অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শকুন্তলা পাৰাঞ্জপ্য

শকুন্তলা পাৰাঞ্জপ্য(Shakuntala Paranjpye; ১৭ জানুৱাৰী ১৯০৬ – ৩ মে' ২০০০) এগৰাকী ভাৰতীয় লেখিকা, অভিনেত্ৰী আৰু এগৰাকী বিশিষ্ট সমাজকৰ্মী। ১৯৫৮–৬৪ চনৰ ভিতৰত তেওঁ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ সদস্য আছিল, আৰু ১৯৬৪–৭০ চনৰ ভিতৰত ৰাজ্যসভাৰ মনোনীত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

শকুন্তলা পাৰাঞ্জপ্য(Shakuntala Paranjpye; ১৭ জানুৱাৰী ১৯০৬ – ৩ মে' ২০০০) এগৰাকী ভাৰতীয় লেখিকা, অভিনেত্ৰী আৰু এগৰাকী বিশিষ্ট সমাজকৰ্মী। ১৯৫৮–৬৪ চনৰ ভিতৰত তেওঁ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ সদস্য আছিল, আৰু ১৯৬৪–৭০ চনৰ ভিতৰত ৰাজ্যসভাৰ মনোনীত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১২৩ ১৯৯১ চনত ঔপনিৱেশিক আৰু উত্তৰ ঔপনিৱেশিক যুগত বিশেষকৈ পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত অগ্ৰণী কামৰ স্বীকৃতি হিচাপে তেওঁক ভাৰত গণৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ বঁটা প্ৰদান কৰা হয়।৪৫

জীৱন

শকুন্তলাই কেম্ব্ৰিজৰ নিউনহাম কলেজত গাণিতিক ট্ৰাইপ'ছৰ বাবে অধ্যয়ন কৰিছিল।৬১৯২৯ চনত তাতেই স্নাতক ডিগ্ৰী লাভ কৰা শকুন্তলাই পিছৰ বছৰত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাত ডিপ্লমা লাভ কৰে। শকুন্তলা ১৯৩০ চনত চুইজাৰলেণ্ডৰ জেনেভাত থকা আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ সৈতে কাম কৰিছিল।৭৮ ১৯৩০-৪০ৰ দশকত মাৰাঠী আৰু হিন্দী কিছুমান চিনেমাতো অভিনয় কৰিছিল। শকুন্তলাই মাৰাঠী ভাষাত বহুতো নাট,আৰু উপন্যাস ৰচনা কৰিছিল। তেওঁৰ কিছুমান কাম ইংৰাজীত কৰা হৈছিল। শকুন্তলাৰ মাৰাঠী কাহিনীৰ আধাৰত নিৰ্মিত এখন হিন্দী শিশু চিনেমা ‘য়েহ হায় চক্কড় বক্কড় বুম্বে ব’ ২০০৩ চনত মুক্তি লাভ কৰে। ৰাছিয়াৰ এগৰাকী চিত্ৰশিল্পী ইউৰা স্লেপটজফৰ সৈতে অলপ সময়ৰ বাবে শকুন্তলা বিবাহপাশত আবদ্ধ হয়। ১৯৩৮ চনত এই দম্পতীটোৰ কন্যা ছাই পাৰাঞ্জপ্যেৰ জন্ম হয়।৬ ছাইৰ জন্মৰ কিছু সময়ৰ পিছতে তেওঁ ইউৰাৰ লগত বিবাহ বিচ্ছেদ কৰে আৰু ছাইক নিজৰ পিতৃৰ ঘৰতে ডাঙৰ-দীঘল কৰে। ছাই পাৰাঞ্জপ্য এগৰাকী হিন্দী চিনেমা পৰিচালক আৰু চিত্ৰনাট্যকাৰ। কমেডী আৰু শিশু চিনেমাৰ বাবে তেওঁ পৰিচিত। ১৯৯১ চনত ভাৰত চৰকাৰে শকুন্তলাক ঔপনিৱেশিক আৰু উত্তৰ ঔপনিৱেশিক যুগত বিশেষকৈ পৰিয়াল পৰিকল্পনাত তেওঁৰ উল্লেখযোগ্য অৱদানৰ স্বীকৃতি হিচাপে পদ্মভূষণ বঁটা প্ৰদান কৰে।৫৪

তথ্যসূত্ৰ

  1. ↑ Members Of Rajya Sabha Since 1952 ৰাজ্যসভা website
  2. ↑ Rajya Sabha website Nominated members
  3. ↑ NOMINATED MEMBERS OF RAJYA SABHA
  4. ↑ Padma Bhushan Awardees Shakuntala Pranjpye, 1991, Maharashtra, Social Work. Sai Paranjpye, Arts, Maharashtra, 2006
  5. ↑ Parkhe, Camil. (17 January 2022). Shakuntala Paranjpye: A Social Worker Who Thought About Women's Health Ahead of Times. Punekar News
  6. ↑ Sai Paranjpye at ASHA
  7. ↑ Aparna Basu; Malavika Karlekar. (2008). In So Many Words: Women's Life Experiences from Western and Eastern India. Routledge. পৃ. 89. ISBN 978-0-415-46734-6
  8. ↑ Sai speak! The Times of India,8 July 2002

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদৰাজ্যসভাৰ সাংসদপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকুন্তলা পাৰাঞ্জপ্য” প্ৰবন্ধৰ সংশোধন ৪৮০৬৭২ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।