অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰিছা চাৰ্তিকা মালাদেৱী

মাৰিছা চাৰ্তিকা মালাদেৱী (ইংৰাজী: Marisa Sartika Maladewi; জন্ম: ২৮ জুন ১৯৯৩) এগৰাকী ইণ্ডোনেছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে পুত্ৰী ইণ্ডোনেছিয়া লিংকুংগান ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মাৰিছা চাৰ্তিকা মালাদেৱী (ইংৰাজী ভাষা: Marisa Sartika Maladewi; জন্ম: ২৮ জুন ১৯৯৩) এগৰাকী ইণ্ডোনেছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে পুত্ৰী ইণ্ডোনেছিয়া লিংকুংগান ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ ইণ্টাৰনেশ্যনেল ২০১৩ সৌন্দৰ্য প্ৰতিযোগিতাত ইণ্ডোনেছিয়াক প্ৰতিনিধিত্ব কৰিছিল আৰু শেষত "মিছ বিউটি উইথ ভইচ" আৰু "বেষ্ট নেচনেল কচটিউম" বঁটা লাভ কৰিছিল।

ব্যক্তিগত জীৱন

২০১৩ চনত ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰীয় নিচাজাতীয় দ্ৰব্য নিয়ন্ত্ৰণ পৰিষদৰ অনুষ্ঠানত মাৰিছা।
২০১৩ চনত ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰীয় নিচাজাতীয় দ্ৰব্য নিয়ন্ত্ৰণ পৰিষদৰ অনুষ্ঠানত মাৰিছা।ছবি: National Narcotics Board of The Republic of Indonesia Youtube Channel · Public domain

মাৰিছাৰ জন্ম ইণ্ডোনেছিয়াৰ যোগাকাৰ্টাত হৈছিল। ২০০৫ চনত মাৰিছা আৰু তেওঁৰ পৰিয়াল দক্ষিণ সুমাত্ৰাৰ পালেম্বাঙলৈ স্থানান্তৰিত হয় আৰু তাতেই বসবাস কৰিবলৈ লয়। তেওঁ পালেম্বাঙৰ শ্ৰীবিজয় বিশ্ববিদ্যালয়ৰপৰা কৃষি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছে।১ তেওঁ পুত্ৰী ইণ্ডোনেছিয়া ২০১৩-ত প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পুত্ৰী ইণ্ডোনেছিয়া লিংকুংগান ২০১৩-ৰ খিতাপ জয় কৰিছিল।২৩

সৌন্দৰ্য প্ৰতিযোগিতা

পুত্ৰী ইণ্ডোনেছিয়া ২০১৩

২০ বছৰ বয়সত মাৰিছাই দক্ষিণ সুমাত্ৰা প্ৰদেশৰ প্ৰতিনিধি হিচাপে পুত্ৰী ইণ্ডোনেছিয়া সৌন্দৰ্য প্ৰতিযোগিতাত ইণ্ডোনেছিয়াৰ ৩৯ গৰাকী প্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল।৪৫৬ প্ৰতিযোগিতাৰ শেষত, ১ ফেব্ৰুৱাৰীত জেকাৰ্টা কনভেনচন চেণ্টাৰত অনুষ্ঠিত গ্ৰেণ্ড ফিনালেত তেওঁক পুত্ৰী ইণ্ডোনেছিয়া লিংকুংগান ২০১৩-ৰ খিতাপ প্ৰদান কৰা হয়। তেওঁক পূৰ্বৰ খিতাপধাৰী পূব জাভাৰ লিজা ইলি পূৰ্ণমাচাৰীয়ে মুকুট পিন্ধাইছিল।৭৮

মিছ ইণ্টাৰনেশ্যনেল ২০১৩

পুত্ৰী ইণ্ডোনেছিয়া লিংকুংগান হিচাপে মাৰিছাই জাপানৰ টকিঅ'ৰ বুনকিঅ'ৰ টকিঅ' ডম চিটি হলত অনুষ্ঠিত মিছ ইণ্টাৰনেশ্যনেল ২০১৩-ৰ ৫৩ তম সংস্কৰণত ইণ্ডোনেছিয়াক প্ৰতিনিধিত্ব কৰিছিল।৯১০ ফিনালেখন ২০১৩ চনৰ ১৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল,১১ য'ত তেওঁ "মিছ বিউটি উইথ ভইচ" আৰু "বেষ্ট নেচনেল কচটিউম" বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।১২১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (15 April 2017). Alumni Berprestasi dan Tokoh Nasional Lulusan Universitas Sriwijaya. quipper.com
  2. ↑ OISCA Gandeng Marisa Sartika Maladewi Lestarikan Lingkungan
  3. ↑ Mahasiswa pecinta alam peringati Hari Lingkungan Hidup. Koran Sindo
  4. ↑ Juara II Puteri Indonesia 2013, Marisa Sartika Bikin Bangga Sumsel (foto-foto). Tribun Network
  5. ↑ Media, Kompas Cyber. (January 28, 2013). "Basuki Ajak Puteri Indonesia Berpolitik". KOMPAS.com. Kompas
  6. ↑ Media, Kompas Cyber. (January 24, 2013). "Karantina Puteri Indonesia 2012-2013 Dimulai". KOMPAS.com. Kompas
  7. ↑ Keluarga Marisa Sartika Maldewi Terharu, Harumkan Sumatra Selatan. waspada.co.id
  8. ↑ Marisa Sartika Maladewi Senang Dikawal Satpam. bspguard.co.id
  9. ↑ (28 November 2013). Puteri Indonesia Lingkungan 2013 Bertarung di Miss International. Liputan 6
  10. ↑ (28 November 2013). Marisa Sartika Berniat Pecahkan Kendi di Miss International 2013. Liputan 6
  11. ↑ The 58th Miss International Beauty Pageant. miss-international.org. Miss International Beauty Pageant
  12. ↑ Media, Kompas Cyber. (30 November 2013). Gaun Etnik Jadi Andalan di Ajang Miss International. KOMPAS.com. Kompas
  13. ↑ Gagal Raih Mahkota Miss Internasional, Marisa Sartika Promosikan Indonesia. Kompas

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়াৰ ব্যক্তিসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিছা চাৰ্তিকা মালাদেৱী” প্ৰবন্ধৰ সংশোধন ৬০২৬০৮ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।