অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শকুন্তলা সচিতানন্দন

শকুন্তলা সচিতানন্দন (ইংৰাজী: Sakuntala Sachithanandan) এগৰাকী শ্ৰীলংকান কবি, অধিবক্তা আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক কৰ্মৰাজীত প্ৰায়ে দৰিদ্ৰতা, সামাজিক অসমতা, প্ৰাণী, শিশু আৰু শ্ৰমিকৰ শোষণৰ দৰে বিষয়সমূহে প্ৰাধান্য পায়।

হালনাগাদ: ৭ মাৰ্চ ২০২৬ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শকুন্তলা সচিতানন্দন (ইংৰাজী ভাষা: Sakuntala Sachithanandan) এগৰাকী শ্ৰীলংকান কবি, অধিবক্তা আৰু গল্পকাৰ।১ তেওঁৰ সাহিত্যিক কৰ্মৰাজীত প্ৰায়ে দৰিদ্ৰতা, সামাজিক অসমতা, প্ৰাণী, শিশু আৰু শ্ৰমিকৰ শোষণৰ দৰে বিষয়সমূহে প্ৰাধান্য পায়।২

জীৱনী

তেওঁ ৱাট্টালাত থকা নিজৰ ঘৰত বাগান কৰা কামৰ সৈতেও জড়িত। তেওঁ থিৰুকেশ্বৰম সচিদানন্দনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল, যি পেচাত এজন অধিবক্তা আছিল।২ তেওঁ এজন প্ৰাণী প্ৰেমী হিচাপেও পৰিচিত। তেওঁ নিজৰ ঘৰত ছয়টা কুকুৰ আৰু ১৬টা মেকুৰীৰ সৈতে বাস কৰিবলৈ স্বামীক সন্মত কৰাইছিল।৩ তেওঁ জন ষ্টেইনবেক আৰু এণ্টন চেখভৰ দৰে প্ৰখ্যাত লেখকসকলৰ অনুৰাগী বুলিও প্ৰকাশ কৰিছে।৩

কৰ্মজীৱন

তেওঁ আৰম্ভণিতে আইনৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িছিল আৰু ১৯৭২ চনত এগৰাকী অনুশীলনকাৰী অধিবক্তা হিচাপে শপত গ্ৰহণ কৰিছিল।৩ তিনি বছৰ ধৰি অধিবক্তা হিচাপে কাম কৰাৰ পিছত তেওঁ আইন চৰ্চা ত্যাগ কৰে আৰু কবিতা তথা কাহিনী কথনৰ সৈতে জড়িত হয়। তেওঁ হাট্টনৰ জনতা ষ্টেটছ ডেভেলপমেণ্ট ব'ৰ্ডত শ্ৰম সম্পৰ্কীয় বিষয়া হিচাপে কিছুদিন কাম কৰিছিল। শ্ৰম সম্পৰ্কীয় বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বাগানসমূহৰ সামাজিক স্তৰবিন্যাস আৰু সামাজিক বৈষম্য প্ৰত্যক্ষ কৰি তেওঁ স্তম্ভিত হৈ পৰিছিল।৩ ইয়াৰ পৰিণতিত তেওঁ বাগান পৰ্যায়ৰ সামাজিক বৈষম্যৰ দুৰ্দশা প্ৰত্যক্ষ কৰি লাভ কৰা বাস্তৱ অভিজ্ঞতাৰ আধাৰত ১৯৭৮ চনত থালাইভাৰ এট এ লেবাৰ কনফাৰেন্স শীৰ্ষক এটা কবিতা সংকলন সংকলন কৰিছিল।৩

শিশু সাহিত্যৰ লেখক হিচাপে তেওঁ সামাজিক মহলত সুপৰিচিত আছিল। ২৮টা কবিতাৰ সংকলন অন দ্য ষ্ট্ৰীটছ এণ্ড আডাৰ ৰিভেলেশ্যনছ শীৰ্ষক সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে তেওঁক ২০১০ বৰ্ষৰ গ্ৰেটিয়েন বঁটাৰ বিজয়ী হিচাপে নিৰ্বাচিত কৰা হৈছিল।৪ এই গ্ৰন্থখনে পথৰ শিশুৰ দুৰ্দশাৰ দৰে অতি গুৰুত্বপূৰ্ণ সামাজিক বিষয়সমূহৰ লগতে ন্যায় আৰু নিৰপেক্ষতাৰ দৰে মূল প্ৰমূল্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে বিচাৰক মণ্ডলীৰ প্ৰশংসা লাভ কৰিছিল।৫ চাৰি দশক জুৰি লিখা এটা কবিতা শৃংখলাক তেওঁ কিতাপ আকাৰে প্ৰকাশ কৰিছিল।৫

তেওঁ টেলচ ফ্ৰম দ্য ট্ৰীহাউচ নামৰ শিশুভিত্তিক কাহিনী এখন ৰচনা কৰিছিল যিখন শ্ৰীলংকাৰ শিশুসকলৰ মাজত জনপ্ৰিয় হৈছিল।৬ ইয়াৰ উপৰিও তেওঁ দ্য এডভেঞ্চাৰচ অৱ শোকাদি: দ্য লাইন ৰুম মাউচ নামৰ আন এক শিশুভিত্তিক কাহিনী শৃংখলা প্ৰকাশ কৰিছিল। তেওঁৰ অন্যান্য উল্লেখযোগ্য কবিতাৰ ভিতৰত এজন শ্ৰমিকৰ দুৰ্দশাৰ ওপৰত আধাৰিত অল ইজ বাৰ্ণিং আৰু এজন দুখীয়া মানুহ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে লিখা দ্য ট্ৰু টেল অৱ দ্য ষ্টোলেন পটেট'চ অন্যতম।৫

২০১৫ চনৰ এপ্ৰিল মাহত তেওঁ ৬৩টা কবিতাৰ সংকলন চেদাহামী, চেলভাকুমাৰী এণ্ড আডাৰচ মুকলি কৰে। এই গ্ৰন্থখনে সমাজত নিৰ্যাতিত মহিলাসকলৰ দৰিদ্ৰতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোকপাত কৰে।৭

২০২২ চনত তেওঁ এখন পথৰ কুকুৰৰ কাহিনীৰ ওপৰত আধাৰিত ৱে টু গো, ৰভাৰ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰে।৬৮

তথ্যসূত্ৰ

  1. ↑ Sakuntala Sachithanandan. www.sarasavi.lk
  2. ↑ Voices of people and animals in socially-engaging poems. www.sundaytimes.lk
  3. ↑ ‘I wrote for myself, now the poems are a winner’. www.sundaytimes.lk
  4. ↑ Sakuntala wins Gratiaen prize for collection of poetry. sundaytimes.lk
  5. ↑ Daniel, Smriti. (2011-05-27). Goodness Gratiaen. mint
  6. ↑ Walpola, Thilina. (2023-03-26). Sakuntala Sachithanandan’s latest children’s book
  7. ↑ Empathic voices in verse. archives.sundayobserver.lk
  8. ↑ WAY TO GO ROVER. www.sarasavi.lk

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ ব্যক্তিঅধিবক্তাকবিলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকুন্তলা সচিতানন্দন” প্ৰবন্ধৰ সংশোধন ৫৮৫৫৩৪ (৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।