লৰ্ড কেলভিন (ইংৰাজী ভাষা: Lord Kelvin, ২৬ জুন, ১৮২৪–১৯০৭) এগৰাকী গণিতজ্ঞ আৰু প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী। তাপবিজ্ঞান, বিদ্যুৎ বিজ্ঞান, চুম্বকত্ব, বলবিজ্ঞান আদি পদাৰ্থ বিজ্ঞানৰ প্ৰায় সকলো শাখাতে তেওঁ নিজৰ মেধা আৰু দক্ষতা প্ৰদৰ্শন কৰিছিল।১
জন্ম আৰু বংশ পৰিচয়
লৰ্ড কেলভিনৰ পূৰ্বপুৰুষসকল স্কটলেণ্ডৰ বাসিন্দা আছিল। ধৰ্মীয় বিষয় সম্পৰ্কত মতবিৰোধ হোৱাত তেওঁলোক আয়াৰলেণ্ডলৈ আহে। আয়াৰলেণ্ডৰে বেলফাষ্ট চহৰত লৰ্ড কেলভিনৰ জন্ম হয়। তেওঁলোকৰ আঠোটা সন্তানৰ ভিতৰত কেলভিন আছিল দ্বিতীয়। কেলভিনৰ পিতৃৰ নাম আছিলজন টেমচন। সেইসময়ত তেখেত বেলফাষ্টৰ এখন স্কুলৰ শিক্ষক আছিল। লৰ্ড কেলভিনৰ প্ৰকৃত নাম আছিল উইলিয়াম টেমচন। উইলিয়াম টেমচনৰ পৰা লৰ্ড কেলভিন হোৱাৰ সম্পৰ্কত শিৱনাথ বৰ্মনৰ “বিশ্বৰ বৰেণ্য বিজ্ঞানী” গ্ৰন্থত এনেদৰে পোৱা যায়—১
তেওঁৰ পিতৃ-মাতৃয়ে দিয়া নাম আছিল উইলিয়াম টমচন। ১৮৯২ চনত ইংলেণ্ডৰ ৰাণীয়ে তেওক লাৰ্গ নামৰ অঞ্চল এটাৰ বেৰন পদ প্ৰদান কৰে আৰু তেতিয়াৰ পৰাই তেওঁ লৰ্ড কেলভিন নাম লয়। এই নামেৰই তেওঁ অধিক জনাজাত।
কেলভিনৰ আঠবছৰ বয়সতে তেখেতৰ পিতৃয়ে গ্লাচগো বিশ্ববিদ্যালয়ৰ গণিত শাস্ত্ৰৰ অধ্যাপক পদত নিয়ুক্তি পায় আৰু তেওঁলোক বেলফাষ্টৰ পৰা গ্লাচগো চহৰলৈ গুচি যায়।১
শিক্ষাজীৱন
- দহবছৰ বয়সতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গ্লাচগো বিশ্ববিদ্যালয়ত নাম লগায়।
- বাৰ বছৰ বয়সত লেটিন ভাষাত লিখা এখন ৰচনা ইংৰাজীলৈ অনুবাদ কৰি পুৰস্কাৰ পায়।
- ১৬ বছৰ বয়সত পৃথিৱীৰ আকৃতি(On the Figure of the Earth) নামৰ বিজ্ঞান বিষয়ক ৰচনা লিখি গ্লাচগো বিশ্ববিদ্যালয়ৰ পৰা পদক লাভ কৰে।
- ১৮৪০ চনত দেউতাকৰ সৈতে জাৰ্মানীলৈ গুচি যায় আৰু জাৰ্মান ভাষা শিকে। সমসাময়িকভাৱে বিদ্যুৎ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰখনৰ প্ৰতি আকৃষ্ট নহয়।
- জাৰ্মানীৰ এবছৰ থকাৰ পিছত উচ্চগণিত অধ্যয়নৰ বাবে পিটাৰহাৰ্ড কলেজত নাম লগায়।
- পৰৱৰ্তী সময়ত গণিতত 'ত্ৰাইপচ' লাভ কৰি কেম্ব্ৰিজৰ পৰা শিক্ষা সাং কৰে। কেলভিনে 'ৰেংলাৰ' হিচাপে দ্বিতীয় স্থান লাভ কৰিছিল।
- পেৰিছত গৈ ফৰাচী বিজ্ঞানী আঁৰি ৰেনাল্টৰ ওচৰত তাপবিজ্ঞান সম্পৰ্কে অধ্যয়ন কৰে।১
কৰ্মজীৱন
- ১৮৪৬ চনত গ্লাচগো বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে যোগদান।
- আটলাণ্টিক কেবল কোম্পানী নামৰ কোম্পানীটোৰ মুখ্য বৈজ্ঞানিক হিচাপে কাৰ্যনিৰ্বাহ।১
আৱিষ্কাৰ
- ১৮৪৭ চনত জে'মচ জুলৰ সৈতে যুটীয়া প্ৰচেষ্টাত ‘জুল-টমচন’ প্ৰতিক্ৰিয়া নামৰ তাপবিজ্ঞানৰ এটা নতুন পৰিঘটনাৰ সৃষ্টি।
- ১৮৫১ চনত তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰ প্ৰকাশ।
- উষ্ণতাৰ নতুন জোখ আৱিষ্কাৰ।
- যান্ত্ৰিক বিজ্ঞানত কেলভিনৰ যথেষ্ট দক্ষতা আছিল। কেলভিনে সুদীৰ্ঘ দিনৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত আয়াৰলেণ্ডৰ পৰা দুহেজাৰ মাইল দূৰৰ নিউফাণ্ডলেণ্ডলৈ কেবলৰ সহায়ত বাৰ্তা পঠিয়াবলৈ সক্ষম হৈছিল। বিজ্ঞানৰ প্ৰগতিৰ ক্ষেত্ৰত ‘কেবল’ ৰ আৱিষ্কাৰ উল্লেখনীয় পদক্ষেপ। এই আৱিষ্কাৰৰ বাবেই ইংলেণ্ডৰ ৰাণীয়ে কেলভিনক ছাৰ উপাধি প্ৰদান কৰে।
- ১৮৬৭ চনত মিৰ‘ৰ গেলভান’মিটাৰ(Mirror Galvanometer) নামে এবিধ সূক্ষ্ম যন্ত্ৰ আৱিষ্কাৰ কৰে।
- সাগৰৰ গভীৰতা জুখিবৰ বাবে ‘ফেথ’মিটাৰ’ যন্ত্ৰ নিৰ্মাণ।১
অন্যান্য
সাগৰৰ জোৱাৰ সম্পৰ্কে দীৰ্ঘ সময় ধৰি গৱেষণা কৰিছিল। ফলস্বৰূপে টাইডেল গজ, টাইডেল এনালাইজাৰ আদি কেইবাটাও যন্ত্ৰৰ উদ্ভাৱন হয়। কেলভিনে মাজ সাগৰত জাহাজৰ অৱস্থান নিৰ্ণয়ৰ পুৰণিকলীয়া পদ্ধতিৰ উন্নতি সাধন কৰে।১
বঁটা
- গণিতৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বিখ্যাত “স্মিথছ প্ৰাইজ” লাভ।
- ইংলেণ্ডৰ ৰাণীৰ পৰা ছাৰ উপাধি লাভ।
- ইংলেণ্ডৰ ৰাণীৰ পৰা বেৰন পদ লাভ।১
বৈবাহিক জীৱন
লৰ্ড কেলভিনে দুবাৰ বিবাহপাশত আবদ্ধ হৈছিল। প্ৰথমতে ১৮৫২ চনত মাৰ্গাৰেট নামৰ এগৰাকী ছোৱালীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ ওঠৰ বছৰৰ পিছত কোনো সন্তান জন্ম নিদিয়াকৈ মাৰ্গাৰেটৰ মৃত্যু হয়। মাৰ্গাৰেটৰ মৃত্যুৰ কেইবছৰমানৰ পিছত ১৮৭৪ চনত কেলভিনে পুনৰ কেবল কোম্পানীত কাম কৰি থাকোঁতে লগ পোৱা ফ্ৰান্সিচ বণ্ড নামৰ যুৱতী গৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১
জীৱনৰ সামৰণি
তেপন্ন (৫৩) বছৰ ধৰি গ্লাচগো বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ থকাৰ পিছত কেলভিনে ১৮৯৯ চনত চাকৰিৰ পৰা অসসৰ গ্ৰহণ কৰে। ১৯০৭ চনত এবাৰ ঠাণ্ডা লাগি ভীষণ অসুখত ভুগে। আৰু এই অসুখত ভুগিয়েই ১৯০৭ চনৰ ১৭ ডিচেম্বৰ তাৰিখে ৮৩ বছৰ বয়সত এইগৰাকী মহান বিজ্ঞানীয়ে ইহলীলা সম্বৰণ কৰে।১
তথ্যসূত্ৰ
- ↑ শিৱনাথ বৰ্মন. (২০০৪). বিশ্বৰ বৰেণ্য বিজ্ঞানী. জ্যোতি প্ৰকাশন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৰ্ড কেলভিন” প্ৰবন্ধৰ সংশোধন ৫২৬৭৫৩ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।