মাৰিনা গোলবাহাৰী (দাৰী: مارینا گلبهاری; জন্ম ১৯৮৯)১ এগৰাকী আফগান অভিনেত্ৰী, যিয়ে ২০০৩ চনৰ চলচ্চিত্ৰ ওছামাত মুখ্য চৰিত্ৰত অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে। এই চলচ্চিত্ৰত তেওঁ তালিবান শাসনকালত নিজৰ পৰিয়ালৰ সহায়ৰ বাবে ল’ৰাৰ দৰে পিন্ধি আৰু আচৰণ কৰিব লগা এগৰাকী ছোৱালীৰ ভূমিকাত অভিনয় কৰিছিল।
কেৰিয়াৰ
গোলবাহাৰীক আফগান চলচ্চিত্ৰ পৰিচালক ছিদ্দিক বাৰমাকে কাবুলৰ ৰাস্তাত ভিক্ষা কৰি ফুৰোঁতে চিনি পাই ওছামা চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ দিয়ে। এই চলচ্চিত্ৰই “বেষ্ট ফৰেইন ফিল্ম” শাখাত গোল্ডেন গ্ল'ব বঁটা লাভ কৰে। গোলবাহাৰীৰ অভিনয় বহু সমালোচকৰ দ্বাৰা প্ৰশংসিত হয়, ইয়াৰ ভিতৰত দ্য এৰিজোনা ৰিপাব্লিকৰ ৰিচাৰ্ড নিচেনেও অন্তৰ্ভুক্ত, যিয়ে লিখিছিল, “মাৰিনা গোলবাহাৰীৰ অভিনয়ত কোনো অভাৱ নাই।”
২০১২ চনত প্ৰকাশিত কিতাপ শ্বেক্সপীয়েৰ ইন কাবুলত (লেখক কায়েছ আকবৰ ওমৰ আৰু ষ্টিফেন লেণ্ড্ৰিগান) গোলবাহাৰীৰ বিষয়ে উল্লেখযোগ্যভাৱে আলোচনা কৰা হৈছে। এই কিতাপত ২০০৫ চনত কাবুলত আৰু পিছলৈ আফগানিস্তানৰ আন অঞ্চলত মঞ্চস্থ কৰা দাৰি ভাষাৰ ৱিলিয়াম শ্বেইক্সপিয়াৰৰ নাটক লাভচ্ লেবাৰ্চ ল'ষ্টৰ প্ৰদৰ্শনৰ বিৱৰণ দিয়া হৈছে।
ব্যক্তিগত জীৱন
গোলবাহাৰী নুৰুল্লাহ আজিজিৰ সৈতে বিবাহিত, যি আফগানিস্তানৰ চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগৰ সৈতে জড়িত।২৩
দক্ষিণ কোৰিয়াৰ এখন চলচ্চিত্ৰ উৎসৱত মূৰত আৱৰণ নিদি ফটোগ্ৰাফ তোলা হোৱাৰ পিছত গোলবাহাৰীয়ে একাধিক মৃত্যুৰ ভাবুকি লাভ কৰে। ইয়াৰ ফলত তেওঁ আৰু তেওঁৰ স্বামী ফ্ৰান্সত শৰণাৰ্থী আশ্ৰয় কেন্দ্ৰত নিৰ্বাসিত জীৱন যাপন কৰি আছে।৪
বঁটা আৰু মনোনয়ন
- ম'লডিষ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ (২০০৩) — “বেষ্ট য়ং এক্টৰ এৱাৰ্ড” ওছামা চলচ্চিত্ৰৰ বাবে
বাহ্যিক সংযোগ
- Biography of Marina Golbahari. Afghanistan Online
তথ্যসূত্ৰ
- ↑ Wagner, Thomas. (10 December 2003). Danger: girl at work. The Age
- ↑ Lee, Youkyung. (2 October 2015). Afghan actress urges Afghan women to keep working. Associated Press
- ↑ Marina Golbahari. Associated Press
- ↑ Afghan Film Star in French Exile After Death Threats. The Local
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিনা গোলবাহাৰী” প্ৰবন্ধৰ সংশোধন ৫৯৯৫৪৭ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।