অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰ্গাৰট আৱ’য়েট

মাৰ্গাৰেট আব’য়েট ( Marguerite Abouet; জন্ম: ১৯৭১) এগৰাকী আইভৰিয়ান লেখিকা, তেওঁ তেওঁৰ গ্ৰাফিক উপন্যাস ধাৰাবাহিক আয়া এণ্ড আকিচি(Aya and Akissi)ৰ বাবে বেছিকৈ পৰিচিত।

হালনাগাদ: ২২ মাৰ্চ ২০২৫ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মাৰ্গাৰেট আব’য়েট ( Marguerite Abouet; জন্ম: ১৯৭১) এগৰাকী আইভৰিয়ান লেখিকা, তেওঁ তেওঁৰ গ্ৰাফিক উপন্যাস ধাৰাবাহিক আয়া এণ্ড আকিচি(Aya and Akissi)ৰ বাবে বেছিকৈ পৰিচিত।১২

জীৱনী

১৯৭১ চনত ক'ট ডি আইভৰিৰ আবিজানত আব’য়েটৰ জন্ম হৈছিল১ আৰু ১২ বছৰ বয়সত তেওঁ আৰু তেওঁৰ ভাতৃয়ে তেওঁলোকৰ ডাঙৰ ককাকৰ ওচৰত থাকিবলৈ ফ্ৰান্সলৈ গুচি যায়।৩ বৰ্তমান তেওঁ পেৰিছৰ উপকণ্ঠ অঞ্চল ৰোমেইনভিলত তেওঁৰ স্বামী, চিত্ৰকৰ ক্লেমেণ্ট অ'ব্ৰেৰী (যি তেওঁৰ গ্ৰাফিক ধাৰণাসমূহৰ চিত্ৰণ) আৰু তেওঁলোকৰ সৰু পুত্ৰৰ সৈতে থাকে।৪ প্ৰথমখন গ্ৰাফিক উপন্যাস আয়া লিখাৰ সময়ত পেৰিছত আইনী সহায়িকা হিচাপে কাম কৰিছিল। আব’য়েটে যুৱক-যুৱতীসকলৰ বাবে উপন্যাস লিখিবলৈ চেষ্টা কৰিছিল যদিও প্ৰকাশকে এই ধাৰাটোৰ ওপৰত যি বাধাৰ সৃষ্টি কৰিছিল, সেইবোৰৰ বাবে তেওঁ হতাশাত হাৰ মানিছিল। আইনী সহায়িকা হিচাপে চাকৰি এৰি পূৰ্ণকালীন লেখাত মনোনিৱেশ কৰে।৪

তেওঁৰ গ্ৰন্থ আয়া ১৫টা ভাষালৈ অনুবাদ কৰা হৈছে। আব’য়েটৰ আন আন ৰচনাসমূহৰ ভিতৰত আছে শিশুৰ কিতাপ আকিচি: আটাক ডি চেটছ (২০১০)। লেখাৰ উপৰিও তেওঁ Des livres pour tous (Books for All) নামৰ সংস্থাটো চলায় যিয়ে আফ্ৰিকান শিশুসকলৰ বাবে সাক্ষৰতা শিক্ষাৰ প্ৰসাৰৰ বাবে আফ্ৰিকাত পুথিভঁৰাল নিৰ্মাণ আৰু সমৰ্থন কৰে।৫

আয়া

আয়া আব’য়েটৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ। তদুপৰি তেওঁৰ প্ৰথম গ্ৰাফিক উপন্যাসৰ উদ্যোগ, লগতে তেওঁৰ স্বামীৰ সৈতে সহযোগিতামূলক প্ৰচেষ্টা, যাৰ বাবে আয়াই প্ৰথমবাৰৰ বাবে গ্ৰাফিক উপন্যাসৰ ছবি ডাঙি ধৰিছিল। পাৰ্চেপলিছৰ লেখিকা মাৰ্জানে সত্ৰাপীৰ দ্বাৰা তেওঁ এখন গ্ৰাফিক নভেল কৰিবলৈ প্ৰভাৱিত হৈছিল।৩ যুদ্ধ আৰু দুৰ্ভিক্ষৰ বাহিৰেও অন্যান্য বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আফ্ৰিকা এখন দেখুৱাবলৈ তেওঁৰ ইচ্ছাৰ পৰাও ই উদ্ভৱ হৈছিল, যিটো সাধাৰণতে আফ্ৰিকাক চিত্ৰিত কৰাত সংবাদ মাধ্যমে গুৰুত্ব দিয়ে।৬ তেওঁৰ চৰিত্ৰবোৰে স্কুলত পঢ়ে, কামলৈ খোজ কাঢ়ি যায়, ভৱিষ্যতৰ পৰিকল্পনা কৰে আৰু আন সকলো ঠাইতে ঘটাৰ দৰেই আইভৰি কোষ্টত ঘৰুৱা জটিলতাত আবদ্ধ হৈ পৰে।৭ কাহিনীটোক আৱ’য়েটৰ সহ-পৰিচালক আয়া অৱ ইয়প চিটি নামৰ এনিমেটেড ছবিলৈ ৰূপান্তৰিত কৰা হৈছে।৮

আয়াক আত্মজীৱনীমূলক বুলি অস্বীকাৰ কৰে আৱ’য়েটে, মাথোঁ এই অৰ্থত যে, ইয়াত তেওঁ চিনাকি আইভৰি কোষ্টক চিত্ৰিত কৰা হৈছে। ডাঙৰ হোৱাৰ পিছত চৰিত্ৰবোৰ তেওঁ চিনি পোৱা মানুহৰ ওপৰত আধাৰিত যদিও পৰিস্থিতিবোৰ বিশুদ্ধ কাল্পনিক।৩

বিশেষকৈ প্ৰথমবাৰৰ বাবে লিখা লেখকৰ বাবে আয়াক সফল বুলি গণ্য কৰা হৈছে। ২০০৬ চনত ই প্ৰথম কমিক বুকৰ বাবে এংগোলেম আন্তৰ্জাতিক কমিক্স উৎসৱৰ বঁটা লাভ কৰে আৰু কেৱল ফ্ৰান্সতে ইয়াৰ ২ লাখতকৈ অধিক কপি বিক্ৰী হয় আৰু দ্বিতীয়খন কিতাপ ওলোৱাৰ সময়লৈকে বিশ্বজুৰি ৩ লাখ ৫০ হাজাৰতকৈ অধিক কপি বিক্ৰী হয়।৯৫ কানাডাৰ প্ৰকাশক ড্ৰ’ন এণ্ড কোৱাৰ্টাৰলিয়ে ইংৰাজী ভাষাৰ সংস্কৰণটো আমেৰিকাত বিতৰণ কৰিছিল। তেওঁলোকে ১০,০০০ তকৈ অধিক কপি ছপা কৰিছিল,৯ আমেৰিকাত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা গ্ৰাফিক উপন্যাসৰ বাবে ই এক উল্লেখযোগ্য সংখ্যা।৯ আৱ’য়েটে তেওঁৰ ফৰাচী প্ৰকাশকক তেওঁৰ জন্মভূমি আইভৰি কোষ্টত গ্ৰাফিক উপন্যাসখনৰ সস্তা, কোমল কভাৰ কপি বিক্ৰী কৰিবলৈ বুজাইছিল।৯ ২০২৪ চনলৈকে আয়া আৰু আকিছি মিলি ১,০০০,০০০ কপিতকৈও অধিক বিক্ৰী হৈছে।১০

২০২৩ চনৰ হিচাপত আয়া শৃংখলাত ৮খন গ্ৰাফিক উপন্যাস সন্নিবিষ্ট কৰা হৈছে, ইয়াৰে ৭খন ইংৰাজী ভাষাত প্ৰকাশ পাইছে।১১ নিউয়ৰ্ক টাইমছৰ মতে, জৰ্জ ফ্লয়ডৰ প্ৰতিবাদৰ সময়ত আয়াৰ কিতাপৰ বিক্ৰী বৃদ্ধি পাইছিল আৰু এই ধাৰাবাহিকখনে বিশ্বজুৰি বিশেষকৈ ফৰাচী ভাষী আফ্ৰিকান প্ৰব্ৰজনকাৰীসকলৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছিল।১১

তথ্যসূত্ৰ

  1. ↑ Marguerite Abouet & Clément Oubrerie Biography at Drawn & Quarterly
  2. ↑ (2024-09-21). Marguerite Abouet, créatrice de la bande dessinée « Aya de Yopougon », victime d’une campagne raciste
  3. ↑ Zuarino, John, "An Interview with Marguerite Abouet", Bookslut website (May 2007)
  4. ↑ Ajayi, Angela. "Drawing on the Universal in Africa: An Interview with Marguerite Abouet", Wild River Review website
  5. ↑ Marguerite Abouet. The Poetry Foundation
  6. ↑ Review of Aya. Ilyuhen
  7. ↑ Deppey, Dirk. (19 March 2007). Review of Aya. The Comics Journal
  8. ↑ "Aya of Yop City (2013)", IMDb
  9. ↑ Berretta, Davide. (5 September 2008). The Cartoon Heart of Africa. The Wall Street Journal
  10. ↑ (2024-10-04). Marguerite Abouet, star de la BD francophone: "La langue française est métisse". France 24
  11. ↑ (2024-02-10). A Graphic Novel Finds a Relatable Hero in a Modern African Woman

সম্পৰ্কিত শ্ৰেণী

কাৰ্টুনিষ্টলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্গাৰট আৱ’য়েট” প্ৰবন্ধৰ সংশোধন ৪৯৫৬৪২ (২২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।