লোৰেনা ৰাকুৱেল বাৰ্ণাল পাস্কুৱেল (ইংৰাজী: Lorena Raquel Bernal Pascual; জন্ম: ১২ মে' ১৯৮১)১ এগৰাকী আৰ্জেণ্টাইন-স্পেনীছ ভাষা অভিনেত্ৰী, টেলিভিছন সঞ্চালক আৰু মডেল। তেওঁ আৰ্চেনাল এফ.চি.-ৰ বৰ্তমানৰ মেনেজাৰ মিকেল আৰ্টেটাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।
প্ৰাৰম্ভিক জীৱন
বাৰ্ণালৰ জন্ম আৰ্জেণ্টিনাৰ চান মিগেল ডি টুকুমানত হৈছিল। ৯ বছৰ বয়সত তেওঁ স্পেইনৰ চান চেবাষ্টিয়ানলৈ গুচি আহে আৰু চহৰখনৰ ফ্ৰেন্স লাইচি ফ্ৰেন্সাইজ ডি চেইণ্ট চেবাষ্টিয়ানত অধ্যয়ন কৰে। ইয়াৰ পিছত তেওঁ ফ্ৰান্সৰ সীমান্তত থকা চেইণ্ট জিন ডি লুজৰ মৰিচ ৰাভেল স্কুলত শিক্ষা গ্ৰহণ কৰে। তেওঁ স্পেনিছ, ইংৰাজী আৰু ফৰাচী ভাষাত সাৱলীল।
কৰ্মজীৱন
বাৰ্ণাল সাত বছৰ বয়সৰপৰাই মডেল হিচাপে কাম কৰি আহিছে আৰু ১৩ বছৰ বয়সৰপৰা নাটকৰ পাঠ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ১৭ বছৰ বয়সত ১৯৯৯ চনৰ মিছ স্পেইন হৈছিল। বয়স কম হোৱাৰ বাবে তেওঁ মিছ ইউনিভাৰ্ছত দেশক প্ৰতিনিধিত্ব কৰিব পৰা নাছিল, গতিকে ইয়াৰ পৰিৱৰ্তে তেওঁ মিছ ৱৰ্ল্ডত প্ৰতিদ্বন্দ্বিতা কৰিছিল য’ত তেওঁ ১০ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত এগৰাকী আছিল।২
তেতিয়াৰপৰাই বাৰ্ণালে স্পেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মডেল, টিভি সঞ্চালক আৰু অভিনেত্ৰী হিচাপে কাম কৰি আহিছে। তেওঁ আমেৰিকাৰ টেলিভিছন ধাৰাবাহিক চাক ত এগৰাকী আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ ব্যৱসায়ী হিচাপে আৰু চিএছআই: মায়ামীৰ "মাই নেনী" খণ্ডত মিয়া নামৰ এগৰাকী ধাইৰ চৰিত্ৰত অভিনয় কৰিছে।৩
ব্যক্তিগত জীৱন
তেওঁ স্পেইনৰ প্ৰাক্তন ফুটবলাৰ মিকেল আৰ্টেটাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। আৰ্টেটা বৰ্তমান প্ৰিমিয়াৰ লীগ ফুটবল ক্লাব আৰ্চেনাল এফ.চি.-ৰ মেনেজাৰ আৰু তেওঁ এভাৰ্টন এফ.চি. আৰু আৰ্চেনালৰ প্ৰাক্তন খেলুৱৈ আছিল।
দম্পতীহালৰ প্ৰথম সন্তান গাব্ৰিয়েলৰ জন্ম ২০০৯ চনত স্পেইনত হৈছিল। তেওঁলোকৰ দ্বিতীয় সন্তান ডানিয়েলৰ জন্ম ২০১২ চনত আৰু তৃতীয় সন্তান অলিভাৰৰ জন্মও ২০১৫ চনত স্পেইনতে হৈছিল।৪৫
বাহ্যিক সংযোগ
- www.lorenabernal.es/ - Official website
তথ্যসূত্ৰ
- ↑ Lorena Bernal Pascual. Yahoo! - Noticias
- ↑ Andrews, Connor. (2023-09-03). Arteta uses hilarious analogy about his wife as he stays calm on Arsenal man's struggles. talkSPORT
- ↑ Lorena Bernal. Internet Movie Database. imdb
- ↑ (27 June 2012). Lorena Bernal y Mikel Arteta, padres por segunda vez. ABC
- ↑ Hola
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোৰেনা বাৰ্ণাল” প্ৰবন্ধৰ সংশোধন ৬০২৭০৫ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।