শকুন্তলা নৰসিংহন এগৰাকী ভাৰতীয় সাংবাদিক, গ্ৰাহক অধিকাৰ কৰ্মী।১ আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ৰামপুৰ-সাহাছৱান ঘৰাণৰ পৰা শাস্ত্ৰীয় কণ্ঠশিল্পী২তেওঁ হাফিজ আহমেদ খানৰ৩ শিষ্য আছিল আৰু দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰদ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় সংগীত কাৰ্যসূচীত কৰ্ণাটক আৰু হিন্দুস্তানী দুয়োটা শৈলীতে কণ্ঠদান কৰা ভাৰতৰ একমাত্ৰ কণ্ঠশিল্পী। কৰ্ণাটক শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল কণ্ঠশিল্পী মুছিৰি সুব্ৰমণিয়া আয়েৰ আৰু থাঞ্জাভুৰ বৃন্দাই। ইয়াৰ উপৰি তেওঁ একমাত্ৰ শিল্পী যিয়ে দুয়োটা শৈলীক পাৰ্শ্বৱৰ্তী কৰি “আত্ম-জুগালবন্দী” কৰিছে।৪
প্ৰাথমিক জীৱন আৰু শিক্ষা
সকুন্তলাই অৰ্থনীতিত এম এ ডিগ্ৰী আৰু শাস্ত্ৰীয় সংগীতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁৰ দুটা ডক্টৰেট ডিগ্ৰী আছে – এটা মহিলা অধ্যয়নত আৰু আনখন সংগীত বিজ্ঞানত। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ সময়ত,৫ ভাৰত বিভাজনৰ সময়ৰ আশে-পাশে দিল্লীত বাস কৰিছিল,৬ তাৰ পিছত মুম্বাইলৈ গুচি যায় আৰু বৰ্তমান বেংগালুৰুত থাকে। সংগীত বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰীৰ থিছিছ আছিল কৰ্ণাটক আৰু হিন্দুস্তানী শৈলীৰ তুলনামূলক অধ্যয়নৰ ওপৰত। সৰুৰেপৰাই অল ইণ্ডিয়া ৰেডিঅ’ত কণ্ঠদান আৰম্ভ কৰা সকুন্তলাই SPIC MACAY আৰু আন কেইবাজনো আয়োজকৰ বাবে বিগত ৬০ বছৰ ধৰি পৰিৱেশন শিল্পী হিচাপে কাম কৰি আহিছে।
কেৰিয়াৰ
সাংবাদিক হিচাপে সকুন্তলাই মুম্বাইত দ্য টাইমছ অৱ ইণ্ডিয়া গোটৰ সৈতে ৭ বছৰ কাম কৰিছিল। চীনত ৰাষ্ট্ৰসংঘৰ মহিলাৰ ওপৰত অনুষ্ঠিত হোৱা গ্ল’বেল কনফাৰেন্সৰ বিষয়ে, ১৯৯৫ চনত ডেকান হেৰাল্ডৰ বাবে আৰু ২০০০ চনত নিউয়ৰ্কত অনুষ্ঠিত হোৱা ২৩সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনৰ বিষয়ে তেওঁ প্ৰতিৱেদন দিছিল। ২০০২ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা বহনক্ষম উন্নয়নৰ বিশ্ব সন্মিলনত অংশগ্ৰহণ আৰু লিখিবলৈ নিৰ্বাচিত হোৱা চাৰিগৰাকী ভাৰতীয় সাংবাদিকৰ ভিতৰতো তেওঁ অন্যতম আছিল। ২০০৯ চনলৈকে তেওঁৰ স্তম্ভসমূহ ডেকান হেৰাল্ডত ২৭ বছৰ ধৰি চলিছিল আৰু বৰ্তমান তেওঁ দ্য ৱায়াৰৰ বাবে লিখে,৭ চিটিজেন মেটাৰ্ছ,৮ আৰু মানিলাইফ।
বম্বে বিশ্ববিদ্যালয়ত সংগীতৰ অধ্যাপনা কৰা সকুন্তলাই বঙাইগাঁও বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পৰ্যায়ত সাংবাদিকতা, মহিলা অধ্যয়ন, অৰ্থনীতি বিষয়ত অধ্যাপনা কৰি আহিছে। ফুলব্ৰাইটৰ ফেল’শ্বিপত আমেৰিকাতো শিক্ষকতা কৰিছে। আমেৰিকা, ব্ৰিটেইন, নৰৱে, পাকিস্তান, কেনিয়া, উগাণ্ডা, ফিলিপাইনছ, ইণ্ডোনেছিয়া, জাপান, থাইলেণ্ড, আৰু অষ্ট্ৰেলিয়াত সংবাদ মাধ্যম, সংগীত আৰু নাৰীবাদী অধ্যয়নৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত গৱেষণা পত্ৰ উপস্থাপন কৰিছে।
তথ্যসূত্ৰ
- ↑ (17 June 2013). India Together: A raw deal for consumers - 17 June 2013. www.indiatogether.org
- ↑ Sakuntala Narasimhan on Apple Music. Apple Music
- ↑ Narasimhan, Sakuntala. (13 March 2014). A complete musician. The Hindu
- ↑ Narasimhan, Sakuntala. (23 June 2020). A confluence of two streams. The Hindu
- ↑ Narasimhan, Sakuntala. (12 August 2017). Tricolour on my mini sari. The Hindu
- ↑ Narasimhan, Sakuntala. (2022-08-06). Memories of Partition. The Hindu
- ↑ Sakuntala Narasimhan: Exclusive News Stories by Sakuntala Narasimhan on Current Affairs, Events at The Wire. The Wire
- ↑ About Sakuntala Narasimhan. Sakuntala Narasimhan Citizen Matters, Bengaluru. Bengaluru.citizenmatters.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকুন্তলা নৰসিংহন” প্ৰবন্ধৰ সংশোধন ৫৯৩৯৭৮ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।