মাৰিয়া অৰোৰা কৌটো (Maria Aurora Couto; ২২ আগষ্ট ১৯৩৭ – ১৪ জানুৱাৰী ২০২২) এগৰাকী ভাৰতীয় লেখিকা আৰু শিক্ষাবিদ আছিল, তেওঁৰ গ্ৰন্থ গোৱা: এ ড'টাৰছ ষ্ট'ৰী ৰ বাবে আৰু গোৱা আৰু ইয়াৰ বাহিৰত সাহিত্য আৰু ধাৰণাসমূহৰ প্ৰচাৰৰ বাবে বেছিকৈ পৰিচিত। গ্ৰন্থৰ উপৰিও কাকত-আলোচনীৰ বাবেও লিখিছিল, দিল্লীৰ লেডী শ্ৰী ৰাম কলেজ আৰু পাঞ্জিমৰ ধেম্পে কলেজত ইংৰাজী সাহিত্যৰ অধ্যাপনা কৰিছিল। ২০০৮ চনত ডি ডি কোছাম্বি ফেষ্টিভেল অৱ আইডিয়াছ আৰম্ভ কৰাত সহায় কৰিছিল।
কৌটো ২০১০ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছিল।
প্ৰাথমিক জীৱন
১৯৩৭ চনৰ ২২ আগষ্টত দক্ষিণ গোৱাৰ ছালচেটত এণ্টনিঅ’ কেটানো ফ্ৰান্সিস্কো (চিকো) ডি ফিগুৱেৰেডো আৰু মাৰিয়া কুইটেৰিয়া ফিলোমেনা বৰ্জেছৰ ঘৰত জন্মগ্ৰহণ কৰিছিল কৌটোৱে। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই ছালচেটৰ ভেলহাছ কনকিষ্টাছ জিলাৰ স্থানীয় লোক আছিল। তেওঁৰ পিতৃ আৰু মাতৃৰ উভয় পৰ্তুগীজ পূৰ্বৰ গোৱা আৰু ডামাওনৰ ৰোমান কেথলিক ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছিল।১২৩
পিতৃৰ মদ্যপান নিয়ন্ত্ৰণৰ প্ৰয়াসত পিতৃ-মাতৃ আৰু ছয়জন ভাই-ভনীৰ সৈতে চুবুৰীয়া চহৰ ধৰৱাদলৈ গুচি যায়, যিখন তেতিয়া মহীশূৰ ৰাজ্য আৰু গোৱানাৰ বাবে শিক্ষা আৰু সুযোগৰ কেন্দ্ৰ আছিল।৪ পিতৃয়ে পৰিয়ালটো পৰিত্যাগ কৰাৰ পিছত সাতটা সন্তানক মাকে অকলে পিতৃ-মাতৃ দায়িত্ব পালন কৰি ডাঙৰ-দীঘল কৰে।৫ কৌটোৱে ছেইণ্ট জোচেফ হাইস্কুলত অধ্যয়ন কৰিছিল আৰু পিছলৈ কৰ্ণাটক বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য অধ্যয়ন কৰিছিল।৬২৭
পিছৰ এটা সাক্ষাৎকাৰত তেওঁ পিছলৈ মনত পেলাইছিল যে তেওঁৰ ডাঙৰ হোৱাৰ দিনবোৰ ভাৰতীয়, গোৱাল আৰু কেথলিক হিচাপে তেওঁৰ পৰিচয়ক কেন্দ্ৰ কৰিয়েই আছিল। সেই সময়ত কলেজখনত তেতিয়াৰ মহীশূৰ ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰী আছিল। বিশ্ববিদ্যালয়খনৰ কিছুমান সহপাঠীৰ ভিতৰত নাট্যকাৰ গিৰীশ কৰ্ণাদ আৰু লেখক শশী দেশপাণ্ডে আছিল।২৮ পিছলৈ তেওঁ ফ্ৰান্সোৱা মৌৰিয়াকৰ ৰচনাত ধৰ্মীয় মানৱতাবাদ অধ্যয়ন কৰি সাহিত্যত পি এইচ ডি সম্পূৰ্ণ কৰে।৮
কৰ্মজীৱন
কৌটোৱে দিল্লীৰ লেডী শ্ৰী ৰাম কলেজ আৰু পানাজীৰ ধেম্পে কলেজ৯ আদি কলেজত ইংৰাজী সাহিত্যৰ অধ্যাপনা কৰিছিল১০ আৰু ভাৰত আৰু যুক্তৰাজ্যৰ সাময়িকীত অৰিহণা যোগাইছিল।১১ ১৯৮৮ চনত ইংৰাজী লেখক আৰু সাহিত্য সমালোচকৰ বিষয়ে লিখা গ্ৰন্থ গ্ৰেহাম গ্ৰীণৰ গ্ৰন্থ গ্ৰেহাম গ্ৰীণ: অন দ্য ফ্ৰণ্টিয়াৰ, পলিটিক্স এণ্ড ৰিলিজিয়ন ইন দ্য নভেলছৰ পৰা ক'টোৰ লেখাৰ কেৰিয়াৰ আৰম্ভ হয়।১০ ইয়াৰ পূৰ্বে ১৯৬৩ চনত গোৱা ভ্ৰমণৰ সময়ত তেওঁ লেখকজনক লগ পাইছিল।২ ২০০৪ চনত তেওঁৰ গ্ৰন্থ গোৱা: এ ড'টাৰছ ষ্ট'ৰীত আত্মজীৱনীৰ উপৰিও তেওঁৰ দৃষ্টিকোণৰ পৰা গোৱাৰ ইতিহাস সামৰি লোৱা হৈছে।১২
২০১০ চনত ভাৰত চৰকাৰে কৌটোক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰী বঁটা প্ৰদান কৰে।১৩১৪
ব্যক্তিগত জীৱন আৰু মৃত্যু
১৯৬১ চনত গোৱা মূলৰ এজন ভাৰতীয় অসামৰিক প্ৰশাসক আলবান ক'টো (আলবানো ফ্ৰান্সিস্কো ক'টো)লগত বিয়া হৈছিল। তেওঁ স্বামীৰ সৈতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো সময় কটায় আৰু পিছলৈ ঘূৰি আহি অঞ্চলটোৰ সাহিত্য গঢ় দিয়ে। .১৫৭
তেওঁৰ স্বামী, ভাৰতীয় প্ৰশাসনিক সেৱাৰ আছিল। মুম্বাইত তেওঁক লগ পাইছিল আৰু তেওঁলোকৰ তিনিটা সন্তান।৯ তেওঁৰ কামৰ বাবে তেওঁলোকে দেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিব লগা হৈছিল। তেওঁলোকে প্ৰায়ে চেন্নাইতে আছিল, তাৰ পিছত গোৱাৰ আলডোনাত১৬ তেওঁৰ পূৰ্বপুৰুষৰ ঘৰত থাকিবলৈ লয়। দক্ষিণ আফ্ৰিকাৰ জাজ শুনি ভাল পাইছিল আৰু চলচ্চিত্ৰৰ প্ৰতি আকৰ্ষিত আছিল, শিক্ষয়িত্ৰী হৈ থাকোঁতে তেওঁ এটা চলচ্চিত্ৰ ক্লাব আৰম্ভ কৰিছিল।৯ ২০০৯ চনৰ জুন মাহত তেওঁৰ স্বামী আলবানো কৌটোৰ মৃত্যু হৈছিল।১৭
২০২২ চনৰ ১৪ জানুৱাৰীত নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা মাৰিয়া ক’ট’ৰ বয়স আছিল ৮৪ বছৰ।১১১৮২৭
কাম
কৌটোৰ ৰচনাসমূহৰ ভিতৰত আছে:
- কৌটো, মাৰিয়া. (১৯৮৮). Graham Greene: On the Frontier: Politics and Religion in the Novels. Macmillan. ISBN 9780333443460
- কৌটো, মাৰিয়া. (২০০৪). Goa: A Daughter's Story. Penguin Books India. ISBN 978-0-14-303343-1
- Pereira, A. B. de Braganca. (২০০৮). Ethnography of Goa, Daman and Diu. Penguin UK. ISBN 978-93-5118-208-5 (a translation of Etnografia da India Portuguesa by A.B. Braganza Pereira from Portuguese)
- কৌটো, মাৰিয়া. (২০১৩). Filomena's Journeys: A Portrait of a Marriage, a Family & a Culture. Aleph Book Company. ISBN 978-93-82277-04-0
তথ্যসূত্ৰ
- ↑ (15 January 2022). Death Notice: Maria Aurora Couto. oHeraldo Goa
- ↑ (15 January 2022). Goan writer Maria Aurora Couto dies at 85. The Indian Express
- ↑ (25 January 2014). Portrait of a Lady. The Indian Express
- ↑ Couto, Maria Aurora. (6 September 2015). The Dharwad where Kalburgi was killed isn't the Dharwad of my childhood. Scroll.in
- ↑ (25 January 2014). Portrait of a Lady. The Indian Express
- ↑ Couto, Maria Aurora. (6 September 2015). The Dharwad where Kalburgi was killed isn't the Dharwad of my childhood. Scroll.in
- ↑ Remembering Maria Aurora Couto, an Exemplary Trustee of Goan Heritage. The Wire
- ↑ (27 April 2021). Literally Goa - Maria Aurora Couto interviewed by Frederick Noronha
- ↑ Coutinho, Tonella. (10 May 2015). Goa's daughter tells her story. The Times of India
- ↑ Pisharoty, Sangeeta Barooah. (26 March 2014). A sketch in time. The Hindu
- ↑ Times, Navhind. (15 January 2022). Noted writer Maria Aurora Couto passes away. The Navhind Times
- ↑ Cabral, Mario. (15 May 2004). Girl Interrupted. Tehelka
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (26 January 2010). List of Padma awardees 2010. The Hindu
- ↑ Couto, Maria Aurora. (7 March 2021). From Goa to London with Graham Greene: A first-person account of a literary friendship. Scroll.in
- ↑ (18 August 2010). Mega debate at Canacona remains inconclusive. Herald Goa
- ↑ (28 June 2009). Alban Couto no more. The Times of India
- ↑ Padma Shri awardee Maria Aurora Couto passes away. OHeraldo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিয়া অৰোৰা কৌটো” প্ৰবন্ধৰ সংশোধন ৫১৭২০৬ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।