লৰেন এস্পোচিটো (Lauren Esposito) কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সছৰ এৰাকন’লজী (মকৰা আৰু বিছা সম্পৰ্কীয় বিজ্ঞান) বিভাগৰ সহকাৰী কিউৰেটৰ আৰু শ্লিগাৰ চেয়াৰ। তেওঁ ‘৫০০ কুইয়াৰ চাইণ্টিষ্ট’ নামৰ নেটৱৰ্কটোৰ সহ-প্ৰতিষ্ঠাপক।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
এস্পোচিটোৰ জন্ম আৰু লালন-পালন টেক্সাছৰ এল পাচোত হৈছিল।১ তেওঁ কণীৰ কাৰ্টনত পতংগ সংগ্ৰহ কৰি ৰাখিছিল আৰু তেওঁৰ প্ৰথম শ্ৰেণীৰ বিজ্ঞান প্ৰকল্পটোৱে পাৰৰ ৰঙৰ মেণ্ডেলিয়ান বংশগতি পৰীক্ষা কৰিছিল।১ এস্পোচিটোৱে ২০০৩ চনত টেক্সাছ বিশ্ববিদ্যালয়, এল পাচোৰ পৰা জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।২ আমেৰিকান মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰীত নেচনেল চাইন্স ফাউণ্ডেচনৰ এটা নিযুক্তিৰ সময়ত তেওঁ বৃশ্চিক বা বিছাৰ প্ৰতি আগ্ৰহী হৈ পৰে।১ তেওঁ তেওঁৰ স্নাতকোত্তৰ অধ্যয়নৰ বাবে নিউয়ৰ্কলৈ যায়।২ ২০১১ চনত তেওঁ চিইউএনৱাই গ্ৰেজুৱেট চেণ্টাৰ আৰু আমেৰিকান মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰীৰ (স্কৰ্পিয়ন চিষ্টেম্যাটিক্স ৰিচাৰ্চ লেব) পৰা পিএইচডি সম্পূৰ্ণ কৰে।৩ তেওঁৰ গৱেষণা পত্ৰ "ছিষ্টেম্যাটিক্স এণ্ড বায়’জিঅ’গ্ৰাফী অৱ দ্য নিউ ৱৰ্ল্ড স্কৰ্পিয়ন জিনাছ চেণ্ট্ৰুৰইডছ মাৰ্ক্স, ১৮৯০"-এ বুথিডে গোত্ৰৰ বিছাসমূহৰ বিষয়ে আলোচনা কৰিছিল।৪
গৱেষণা আৰু কৰ্মজীৱন

২০১১ চনত তেওঁ কেৰিবিয়ান বৃশ্চিক বা বিছাসমূহৰ ওপৰত কাম কৰা এজন পষ্টডক্টৰেল গৱেষক হিচাপে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত যোগদান কৰে।১৫ তেওঁ এৰাকনিডৰ (মকৰা আৰু বিছা জাতীয় প্ৰাণী) জীৱ-ভৌগোলিকতাৰ বিষয়ে অধ্যয়ন কৰিছিল।৬ তেওঁ ২০১৫ চনত কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সছত যোগদান কৰে আৰু তেওঁ পৃথিৱীৰ একমাত্ৰ মহিলা বৃশ্চিক বিশেষজ্ঞসকলৰ ভিতৰত এগৰাকী।৭৮৯ তেওঁ কেলিফৰ্ণিয়া একাডেমী অৱ চাইন্সছত বুথিডে বিছাসমূহৰ অধ্যয়ন অব্যাহত ৰাখিছিল।১০১১ তেওঁ সংগ্ৰহিত বৃশ্চিক প্ৰজাতিবোৰৰ ডিজিটাইজেচন কৰে আৰু আনুবংশিক তথ্য সংগ্ৰহ কৰে।৭ তেওঁ পশ্চিম আমেৰিকাৰ নিমখৰ সমভূমিৰ (salt flats) সন্ধিপদী প্ৰাণীবোৰৰ ওপৰতো কাম কৰি আছে।১২ তেওঁৰ বৰ্তমানৰ গৱেষণাত বিছাৰ বিষৰ ক্ৰমবিকাশ আৰু কেৰিবিয়ান দ্বীপপুঞ্জত ইহঁতৰ বিস্তৃতিৰ বিষয়ে আলোচনা কৰা হৈছে।৮ কেন্সাৰ গৱেষণা আৰু ঔষধৰ প্ৰেক্ষাপটত বিছাৰ বিষৰ ব্যৱহাৰৰ বিষয়েও তেওঁ অধ্যয়ন কৰিছে।১৩ ২০১৭ চনত তেওঁ তিনিটা নতুন প্ৰজাতি আৰু দুটা নতুন জিনাছৰ ‘ক্লাব-টেইলড’ বিছা আৱিষ্কাৰ কৰে।১৪১৫১৬১৭ তেওঁ অতিবেঙুনীয়া পোহৰ ব্যৱহাৰ কৰি বিছাবোৰ ধৰা পেলাইছিল যিয়ে ইহঁতৰ দেহত থকা ফ্লুৰোচেণ্ট ৰঞ্জকক উত্তেজিত কৰে।৩১৮ এই নতুন প্ৰজাতিবোৰ Rhopalurus জিনাছৰ অন্তৰ্গত আছিল।১৬ মালয়েছিয়াৰ পেনাং হিলৰ বৰ্ষাৰণ্য জৰীপ কৰি থকাৰ সময়ত এস্পোচিটোৱে এটা নতুন ‘ঘোষ্ট স্কৰ্পিয়ন’ বা ভূত বিছা চিনাক্ত কৰিছিল।১৯২০ ২০১৮ চনত তেওঁ ধৰা পেলাইছিল যে Centruroidinae উপ-পৰিয়ালৰ বিছাবোৰে ফণিৰ দৰে গঠনৰ দ্বাৰা নিজৰ দেহ ঘঁহি এক প্ৰকাৰৰ শব্দ কৰে।২১২২ তেওঁ শ্লেট মেগাজিনক কৈছিল যে বিছাৰ বিষয়ে তেওঁৰ আটাইতকৈ প্ৰিয় তথ্যটো হ’ল— ইহঁতে স্তন্যপায়ী প্ৰাণীৰ দৰে আচৰণ কৰে আৰু পোৱালি জন্ম দিয়ে।২৩২৪
২০১৪ চনত এস্পোচিটোৱে 'আইলেণ্ডছ এণ্ড চিছ' (Islands & Seas) নামৰ এটা অলাভজনক সংস্থাৰ সহ-প্ৰতিষ্ঠা কৰে, যিয়ে মেক্সিকোৰ বাজা কেলিফৰ্ণিয়া চুৰত অৱস্থিত ইয়াৰ ফিল্ড ষ্টেচনত বৈজ্ঞানিক গৱেষণা আৰু শিক্ষাত সহায় কৰে।১০২৫২৬২৭ তেওঁ বাজা কেলিফৰ্ণিয়া আৰু কলম্বিয়া বিশ্ববিদ্যালয়ত শৈক্ষিক কাৰ্যসূচীসমূহ পৰিচালনা কৰে।২৮ তেওঁ বিশ্বজুৰি সিঁচৰিত হৈ থকা LGBTQ+ বিজ্ঞানীসকলৰ এক নেটৱৰ্ক ‘৫০০ কুইয়াৰ চাইণ্টিষ্ট’ৰ সৃষ্টিকৰ্তা।২৯৩০৩১৩২৩৩ আমেৰিকাৰ STEM কৰ্মীসকলৰ মাজত চলোৱা এক জৰীপত যেতিয়া দেখা গ’ল যে ৪০% তকৈও অধিক LGBTQ+ বিজ্ঞানীয়ে তেওঁলোকৰ সহকৰ্মীৰ ওচৰত নিজৰ পৰিচয় মুকলি কৰা নাই, তাৰ পিছতে তেওঁ ‘৫০০ কুইয়াৰ চাইণ্টিষ্ট’ আৰম্ভ কৰিছিল।৩৪৩৫ তেওঁ ‘চাইন্স ফ্ৰাইডে’ আৰু ‘পাব্লিক ৰেডিঅ’ ইন্টাৰনেচনেল’ত অংশগ্ৰহণ কৰিছে।৩৬৩৭ ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক ‘৫০০ কুইয়াৰ চাইণ্টিষ্ট’ পদক্ষেপৰ স্বীকৃতি স্বৰূপ ‘নেচনেল অৰ্গেনাইজেচন অৱ গে এণ্ড লেচবিয়ান চাইণ্টিষ্ট এণ্ড টেকনিকেল প্ৰফেচনেলছ’ (NOGLSTP) এ ৱাল্ট ৱেষ্টমেন বঁটাৰে সন্মানিত কৰে।৩৮ এয়া NOGLSTP-এ কোনো এজন সদস্যক তেওঁলোকৰ লক্ষ্যৰ প্ৰতি দায়বদ্ধতাৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান।৩৯
তথ্যসূত্ৰ
- ↑ Course Instructor: Lauren Esposito. AMNH
- ↑ 2018 SACNAS - The National Diversity in STEM Conference. Cvent
- ↑ (2017-04-07). Three New "Club-tailed" Scorpions Identified. AMNH
- ↑ Esposito, Lauren A.. www.gc.cuny.edu
- ↑ Biodiversity Dynamics on Islands. nature.berkeley.edu
- ↑ Lauren Esposito · California Academy of Sciences. California Academy of Sciences
- ↑ (2015-12-26). World's only female scorpion expert on lookout for new species. SFChronicle.com
- ↑ Lauren Esposito. California Academy of Sciences
- ↑ Chronicle, San Francisco. (2015-09-25). New curator of Arachnology at the California Academy of Sciences
- ↑ California Academy of Sciences. (2018-02-07). The Anomalies: Venom Race · California Academy of Sciences
- ↑ Esposito, Lauren A.; Yamaguti, Humberto Y.; Pinto-da-Rocha, Ricardo. (2018). Plucking with the plectrum: phylogeny of the New World buthid scorpion subfamily Centruroidinae Kraus, 1955 (Scorpiones: Buthidae) reveals evolution of three pecten-sternite stridulation organs. Arthropod Systematics & Phylogeny. পৃ. 87–122
- ↑ The Scorpion Queen - Lauren Esposito. Untamed Science
- ↑ Fimrite, Peter. (November 26, 2018). Bay Area scientist stung by public's perception of scorpions as scary scourge. The San Francisco Chronicle
- ↑ Gorman, James. (4 August 2017). Scorpions Are Ancient, but Some Species Are New to Science. The New York Times
- ↑ Arachnologists Discover Three New Species of Club-Tailed Scorpions · Biology · Sci-News.com. Breaking Science News · Sci-News.com
- ↑ Esposito, Lauren A.; Yamaguti, Humberto Y.; Souza, Cláudio A. (2017-06-26). Systematic revision of the neotropical club-tailed scorpions, Physoctonus, Rhopalurus, and Troglorhopalurus, revalidation of Heteroctenus, and descriptions of two new genera and three new species (Buthidae, Rhopalurusinae). (Bulletin of the American Museum of Natural History, no. 415). Bulletin of the American Museum of Natural History
- ↑ Three new 'club-tailed' scorpions join the tree of life. EurekAlert!
- ↑ (2017-11-09). Scorpions of the Bay Area. The Kid Should See This
- ↑ (2018-01-04). New 'ghost' scorpion among several species recorded for the first time in Malaysian rainforest. news.mongabay.com
- ↑ New species discovered in Malaysian rainforest during unprecedented survey. CanopyMeg - Official Website of Dr. Meg Lowman
- ↑ In Brief · New Scientist. New Scientist
- ↑ Some scorpions can hiss by rubbing themselves with 'sandpaper'. New Scientist
- ↑ Casey, Constance. (2017-08-14). Scorpions Have Been Maligned in the Trump Era. Slate
- ↑ (2017-03-11). 5 Animals That Carry Babies On Their Backs
- ↑ Lauren Esposito x Charles Darwin. Lauren Tabak
- ↑ islands-seas · About. islands-seas
- ↑ Sea & Learn on Saba 2016: "Saba After Dark" with Lauren Esposito and Eric Stiner. Vimeo
- ↑ sea-and-learn-saba · Lauren Esposito. sea-and-learn-saba
- ↑ (2018-06-26). Visibility matters: A conversation with the co-founder of 500 Queer Scientists. Science · AAAS
- ↑ 500 Queer Scientists · Stories. 500 Queer Scientists · Stories
- ↑ Coming Out of the Shadows. 500 Women Scientists
- ↑ Stanislawski, Eliana. (2018-06-21). We're Here, We're Queer, and We Have a Place in Science. Medium
- ↑ (15 June 2018). INTO: A Digital Magazine for The Modern Queer World. www.intomore.com
- ↑ Yoder, Jeremy B.; Mattheis, Allison. (2015-08-04). Queer in STEM: Workplace Experiences Reported in a National Survey of LGBTQA Individuals in Science, Technology, Engineering, and Mathematics Careers. Journal of Homosexuality. পৃ. 1–27
- ↑ They're here. They're queer. They're scientists.. Mother Jones
- ↑ Spider Stories That'll Stick With You - Science Friday. Science Friday
- ↑ Six things you believe about spiders that are totally false. Public Radio International
- ↑ (February 4, 2019). 2019-02-04: NOGLSTP Recognizes Chan, Morales, and Freeman as LGBTQ+ Educator, Engineer, and Scientist of the Year for 2019, Esposito is Walt Westman Awardee. NOGLSTP
- ↑ Mendez, Kelly. (March 14, 2019). Dr. Lauren Esposito honored for 500 Queer Scientists campaign. California Academy of Sciences
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৰেন এস্পোচিটো” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৩৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।