মাৰা ৰুডমেন (Mara Rudman) আমেৰিকা চৰকাৰৰ প্ৰাক্তন বিষয়া, বৰ্তমান চেণ্টাৰ ফৰ আমেৰিকান প্ৰগ্ৰেছৰ নীতিৰ কাৰ্যবাহী উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১ তেওঁ কোৰাম ষ্ট্ৰেটেজিছৰ সভানেত্ৰী আৰু মিডল ইষ্ট প্ৰগ্ৰেছৰ এগৰাকী উপদেষ্টা।২
প্ৰাথমিক জীৱন আৰু শিক্ষা
টেক্সাছৰ ছান এণ্টনিঅ'ত জন্মগ্ৰহণ কৰা মাৰা ৰুডমেনে মেছাচুচেটছৰ হায়ানিছত ডাঙৰ হৈছিল।৩ তেওঁ ডাৰ্টমাউথ কলেজৰ পৰা ছামা কাম ল’ড ডিগ্ৰী আৰু হাৰ্ভাৰ্ড ল স্কুলৰ পৰা কাম ল’ড ডিগ্ৰী লাভ কৰিছে।৪
কেৰিয়াৰ
মাৰা ৰুডমেনে ৰাষ্ট্ৰপতি ওবামা আৰু ক্লিণ্টনৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ৰ বাবে ৰাষ্ট্ৰপতিৰ উপ-সহকাৰী, আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাৰ মধ্যপ্ৰাচ্যৰ বাবে সহকাৰী প্ৰশাসককে ধৰি ৰাজহুৱা সেৱাসমূহ কাৰ্যকৰী কৰিছিল।৫ তেওঁ আমেৰিকাৰ কংগ্ৰেছী গেৰী ষ্টাডছৰ সহায়িকা আছিল, আৰু হাৰ্ভাৰ্ড ল স্কুলৰ হিউমেন ৰাইটছ জাৰ্নেলৰ মুখ্য সম্পাদক আছিল।৬ ১৯৯৩-১৯৯৭ চনলৈকে ৰুডমেনে সদনৰ বৈদেশিক পৰিক্ৰমা সমিতিৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে অধ্যক্ষ লি হেমিল্টন (ডি-আইএন)ৰ অধীনত কাৰ্যনিৰ্বাহ কৰিছিল।২ তেওঁ ১৯৯৯ চনৰ পৰা ২০০১ চনলৈকে ৰাষ্ট্ৰপতি ক্লিণ্টনৰ উপ-ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখ্য কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৭ ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে কৌশলগত পৰিকল্পনাৰ জ্যেষ্ঠ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু তাৰ পিছত তেওঁ এগৰাকী জ্যেষ্ঠ ফেলো আৰু মিডল ইষ্ট প্ৰগ্ৰেছৰ প্ৰতিষ্ঠাপক আছিল।৮ তেওঁ আমেৰিকান বিশ্ববিদ্যালয়ত ডিপ্লমেট ইন ৰেচিডেন্স পদত, আৰু ডাৰ্টমাউথ আৰু জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত এডজাণ্ট পদত অধ্যাপনা কৰিছে।৯৪
সন্মান আৰু স্বীকৃতি
- বৈদেশিক সম্পৰ্ক পৰিষদৰ সদস্য১০
- এছপেন ইনষ্টিটিউট ক্ৰাউন ফেলো ৯
- ১৯৮৪ চনত মাৰা ৰুডমেনে বেনেট ৰচনা বঁটা লাভ কৰে১১
- ডাৰ্টমাউথৰ ৪০ বাউণ্ড ফৰ ফিউচাৰ গ্ল’ৰী১২
তথ্যসূত্ৰ
- ↑ Mara Rudman. Center for American Progress
- ↑ (15 Jul 2007). Mara Rudman. Haaretz
- ↑ Biography of Mara E. Rudman. clintonwhitehouse4.archives.gov
- ↑ Mara Rudman. American University
- ↑ (14 December 2020). Obama alumni reunited as Biden fills out Cabinet. The Christian Science Monitor
- ↑ (March 1993). Mara Rudman '84. dartmouthalumnimagazine.com
- ↑ President Obama Announces More Key Administration Posts, 2/16/2011. The White House
- ↑ (17 August 2011). Find Your Mentors, Mara Rudman '84 Tells Dartmouth Students · Dartmouth. home.dartmouth.edu
- ↑ Georgetown University Faculty Directory. gufaculty360.georgetown.edu
- ↑ Membership Roster. Council on Foreign Relations
- ↑ Bennett Essay Prize Winners. Dartmouth College
- ↑ Front Cover · Dartmouth Alumni Magazine · March 1993. Dartmouth Alumni Magazine · The Complete Archive
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰা ৰুডমেন” প্ৰবন্ধৰ সংশোধন ৫৫০১৮৪ (১১ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।