অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শমিতা শেট্টী

শমিতা শেট্টী (Shamita Shetty; জন্ম: ২ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ। অভিনেত্ৰী শিল্পা শেট্টীৰ কনিষ্ঠ ভগ্নী শমিতাই ২০০০ চনত ৰোমাণ্টিক ড্ৰামা মহব্বতেৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, যাৰ বাবে তেওঁ আইফাৰ 'ষ্টাৰ ডেবিউ অফ দ্য ইয়াৰ – ফিমেল' বঁটা লাভ কৰিছিল।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ৩০২ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

শমিতা শেট্টী (Shamita Shetty; জন্ম: ২ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ।১ অভিনেত্ৰী শিল্পা শেট্টীৰ কনিষ্ঠ ভগ্নী শমিতাই ২০০০ চনত ৰোমাণ্টিক ড্ৰামা মহব্বতেৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, যাৰ বাবে তেওঁ আইফাৰ 'ষ্টাৰ ডেবিউ অফ দ্য ইয়াৰ – ফিমেল' বঁটা লাভ কৰিছিল।২ ইয়াৰ পিছত তেওঁ বেৱফা (২০০৫), জহৰ (২০০৫) আৰু কেছ (২০০৭) আদি ছবিত অভিনয় কৰে।৩

কেৰিয়াৰৰ বিৰতি আৰু উত্থান-পতনৰ পিছত শেট্টীয়ে কেইবাটাও ৰিয়েলিটি টেলিভিছন শ্ব’ত অংশগ্ৰহণ কৰে, যেনে: ঝলক দিখলা যা (২০১৫), ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী ৯ (২০১৯) আৰু ২০০৯ তথা ২০২১ চনত বিগ বছ।৪৫

প্ৰাৰম্ভিক জীৱন

শেট্টীৰ জন্ম ১৯৭৯ চনৰ ২ ফেব্ৰুৱাৰীত হৈছিল।৬৭ তেওঁ মুম্বাইত বসবাস কৰা এটা টুলু ভাষী বুণ্ট পৰিয়ালৰ সন্তান।৮ তেওঁৰ প্ৰয়াত পিতৃ সুৰেন্দ্ৰ শেট্টী আৰু মাতৃ সুনন্দা ফাৰ্মাচিউটিকেল উদ্যোগত টেম্পাৰ প্ৰুফ ৱাটাৰ কেপৰ নিৰ্মাতা আছিল। সুপৰিচিত অভিনেত্ৰী শিল্পা শেট্টী তেওঁৰ জ্যেষ্ঠ ভগ্নী।৯

শেট্টীয়ে মুম্বাইৰ ছেইণ্ট এন্থনী গাৰ্লছ হাইস্কুলৰপৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। চিডেনহাম কলেজৰপৰা বাণিজ্য শাখাৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত তেওঁ মুম্বাইৰ এছএনডিটি কলেজৰপৰা ফেশ্বন ডিজাইনিং ডিপ্লমা কৰে। ইয়াৰ পিছত তেওঁ ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ওচৰত ইণ্টাৰ্নশ্বিপ আৰম্ভ কৰে, কিন্তু মনীষ মালহোত্ৰাই তেওঁৰ মাজত এক সম্ভাৱনা দেখি অভিনয় কেৰিয়াৰৰ বাবে সাজু হ’বলৈ পৰামৰ্শ দিয়ে। ২০১১ চনত শেট্টীয়ে ইণ্টেৰিয়ৰ ডিজাইনৰ প্ৰতি থকা নিজৰ আগ্ৰহক আগুৱাই নিয়াৰ সিদ্ধান্ত লয়।১০ তেওঁৰ প্ৰথম একক প্ৰকল্প আছিল মুম্বাইৰ এটা ক্লাব 'ৰয়েল্টি'।১১ পিছলৈ ইণ্টেৰিয়ৰ ডিজাইনৰ প্ৰতি থকা ভালপোৱাই তেওঁক লণ্ডনৰ চেণ্ট্ৰেল চেইণ্ট মাৰ্টিন্স আৰু ইঞ্চবাল্ড স্কুল অৱ ডিজাইনৰপৰা ডিপ্লমা কৰিবলৈ উৎসাহিত কৰে।১২

ব্যক্তিগত জীৱন

শেট্টীয়ে বিগ বছ অ’টিটি ১-ৰ ছেটত অভিনেতা ৰাকেশ বাপতক লগ পাইছিল আৰু তেওঁলোকে ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰপৰা ডেটিং আৰম্ভ কৰিছিল।১৩১৪ ২০২২ চনৰ জুলাই মাহত এই দম্পতীটোৰ বিচ্ছেদ ঘটে।১৫১৬

শেট্টী এগৰাকী উৎসাহী ফিটনেছ আৰু ৱেলনেছ প্ৰেমী।১৭ তেওঁক প্ৰায়ে ৱৰ্কআউট ৰুটিন, ধ্যান আৰু যোগব্যায়ামৰ প্ৰসাৰ কৰা দেখা যায়।১৮ তেওঁ চিত্ৰাংকন কৰিও ভাল পায় আৰু তেওঁৰ ফীবি আৰু লকি নামৰ দুটা মেকুৰী আছে।১৯ তেওঁ বাগান কৰি ভাল পায় আৰু নিজৰ ঘৰত স্পাইডাৰ প্লেণ্ট, স্নেক প্লেণ্ট, লতা জাতীয় গছ আৰু ফুল আদি ৰুইছে।২০

তথ্যসূত্ৰ

  1. ↑ (14 March 2017). Shamita Shetty on her interior design career. Gulf News
  2. ↑ (10 November 2020). Did you know that Shamita Shetty had turned down the Aamir Khan starrer 'Lagaan' for 'Mohabbatein'?. The Times of India
  3. ↑ (9 December 2019). Shamita Shetty rings in her birthday in style with sister Shilpa Shetty and friends. The Times of India
  4. ↑ (31 October 2021). Fracturing nose in Jhalak Dikhhla Jaa to down with dengue in Khatron Ke Khiladi; a look at Bigg Boss 15 contestant Shamita Shetty's reality TV stints. The Times of India
  5. ↑ Bigg Boss 15: Why the righteous and brave Shamita Shetty deserves to take the trophy home. Hindustan Times
  6. ↑ Shamita Shetty celebrates birthday with Shilpa Shetty and mom Sunanda, Raj Kundra joins them. Hindustan Times
  7. ↑ (2 February 2014). Birthday girl Shamita Shetty turns 35, parties with sis, Bipasha. India Today
  8. ↑ (2 October 2021). Bigg Boss 15 contestant Shamita Shetty's family, education and career. The Times of India
  9. ↑ Jeetni chahiye iss baar: Shilpa Shetty asks paps to vote for sister Shamita Shetty on 'Bigg Boss 15'. DNA India
  10. ↑ Shamita Shetty: Filmmakers just assumed I'm not interested in acting and films. Hindustan Times
  11. ↑ Shamita Shetty has design plans. DNA India
  12. ↑ Profile. Golden Leaf Interiors
  13. ↑ (30 January 2022). Bigg Boss 15 Grand Finale: Shamita Shetty's mother REACTS to her confession of love for Raqesh Bapat. PINKVILLA
  14. ↑ (3 February 2022). Asked about wedding plans, Shamita Shetty said about Raqesh Bapat: "Let's see how that goes. NDTV
  15. ↑ (26 July 2022). Shamita Shetty confirms break up with Raqesh Bapat: ‘We are no longer together and have not been for a while'. Hindustan Times
  16. ↑ Shamita Shetty Opens Up On Breakup With Raqesh Bapat: 'It Is An Erased Chapter'. News18
  17. ↑ (December 2019). Shamita Shetty talks all about being fit at 40 as she features on The Lifestyle Journalist magazine's cover. Bollywood Hungama
  18. ↑ Shamita Shetty: Workout is the best thing to do in self-quarantine. Hindustan Times
  19. ↑ (14 July 2022). Shamita Shetty reveals her hidden talent, shares her painter avatar. The Statesman
  20. ↑ (2024-03-20). Exclusive! My room looks like a small jungle: Shamita Shetty. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শমিতা শেট্টী” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৬৫ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।