অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শকিলা

শকিলা মহছেনী চেদাঘাট (ফাৰ্চী: شکیلا محسنی صداقت), এককভাৱে শকিলা (ফাৰ্চী: شکیلا; জন্ম ৩ মে', ১৯৬২) নামেৰে পৰিচিত, হৈছে কেলিফৰ্নিয়াৰ ছান ডিয়েগোত বাস কৰা এগৰাকী ইৰানী কণ্ঠশিল্পী আৰু গীতিকাৰ।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩০৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শকিলা মহছেনী চেদাঘাট (ফাৰ্চী ভাষা: شکیلا محسنی صداقت), এককভাৱে শকিলা (ফাৰ্চী: شکیلا; জন্ম ৩ মে', ১৯৬২) নামেৰে পৰিচিত, হৈছে কেলিফৰ্নিয়াৰ ছান ডিয়েগোত বাস কৰা এগৰাকী ইৰানী কণ্ঠশিল্পী আৰু গীতিকাৰ।১ তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পী যিয়ে ফাৰ্চী ভাষা, কুৰ্দী, ইংৰাজী ভাষা, তুৰস্ক, হিন্দী ভাষা আৰু স্পেনীছ ভাষাকে ধৰি বিভিন্ন ভাষাত সংগীত পৰিৱেশন কৰিছে। তেওঁ ২০০৬ চনত ফাৰ্চী সংগীত একাডেমী বঁটা আৰু ২০১৫ চনত গ্ল’বেল মিউজিক এৱাৰ্ড লাভ কৰিছিল।২৩৪ শকিলা ই ফাৰ্চী ভাষাত ২০টাতকৈও অধিক এলবামৰ লগতে ইংৰাজী ভাষাতো বহুকেইটা এলবাম মুকলি কৰিছে। তেওঁ মূলতঃ আধ্যাত্মিকতা, প্ৰেম, শান্তি আৰু জাগৰণৰ বিষয়ে গান গায়। তেওঁৰ গীতৰ কথা ৰুমী আৰু অন্যান্য প্ৰধান কবিসকলৰদ্বাৰা অনুপ্ৰাণিত।৫ ইয়াৰ উপৰি তেওঁ গ্ৰেমী বঁটাৰ এগৰাকী চৰকাৰী ভোটদানকাৰী সদস্য।৬

কৰ্মজীৱন

শকিলা ই মাত্ৰ ন বছৰ বয়সতে তেওঁৰ পেছাদাৰী কৰ্মজীৱন আৰম্ভ কৰিছিল, যেতিয়া তেওঁক এটা ইৰানী দূৰদৰ্শন অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

পৰৱৰ্তী সময়ত তেওঁ ছান ডিয়েগোলৈ স্থানান্তৰিত হয় আৰু তাত থকা পালোমাৰ কলেজত সংগীত অধ্যয়ন কৰে। শকিলা ই ১৯৯০ চনত তেওঁৰ প্ৰথমটো এলবাম কামী বা মান মোদাৰা কোন মুকলি কৰে।৭ তেওঁৰ দ্বিতীয়টো এলবাম গেৰিয়াহ দৰ ৰাগবাৰ ১৯৯২ চনত মুক্তি পাইছিল।৮ ১৯৯৩ চনত শকিলা ই ফাৰ্চী ৰেকৰ্ড লেবেল তাৰানেহ ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হয় আৰু তেওঁৰ তৃতীয়টো এলবাম ঘেইবাটে নুৰ মুকলি কৰে।৯

১৯৯৭ চনৰপৰা ২০০৮ চনলৈ শকিলা ই লছ এঞ্জেলছস্থিত ৰেকৰ্ড লেবেল কেলটেক্স ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হৈ কাম কৰিছিল আৰু তেওঁলোকৰ বেনাৰত আঠটাতকৈও অধিক এলবাম মুকলি কৰিছিল। ২০১৩ চনত শকিলা ই নিজাকৈ ৰেকৰ্ড লেবেল ‘শকিলা এণ্টাৰপ্ৰাইজছ’ প্ৰতিষ্ঠা কৰে। তেওঁ নিজৰ এই ৰেকৰ্ড লেবেলৰ অধীনত ১০টাতকৈও অধিক একক গীত মুকলি কৰিছে।৯

২০১৪ চনত শকিলা ই তেওঁৰ একক গীত ট্ৰেজাৰ উইদিন মুকলি কৰে, যিয়ে বিভিন্ন বিলবোৰ্ড চাৰ্টৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।৯ ২০১৫ চনত তেওঁৰ এলবাম ১১:১১ চিটি অৱ লাভ মুক্তি পায়। এই এলবামটোৱে বিলবোৰ্ডৰ একাধিক চাৰ্টত ৪৩ সপ্তাহতকৈও অধিক সময় ধৰি প্ৰথম স্থান দখল কৰি আছিল।১০ ২০১৬ চনত শকিলা ই তেওঁৰ স্প্লেচিং টিয়াৰ্ছ নামৰ এলবামটো মুকলি কৰে আৰু য়ো কেইবা সপ্তাহ ধৰি বিলবোৰ্ড চাৰ্টৰ শীৰ্ষ স্থানত আছিল।১১১২ শকিলা ই ২০০৬ চনত ফাৰ্চী সংগীত একাডেমী বঁটা আৰু ২০১৫ চনত গ্ল’বেল মিউজিক এৱাৰ্ড লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ হলিউড মিউজিক ইন মিডিয়া এৱাৰ্ডছৰ বাবে দুবাৰকৈ মনোনীত হৈছে।১৩

বঁটা আৰু সন্মান

  • ফাৰ্চী সংগীত একাডেমী বঁটা (২০০৬)
  • গ্ল’বেল মিউজিক এৱাৰ্ডছ (২০২৫)৪
  • হলিউড মিউজিক ইন মিডিয়া এৱাৰ্ডছ দুবাৰকৈ মনোনীত
  • ৱান ৱৰ্ল্ড মিউজিক এৱাৰ্ডছ মনোনীত (২০২৫)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Persian American singer based in California Retrieved December 24, 2016
  2. ↑ دانلود-آهنگ-از-شکیلا Retrieved December 24, 2016
  3. ↑ Persian Traditional Music- Shakila Persian Music Academy Awards Winner Retrieved December 24, 2016
  4. ↑ Global Music Award Winner Retrieved December 24, 2016
  5. ↑ زندگیهشکیلادرسایتآفتاب Retrieved December 24, 2016
  6. ↑ Shakila is an official voting member of Grammy Awards Retrieved December 24, 2016
  7. ↑ Retrieved December 24, 2016
  8. ↑ tag/Shakila-Geryeh-Dar-Ragbar-Traditional Geryeh Dar Ragbar Traditional Retrieved December 24, 2016
  9. ↑ Shakila's discography at Allmusic.com Retrieved December 24, 2016
  10. ↑ [http://www.billboard.com/biz/search/charts?f[0]=ts_chart_artistname%3AShakila&f[1]=ss_bb_type%3Achart_item&type=2&artist=Shakila Billboard Charts]. Billboard
  11. ↑ [http://www.billboard.com/biz/search/charts?f[0]=ss_chart_search_title%3A%22Splashing%20Tears%22&f[1]=itm_field_chart_id%3A353&refine=1 Splashing Tears at the Billboard Charts]. Billboard
  12. ↑ Persian Billboard #1 Artist SHAKILA sings about ocean's mass extinction Retrieved December 27, 2016
  13. ↑ Shakila has received two Hollywood Music in Media Awards nominations Retrieved December 27, 2016

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিগায়িকাগীতিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকিলা” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৩৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।