অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰ্গাৰেট কুপিন

মাৰ্গাৰেট কুপিন এগৰাকী বেলজিয়ামৰ ঔপন্যাসিক আৰু কবি। ২ ফেব্ৰুৱাৰী ১৮৬৭ চনত ব্ৰাছেলছত জন্ম গ্ৰহণ কৰা কুপিনৰ সম্পূৰ্ণ নাম মাৰ্গাৰেট আইমী ৰ'জিন কুপিন। তেওঁ নাৰীবাদী আছিল আৰু নাৰী মুক্তি আৰু নাৰীৰ সম অধিকাৰৰ পথ প্ৰদৰ্শক হৈ পৰিছিল।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৪ ৪১৫ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মাৰ্গাৰেট কুপিন এগৰাকী বেলজিয়ামৰ ঔপন্যাসিক আৰু কবি। ২ ফেব্ৰুৱাৰী ১৮৬৭ চনত ব্ৰাছেলছত জন্ম গ্ৰহণ কৰা কুপিনৰ সম্পূৰ্ণ নাম মাৰ্গাৰেট আইমী ৰ'জিন কুপিন। তেওঁ নাৰীবাদী আছিল আৰু নাৰী মুক্তি আৰু নাৰীৰ সম অধিকাৰৰ পথ প্ৰদৰ্শক হৈ পৰিছিল।১ তেওঁক মহিলা অধিকাৰ কৰ্মী আমেলিয়া ব্লুমাৰ আৰু এমেলিন পেনখাৰ্ষ্টৰ সৈতে তুলনা কৰা হয়।২

জীৱনী

মাৰ্গাৰেটৰ পিতৃ আছিল পশ্চিম ফ্লেণ্ডাৰছৰ উইজ্টশ্বেটত জন্ম গ্ৰহণ কৰা জৰীৰ ব্যৱসায়ী চাৰ্লছ-হেনৰী কপিন আৰু মাতৃ আছিল লিলে নামে ঠাইত জন্ম গ্ৰহণ কৰা মেৰী লেহাউট। কুপিনে ইছাবেল গাট্টি ডি গামণ্ডৰ অধীনত শিক্ষা গ্ৰহণ কৰিছিল আৰু তেওঁৰ পিছলৈ শিক্ষয়িত্ৰীৰ কামত সক্ৰিয় হৈ পৰিছিল৷

শিক্ষয়িত্ৰী হোৱাৰ পিছত তেওঁ ১৮৯১ চনত অষ্ট্ৰিয়াৰ এটা ধনী পৰিয়ালক শিক্ষকতাৰ সেৱা আগবঢ়ায়। ইয়াৰ পিছত তেওঁ মাকৰ সৈতে ব্ৰুজত থাকিবলৈ লয় আৰু ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱালৈকে তেওঁলোক তাতেই থাকে। তাত তেওঁ ইংৰাজ বাসিন্দাসকলক ফৰাচী ভাষা শিকাইছিল।

তেওঁৰ প্ৰথম উপন্যাসবোৰ লেখকৰ নাম নোহোৱাকৈ প্ৰকাশ পাইছিল। তেওঁ প্ৰথম সৃষ্টি ফ্ৰীমেছনৰী আৰু মুক্ত চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত এখন উদাৰ কাকত লা ৰিভুৱে ডি বেলজিকত ফেইলেটন হিচাপে প্ৰকাশ পাইছিল।

তেওঁৰ উপন্যাস “Hors sexe’’ য়ে এক কেলেংকাৰীৰ সৃষ্টি কৰিছিল। এই কিতাপখন চৰকাৰী অধিবক্তাই জব্দ কৰাৰ লগতে কুপিনৰ বিৰুদ্ধে এক গুৰুতৰ অশ্লীলতাৰ অভিযোগ উত্থাপন হয়। কিন্তু এই কথাৰ কোনো প্ৰভাৱ তেওঁৰ ওপৰত পৰা নাছিল যদিও ইয়াৰ পিছত কুপিনে তেওঁৰ মনৰ ভাৱ প্ৰকাশত অধিক সতৰ্ক হৈছিল।

ব্ৰুজ আৰু ব্ৰাছেলছৰ ফৰাচী সাংস্কৃতিক জীৱনৰ সৈতে তেওঁ সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। স্থানীয় কাকত যেনে জাৰ্নেল ডি ব্ৰুজ আৰু অষ্টেণ্ডৰ লে কেৰিলন আদিত তেওঁ অৰিহণা যোগাইছিল। ছা নোৱাহ( Chat Noir) হিচাপে চাৰ্কল লিটাৰেয়াৰ এক্সেলচিয়াৰৰ দৰে সাংস্কৃতিক সংস্থাত বক্তৃতা প্ৰদান কৰিছিল। তেওঁ ব্ৰিটিছ দৰ্শনাৰ্থীক মনোৰঞ্জন দিবলৈ বিশেষভাৱে নিযুক্তি দিয়া ব্ৰুজৰ প্ৰেছ ছিণ্ডিকেটৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, যেনে ১৯০২ চনত যেতিয়া ইংৰাজ সাংবাদিকৰ এটা দলে ব্ৰুজত ফ্লেমিছ প্ৰিমিটিভছৰ প্ৰদৰ্শনী দৰ্শন কৰিছিল।

ব্ৰুজৰ একাংশ নাগৰিকে তেওঁক সমালোচনা কৰিছিল, যেতিয়া তেওঁ চহৰৰ ৰাজপথত নিজে পিন্ধা স্কাৰ্টটো দুয়ো ভৰিত ক্লিপ মাৰি ট্ৰাউজাৰৰ দৰে কৰি বাইচাইকেল চলাই ফুৰিছিল৷ ১৯ শতিকাৰ নাৰীবাদী আৰু ভোটাধিকাৰবাদীসকলে এই চাইকেলখনক নাৰী মুক্তিত অৰিহণা যোগোৱা মহিলাসকলৰ বাবে "স্বাধীনতা যন্ত্ৰ" হিচাপে স্বীকৃতি দিছিল। "চাইকেলত এগৰাকী মহিলা? ব্ৰেজেন!" শীৰ্ষক ১৯৩৭ চনৰ শেষৰ ফালে প্ৰকাশিত অষ্ট্ৰেলিয়াৰ এটা বাতৰিয়ে সেই সময়ত ব্ৰুজত কিছুমান মানুহক স্তম্ভিত কৰি তুলিছিল বুলি কোৱা হয়। আমেলিয়া ব্লুমাৰৰ দৰেই কুপিনেও মহিলাসকলে পৰিধান কৰিব পৰাকৈ চাইকেল চলোৱাৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ এটা সুবিধাজনক আৰু আৰামদায়ক ট্ৰাউজাৰৰ দৰে কাপোৰ উদ্ভাৱন কৰিছিল।২

১৯১৪ চনত যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে কুপিনে ইংলেণ্ডলৈ পলায়ন কৰে৩ আৰু ১৯৩১ চনত মৃত্যুৰ আগলৈকে তাতে তেওঁ ফৰাচী ভাষাৰ শিক্ষা দিয়ে।২

কুপিন আছিল নৃতত্ত্ব আৰু থিয়ছফী বিষয়ত পাকৈত, যিটো তেওঁৰ উপন্যাসত স্পষ্ট। ১৯১৪ চনত কুপিনে ৰুডলফ ষ্টেইনাৰ আৰু হেলেনা ব্লাভাটস্কিয়ে প্ৰতিষ্ঠা কৰা অৰিয়েণ্ট ষ্টাৰৰ বঁটা লাভ কৰে।

প্ৰায় এশ বছৰ ধৰি বিস্মৃতিৰ গৰ্ভত থকা মাৰ্গাৰেট কুপিনৰ প্ৰতি আগ্ৰহ প্ৰকাশ পাইছে আৰু তেওঁৰ কিছুমান ৰচনাই পুনৰ প্ৰকাশ লাভ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Éliane Gubin, Marie-Sylvie Dupont-Bouchat, Dictionnaire des femmes belges Bruges, Lannoo Uitgeverij, 2006, Preview available
  2. ↑ (4 December 1937). Bicycle Ride that Shocked People of Bruges (World's News). The Herald. পৃ. 16
  3. ↑ Marguerite Coppin: Fin de siècle – Ressort cassé (1889). Question De Genre/GKC, Montpellier (France) 2011

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্গাৰেট কুপিন” প্ৰবন্ধৰ সংশোধন ৪১৮৫১২ (১৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।