নবী যমুনা'
  • 'হিমালয়'(৫ টি খণ্ড)
  • 'শঙ্কু মহাৰাজেৰ শ্ৰেষ্ঠ গল্প'
  • 'ত্ৰিপুৰা-তীৰ্থে '
  • 'ভ্ৰমণে ভাৰত' (উত্তৰ-পূৰ্ব পৰ্ব)
  • 'দখিন-দেশে'
  • 'দেশেৰ মাটি'
  • 'গজমোতি গোয়া'
  • 'এক ফৰাশী নগৰে‍'
  • 'মায়াময় মেঘালয় '(অখণ্ড)
  • 'মধুবৃন্দাবনে'(অখণ্ড)
  • 'বৈষ্ণোদেবীৰ দৰবাৰে‍'
  • 'বেলজিয়াম থেকে বাভেৰি‍য়া'
  • 'উৰ্বশী এথেন্স'
  • 'যদি গ্ৰহণ না হ'ত'
  • 'কুম্ভমেলায়'
  • 'অমৰতীৰ্থ অমৰনাথ '
  • 'হিমতীৰ্থ হিমাচল'
  • 'ৰাজভূমি ৰাজস্থান'
  • 'পুণ্যতীৰ্থ প্ৰভাস'
  • 'বেলাভূমি লাহূল'
  • 'গঙ্গাযমুনাৰ দেশে'
  • 'ভাঙা দেউলেৰ দেবতা'
  • 'দ্বাৰকা ও প্ৰভাসে'
  • 'অলকাপুৰী আসাম'
  • 'অমৰাবতী আসাম'
  • 'চতুৰঙ্গীৰ অঙ্গনে'
  • 'ব্ৰহ্মলোকে'
  • 'সংহতি: পথে পথে'
  • 'চৰণৰে‍খা'
  • 'গঙ্গাসাগৰ'
  • 'নীল দুৰ্গম'
  • 'তমসাৰ তীৰে‍ তীৰে‍'
  • 'সোণা সুৰা ও সাকী'
  • 'পঞ্চপ্ৰয়াগ'
  • 'যুদ্ধং শৰণং গচ্ছামি'

মৃত্যু

২০০৪ চনৰ ১৮ অক্টোবৰত কলকাতাত শঙ্কু মহাৰাজ ওৰফে জ্যোতিৰ্ময় ঘোষদাস্তিদাৰৰ ৭৩ বছৰ বয়সত মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ অঞ্জলি বসু সম্পাদিত, সংসদ বাঙালি চৰিতাভিধান,দ্বিতীয় খণ্ড, সাহিত্য সংসদ, কলকাতা,জানুয়াৰি ২০১৯, পৃষ্ঠা ৩৬৮-৩৬৯
  2. ↑ দে'জ পাবলিশিং,কলকাতা, জুন ২০১৮

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকবাংলাদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শঙ্কু মহাৰাজ” প্ৰবন্ধৰ সংশোধন ৪৩৫৭৬৮ (৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।