মাহনাজ মোহম্মদী (ফাৰ্চী ভাষা: مهناز محمدی; জন্ম ১ জানুৱাৰী ১৯৭৫, তেহৰাণ) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু নাৰী অধিকাৰ কৰ্মী। তেওঁ ২০০৩ চনত তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ ৱিমেন ৱিপাউট শ্বিল্ড'জ ৰচনা আৰু পৰিচালনা কৰিছিল, যিয়ে এখন চৰকাৰী আশ্ৰয় শিবিৰত গৃহহীন আৰু পৰিত্যক্ত মহিলাৰ জীৱন চিত্ৰিত কৰিছিল। এই চলচ্চিত্ৰখন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত আৰু পুৰস্কৃত হৈছে।১২৩
মাহনাজে বিভিন্ন প্ৰামাণ্যচিত্ৰ ৰচনা, পৰিচালনা আৰু প্ৰযোজনা কৰিছে, যাৰ কৰ্মৰাজিত অন্তৰ্ভুক্ত হৈছে ট্ৰেভেল’গ নামৰ আন এখন বঁটা বিজয়ী চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন ২০১০ চনত পেৰিছৰ চিনেমাটেকৰ উদ্যোগত আয়োজিত "এ ডে ইন তেহৰাণ" কাৰ্যসূচীত প্ৰদৰ্শিত হৈছিল।৪
তেওঁ নাৰীবাদী আন্দোলনৰ সৈতেও সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁক অষ্ট্ৰিয়াৰপৰা ২০১৫ চনত বাক-স্বাধীনতাৰ বঁটা 'জৰ্জ ২০১৫' প্ৰদান কৰা হৈছিল।৫
চলচ্চিত্ৰ কেৰিয়াৰ
ৱিমেন ৱিপাউট শ্বিল্ড'জ (২০০৩)
মাহনাজ মোহম্মদীয়ে ২০০৩ চনত তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ ৱিমেন ৱিপাউট শ্বিল্ড'জ ৰচনা আৰু পৰিচালনা কৰিছিল, যাৰ প্ৰযোজনা কৰিছিল আমিৰ ছামাৱাটীয়ে। এখন চৰকাৰী আশ্ৰয় শিবিৰত গৃহহীন আৰু পৰিত্যক্ত মহিলাসকলৰ জীৱন চিত্ৰিত কৰা এই চলচ্চিত্ৰখন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত আৰু পুৰস্কৃত হৈছে।৬৭
ট্ৰেভেল’গ (২০০৮)
তেওঁ নিজেই বিভিন্ন প্ৰামাণ্যচিত্ৰ ৰচনা, পৰিচালনা আৰু প্ৰযোজনা কৰিছে, যাৰ ভিতৰত ট্ৰেভেল’গ নামৰ আন এখন বঁটা বিজয়ী চলচ্চিত্ৰ অন্যতম। তেহৰাণ আৰু আংকাৰাৰ মাজত চলাচল কৰা ৰেলৰ ভিতৰত শ্বুটিং কৰা এই ছবিখনত পৰিচালকে যাত্ৰীসকলক লগ পাইছিল আৰু তেোঁলোকক নিজৰ দেশ এৰি যোৱাৰ কাৰণবোৰৰ বিষয়ে প্ৰশ্ন কৰিছিল। এই চলচ্চিত্ৰখন ২০১০ চনত পেৰিছৰ চিনেমাটেকৰ উদ্যোগত আয়োজিত "এ ডে ইন তেহৰাণ" কাৰ্যসূচীত প্ৰদৰ্শিত হৈছিল আৰু তাত মোহম্মদী নিজেও উপস্থিত আছিল।৪৮৯
এই চলচ্চিত্ৰখন মুক্তি পোৱাৰপৰাই ইৰানী কৰ্তৃপক্ষই তেওঁক দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। আনকি ৰেজা ছেৰকানীয়ানৰদ্বাৰা পৰিচালিত চলচ্চিত্ৰ ৱেডিং ইফেমেৰেলছৰ বাবে কান চলচ্চিত্ৰ মহোৎসবলৈ আমন্ত্ৰিত হোৱাৰ পিছতেও তেওঁক যাবলৈ দিয়া হোৱা নাছিল, যিখন ছবিত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১০
ৱী আৰ হাফ দ্য ইৰানছ পপুলেশ্যন (২০০৯)
মাহনাজ মোহম্মদীয়ে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰাখশান বাণী-এতেমাদৰ প্ৰামাণ্যচিত্ৰ ৱী আৰ হাফ দ্য ইৰানছ পপুলেশ্যনতো অৱদান আগবঢ়াইছে। এই ছবিত ২০০৯ চনৰ বিতৰ্কিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ইৰানী মহিলাসকলৰ দাবীসমূহ চিত্ৰিত কৰা হৈছিল, যাৰ ফলত মাহমুদ আহমাদিনেজাদে দ্বিতীয়বাৰৰ বাবে কাৰ্যকাল লাভ কৰিছিল। ২০১১ চনত এই চলচ্চিত্ৰখন ভিয়েনাৰ চলচ্চিত্ৰ মহোৎসৱ "দিছ হিউমেন ৱৰ্ল্ড"ত প্ৰদৰ্শিত হৈছিল।১১
ছন-মাদাৰ (২০১৯)
মাহনাজে ২০১৯ চনত তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কল্পকাহিনীভিত্তিক চলচ্চিত্ৰ ছন-মাদাৰ পৰিচালনা কৰে, যাৰ প্ৰিমিয়াৰ ৪৪সংখ্যক টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অনুষ্ঠিত হৈছিল।১২১৩ এই চলচ্চিত্ৰখনক প্ৰাগৰ ফেবিঅ' ফেষ্ট চলচ্চিত্ৰ মহোৎসৱৰ এমনেষ্টি বঁটা, ইস্তানবুল চলচ্চিত্ৰ মহোৎসৱৰ দৰ্শকৰ পছন্দৰ বঁটা আৰু ২০২০ চনৰ ৰোম ফিল্ম ফেষ্টৰ বিশেষ জুৰী বঁটা প্ৰদান কৰা হৈছে।১৪ ছন-মাদাৰ ছবিয়ে জুৰিখ চলচ্চিত্ৰ মহোৎসৱ, ইটালীৰ এলিচ নেলা চিটা, কোপেনহেগেনৰ চিপিএইচ:পিক্স, লছ এঞ্জেলছৰ এএফআই ফেষ্ট, গোৱাৰ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ৰিও ডি জেনেইৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গোটেবৰ্গ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গ্লাছগো চলচ্চিত্ৰ মহোৎসৱ, এডিনবৰা ইৰানী চলচ্চিত্ৰ মহোৎসৱ, হংকং আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, জ্লিন আন্তঃৰাষ্ট্ৰীয় শিশু আৰু যুৱ চলচ্চিত্ৰ মহোৎসৱ আৰু ফিল্মফেষ্ট হামবাৰ্গৰ দৰে অসংখ্য আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছে।১৫১৬১৭
তথ্যসূত্ৰ
- ↑ Mahnaz Mohammadi. freethework.com
- ↑ (2020-11-04). Mahnaz Mohammadi. Persian Film Festival Australia
- ↑ Son-Mother. www.betacinema.com
- ↑ Mahnaz Mohammadi. Media Nest
- ↑ (2014-06-18). Iranian film-maker jailed for five years for 'collaborating with the BBC'. the Guardian
- ↑ 'Sufficient to Be Arrested': Female Filmmaker Mahnaz Mohammadi. FRONTLINE - Tehran Bureau
- ↑ Goodfellow, Melanie. (2011-06-29). Concerns grow for arrested Iranian filmmaker Mahnaz Mohammadi. Screen
- ↑ Refworld · 2014 prison census - Iran: Mahnaz Mohammadi. Refworld. United Nations High Commissioner for Refugees
- ↑ (2021-03-13). Iranian movies line up for Hong Kong festival. Tehran Times
- ↑ Serkanian, Reza. (2011-11-09). The Momentary Marriage. Overlap Films, Fonds Sud Cinéma, Centre National du Cinéma et de l'Image Animée
- ↑ of-irans-population We Are Half of Iran's Population. Oberon Amsterdam
- ↑ Son-Mother (2019) - IMDb. ://imdb.com
- ↑ (2020-03-15). Review: "Son-Mother" Dismantles A Family Unit In Mahnaz Mohammadi's Heartbreaking Debut. Cinema Escapist
- ↑ (October 29, 2019). Iran’s “Son-Mother” honored at Rome Film Fest. Tehran Times
- ↑ Son-Mother · Films from the South. www.filmfrasor.no
- ↑ (8 September 2019). Cinema Scope · Son-Mother (Mahnaz Mohammadi, Iran/Czech Republic) — Discovery. cinema-scope.com
- ↑ (2020-03-25). Son-Mother: Director Mahnaz Mohammadi Discusses Making Independent Film In Iran. Universal Cinema
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাহনাজ মোহম্মদী” প্ৰবন্ধৰ সংশোধন ৬১৩৮৪১ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।