ছাৰা মাৰ্গাৰেট কুৱেলী (ইংৰাজী ভাষা: Sarah Margaret Qualley; জন্ম: ২৩ অক্টোবৰ, ১৯৯৪) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। অভিনেত্ৰী এণ্ডি মেকডৱেলৰ কন্যা কুৱেলীয়ে শৈশৱত বেলে নৃত্যৰ প্ৰশিক্ষণ লৈছিল। তেওঁ ২০১৩ চনৰ ড্ৰামা ছবি পালো আল্টোৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে আৰু এইচবিঅ’ ড্ৰামা ধাৰাবাহিক দ্য লেফটঅভাৰ্ছত (২০১৪–২০১৭) সহযোগী চৰিত্ৰত অভিনয় কৰি স্বীকৃতি লাভ কৰে।
কুৱেলীয়ে দ্য নাইচ গাইজ (২০১৬), ডেথ নোট (২০১৭) আৰু ৱান্স আপন এ টাইম ইন হলিউড (২০১৯) ছবিৰ লগতে ডেথ ষ্ট্ৰেণ্ডিং (২০১৯) ভিডিঅ’ গেমতো অভিনয় কৰিছে। এফএক্স জীৱনীমূলক মিনি ধাৰাবাহিক ফছি/ভাৰডনত (২০১৯) এন ৰেইনকিঙৰ চৰিত্ৰত আৰু নেটফ্লিক্স ড্ৰামা মিনি ধাৰাবাহিক মেইডত (২০২১) নাম চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ প্ৰশংসা আৰু প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছে; ইয়াৰে শেষৰখনৰ বাবে তেওঁ গোল্ডেন গ্লোব বঁটাৰ মনোনয়নো লাভ কৰিছিল। কুৱেলীয়ে পৰৱৰ্তী সময়ত য়ৰ্গোছ লেণ্টিমোছৰ ছবি পুৰ থিংকছ (২০২৩) আৰু কাইণ্ডছ অফ কাইণ্ডনেছত (২০২৪) অভিনয় কৰে। ইয়াৰ উপৰি বডী হৰৰ ছবি দ্য চাবষ্টেন্সত (২০২৪) কৰা অভিনয়ৰ বাবে তেওঁ দ্বিতীয়বাৰৰ বাবে গোল্ডেন গ্লোব মনোনয়ন লাভ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৯৪ চনৰ ২৩ অক্টোবৰত মণ্টানাৰ কালিস্পেলত ছাৰা মাৰ্গাৰেট কুৱেলীৰ জন্ম হৈছিল।১২ তেওঁৰ পিতৃ-মাতৃ হ’ল অভিনেত্ৰী তথা মডেল এণ্ডি মেকডৱেল আৰু প্ৰাক্তন মডেল পল কুৱেলী। মাৰ্গাৰেটৰ এজন জ্যেষ্ঠ ভাতৃ জাষ্টিন আৰু এগৰাকী জ্যেষ্ঠ ভগ্নী ৰেইনী কুৱেলী আছে, যি এগৰাকী অভিনেত্ৰী আৰু গায়িকা।৩ তেওঁলোকৰ পৰিয়ালটো মণ্টানাৰ মিছুলাৰ এটা ফাৰ্ম হাউচত বাস কৰিছিল আৰু মাৰ্গাৰেটৰ চাৰি বছৰ বয়সত উত্তৰ কেৰোলিনাৰ বিল্টম'ৰ ফৰেষ্টলৈ স্থানান্তৰিত হৈছিল।৪ মাৰ্গাৰেটৰ পাঁচ বছৰ বয়সত তেওঁৰ পিতৃ-মাতৃৰ বিচ্ছেদ ঘটে আৰু তেওঁ দুয়োৰে সৈতে সমানে সময় কটাইছিল।৫

উত্তৰ কেৰোলিনাৰ অ্যাশ্বভিলত ডাঙৰ-দীঘল হোৱা মাৰ্গাৰেট আৰু তেওঁৰ ভগ্নী দুয়ো আছিল ডেবিউটেণ্ট (debutantes); তেওঁলোকে পেৰিছৰ বাল ডেচ ডেবিউটেণ্টছত (Bal des débutantes) অংশ লৈছিল।৬ ১৪ বছৰ বয়সত কুৱেলীয়ে ঘৰ এৰি ইউনিভাৰ্চিটি অফ নৰ্থ কেৰোলিনা স্কুল অফ দি আৰ্টছত নৃত্য অধ্যয়ন কৰিবলৈ যায়।৫ তেওঁ এগৰাকী বেলে নৃত্যশিল্পী হিচাপে প্ৰশিক্ষণ লৈছিল আৰু আমেৰিকান বেলে থিয়েটাৰত কাম কৰাৰ সুযোগ পোৱাৰ লগতে নিউয়ৰ্কৰ প্ৰফেশ্যনেল চিলড্ৰেনছ স্কুলত অধ্যয়ন কৰিছিল।৭
১৬ বছৰ বয়সত কুৱেলীয়ে নৃত্য এৰাৰ সিদ্ধান্ত লয়। নিউয়ৰ্কত থাকিবলৈ তেওঁ এগৰাকী মডেল হিচাপে কাম আৰম্ভ কৰে।৫ পৰৱৰ্তী সময়ত তেওঁ অভিনয়ত মনোনিৱেশ কৰে আৰু লণ্ডনৰ ৰয়েল একাডেমী অফ ড্ৰামাটিক আৰ্টৰ গ্ৰীষ্মকালীন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।৫ তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছিল যদিও অভিনয়ৰ সুযোগ পোৱাৰ বাবে এটা চেমিষ্টাৰৰ পিছতে আধাতে পঢ়া এৰে।৭
তথ্যসূত্ৰ
- ↑ (October 23, 2022). UPI Almanac for Sunday, Oct. 23, 2022. UPI
- ↑ InStyle Magazine Covers: 1995. In Style Magazine
- ↑ Garfield, Ken. (July 13, 2001). The two lives of Andie MacDowell. The Charlotte Observer
- ↑ Rovzar, Chris. (March 21, 2014). Rainey and Margaret Qualley on Their Singing and Acting Careers. Vanity Fair
- ↑ Thomas Corr. (June 14, 2017). Introducing indie actress Margaret Qualley. Evening Standard
- ↑ (June 20, 2015). Debutantes in movies: Stars of stage and screen. NOLA.com
- ↑ (June 26, 2014). Meet Margaret Qualley: HBO's Next It Girl. Vogue
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্গাৰেট কুৱেলী” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৭৮ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।