মাৰিয়ানা ৰাইট ছেপমেন (Mariana Wright Chapman; ১৪ মাৰ্চ, ১৮৪৩ – ৯ নৱেম্বৰ, ১৯০৭) এগৰাকী আমেৰিকান সমাজ সংস্কাৰক আৰু নাৰী অধিকাৰ কৰ্মী আছিল৷ তেওঁৰ আটাইতকৈ সক্ৰিয় কাম আছিল কাৰাগাৰৰ সংস্কাৰ আৰু মহিলাৰ সম অধিকাৰৰ দিশত। ছেপমেনে হিক্সচাইট ছ’চাইটি অৱ ফ্ৰেণ্ডছত কৰা কামৰ জৰিয়তে সুপৰিচিত আছিল৷ ছেপমেন ব্ৰুকলিনৰ মহিলা ভোটাধিকাৰ সংস্থাৰ সভানেত্ৰী আছিল, যিটো কাৰ্যালয়ৰ পৰা তেওঁ পদত্যাগ কৰি নিউয়ৰ্ক ষ্টেট মহিলা ভোটাধিকাৰ সংস্থাৰ সভানেত্ৰী হৈছিল।১২
১৮৪৩ চনৰ ১৪ মাৰ্চত নিউয়ৰ্কত জন্মগ্ৰহণ কৰা মাৰিয়ানা ৰাইটৰ পিতৃৰ নাম ড° এৰন ৰাইট আৰু মাতৃ মেৰী উইলেটছ৷ তেওঁ নিউয়ৰ্কৰ এমোছ উইলেটছৰ কন্যা৷ দুয়োগৰাকীয়ে ছ'চাইটি অৱ ফ্ৰেণ্ডছৰ সদস্য।৩
তেওঁৰ প্ৰাৰম্ভিক শিক্ষা নিউয়ৰ্ক চহৰৰ ব্যক্তিগত বিদ্যালয়ত লাভ কৰে, য'ত ফ্ৰেণ্ডছ ইনষ্টিটিউটও অন্তৰ্ভুক্ত, যাক পিছলৈ ফ্ৰেণ্ডছ চেমিনাৰী বুলি কোৱা হয়,৪১৮৫৭ চনত পৰিয়ালটোক অহাইঅ'ৰ স্প্ৰিংব'ৰ'লৈ স্থানান্তৰিত কৰাৰ পিছত তেওঁ দুবছৰ এন্টিঅ'ক কলেজত পঢ়িছিল।৫২
১৮৬৪ চনত স্প্ৰিংব'ৰ' মান্থলী সভাৰ তত্বাৱধানত অহাইঅ'ৰ চিনচিনাটিৰ নোয়া এইচ ছেপমেনৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৮৮০ চনলৈকে তেওঁলোকে চিনচিনাটিৰ ওচৰতে বাস কৰে আৰু ব্ৰুকলিনলৈ (কিংছ কাউন্টি, নিউয়ৰ্ক) গুচি যায়।৬ তেওঁলোকৰ তিনিজন পুত্ৰ চাৰ্লছ, ৰাইট আৰু হাৱাৰ্ড আৰু দুগৰাকী কন্যা মেৰী আৰু চাৰ্লট আছিল।৭২
যেতিয়া গৱৰ্ণৰ ৰুজভেল্টে নিউয়ৰ্ক ৰাজ্যৰ বিধানসভাক পৰামৰ্শ দিছিল যে ই মহিলাসকলৰ বাবে কিছু পৰিমাণে প্ৰতিনিধিত্ব সম্প্ৰসাৰণ কৰিব লাগে৷ তেতিয়া ছেপমেন আছিল অন্যতম মহিলা যিসকলক তেওঁৰ সৈতে আলোচনা কৰিবলৈ নিউয়ৰ্কৰ আলবানিলৈ মাতি অনা হৈছিল। এই বিষয়ে বিধানসভাৰ সন্মুখতো তেওঁ কেইবাবাৰো ভাষণ দিছিল৷৮ যিহেতু ৰাজহুৱা বক্তাসকলৰ মাজত তেওঁ অস্বাভাৱিকভাৱে ফলপ্ৰসূ আছিল।২
ছেপমেন আছিল নিউয়ৰ্ক লীগ ফৰ পলিটিকেল এডুকেচনৰ চাৰ্টাৰ মেম্বাৰ।৯ থানাত মেট্ৰন নিযুক্তি দিয়া বিধেয়কখনৰ তেওঁ অন্যতম সমৰ্থক আছিল৷ তেওঁ কাৰাগাৰ সংস্কাৰৰ অন্যান্য শাৰী আৰু শান্তি আন্দোলনৰ সক্ৰিয় সমৰ্থক আছিল।২৮
তথ্যসূত্ৰ
- ↑ (November 11, 1907). Mrs. Mariana Wright Chapman. New-York Tribune. পৃ. 7
- ↑ (November 11, 1907). Mariana Wright Chapman. Death of a Woman of Much Influence in the Life and Thought of Brooklyn.. The Brooklyn Daily Eagle. পৃ. 4
- ↑ Friends' Intelligencer 1907, পৃ. 788
- ↑ Collection: Mariana Wright Chapman Family Papers · Archives & Manuscripts. archives.tricolib.brynmawr.edu
- ↑ Friends' Intelligencer 1907, পৃ. 788
- ↑ Friends' Intelligencer 1907, পৃ. 788
- ↑ Mariana W. Chapman Family Papers. www.swarthmore.edu
- ↑ (November 12, 1907). Mrs. Mariana Wright Chapman. The New York Times. পৃ. 9
- ↑ Friends' Intelligencer 1907, পৃ. 788
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিয়ানা ৰাইট ছেপমেন” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৬৬ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।