অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰিয়া পুনলেৰ্টলাৰ্প

মাৰিয়া লিন এহ্ৰেন (থাই: มาเรีย ลินน์ เอียเรียน, পেছাগতভাৱে মাৰিয়া পুনলেৰ্টলাৰ্প (มารีญา พูลเลิศลาภ), জন্ম: ১৮ জানুৱাৰী ১৯৯২), এগৰাকী ছুইডিছ-থাই অভিনেত্ৰী, মডেল, কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০১৭ জয় কৰে।

হালনাগাদ: ১৩ আগষ্ট ২০২৬ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মাৰিয়া লিন এহ্ৰেন (থাই ভাষা: มาเรีย ลินน์ เอียเรียน, পেছাগতভাৱে মাৰিয়া পুনলেৰ্টলাৰ্প (มารีญา พูลเลิศลาภ), জন্ম: ১৮ জানুৱাৰী ১৯৯২), এগৰাকী ছুইডিছ-থাই অভিনেত্ৰী, মডেল, কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০১৭ জয় কৰে। তেওঁ থাইলেণ্ডক প্ৰতিনিধিত্ব কৰি মিছ ইউনিভাৰ্ছ ২০১৭ত অংশগ্ৰহণ কৰে, য’ত তেওঁ শীৰ্ষ ৫ত স্থান লাভ কৰে।

কেৰিয়াৰ

২০১৬ চনৰ আগষ্ট মাহত পুনলেৰ্টলাৰ্পে ভোগ থাইলেণ্ডৰ কভাৰত পোজ দি মডেলিঙৰ কেৰিয়াৰ আৰম্ভ কৰে।১

২০১৮ চনত তেওঁ এছিয়াৰ নেক্সট টপ মডেল (ছিজন ৬)-ৰ চতুৰ্থ খণ্ডত অতিথি তাৰকা হিচাপে অংশগ্ৰহণ কৰে।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ দ্য ফেচ থাইলেণ্ড (ছিজন ৫)-ত টনি ৰাক্কেন, বিৰাহ্যা পাত্তৰাচোকচাই আৰু বেংক অনুসিথৰ সৈতে গুৰু হিচাপে যোগদান কৰে।

পেজেণ্ট্ৰি

মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০১৭

২০১৭ চনৰ ২৯ জুলাইত পুনলাৰ্টলাৰ্পে মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০১৭ লাভ কৰে। ইয়াৰ প্ৰাৰম্ভিক ছেগমেণ্টৰ সময়ত পুনলাৰ্টলাৰ্পে বেংকক এয়াৰৱেজৰ পৃষ্ঠপোষকতাত বুটিক লেডী খিতাপ লাভ কৰে, যাৰ সৈতে ১০০,০০০ বাট নগদ ধন আৰু আগন্তুক মিছ ইউনিভাৰ্ছ ২০১৭ প্ৰতিযোগিতাৰ গন্তব্যস্থানলৈ বিনামূলীয়া ৰাউণ্ড-ট্ৰিপ প্ৰথম শ্ৰেণীৰ বিমান টিকট প্ৰদান কৰা হৈছিল।২

প্ৰতিযোগিতাখনৰ সময়ত পুনলাৰ্টলাৰ্পক সোধা হৈছিল যে মহিলা হোৱাটো কি কঠিন। তাই উত্তৰ দিলে:

থাইলেণ্ডত পুৰুষ-মহিলাৰ সমতা এতিয়াও সমান নহয়, কিন্তু আগবাঢ়ি যাবলৈ পুৰুষ-মহিলা উভয়ে হাত ধৰি একেলগে আগবাঢ়িব লাগিব, কাৰণ ই কেৱল মহিলাৰ বিষয় নহয়। এই পৰ্যায়ে মোক সফলতা লাভ কৰাত সহায় কৰিব আৰু থাইলেণ্ডক সহায় কৰিবলৈ ভেটি গঢ়ি তুলিব।৩৪৫

প্ৰতিযোগিতাখনৰ সময়ত তেওঁ কয় যে তেওঁ যৌন সমতা, কিশোৰ-কিশোৰী গৰ্ভাৱস্থা, সঠিক আৱৰ্জনা নিষ্কাশন আৰু গৃহহীন লোকৰ যত্ন লোৱাৰ বিষয়সমূহৰ ওপৰত কাম কৰিব বিচাৰে।৫

মিছ ইউনিভাৰ্ছ ২০১৭

২০১৭ চনৰ ২৬ নৱেম্বৰত আমেৰিকাৰ লাছ ভেগাছত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ২০১৭ত থাইলেণ্ডক প্ৰতিনিধিত্ব কৰি পুনলাৰ্টলাৰ্পে শীৰ্ষ পাঁচটা স্থান দখল কৰে।

প্ৰতিযোগিতাখনত পুনলাৰ্টলাৰ্পে থাই জাতীয় সাজ-পোছাক পৰিধান কৰিছিল, যিটো থাই জাতীয় মহাকাব্য ৰামাকিয়েনৰ পৰা অনুপ্ৰাণিত হৈছিল। ইয়াৰ ডিজাইন কৰিছিল প্ৰপাকাস আংসুসিংহাই।৬৭৮

এহৰেনে খোন অধ্যয়ন আৰু অনুশীলন কৰিবলগীয়া হৈছিল, য'ত পৰম্পৰাগত থাই নৃত্য আৰু হুন ক্ৰাবক পুতলা শিল্প অন্তৰ্ভুক্ত।৯

ব্যক্তিগত জীৱন

পুনলেৰ্টলাৰ্প এগৰাকী বৌদ্ধ ধৰ্মাৱলম্বী।১০১১ তেওঁ থাইলেণ্ডৰ শিশুসকলৰ বাবে থাই ৰাজকীয় পৰিয়ালে পৃষ্ঠপোষকতা কৰা অলাভজনক প্ৰতিষ্ঠান ডুয়াং প্ৰতীপত স্বেচ্ছামূলক ইংৰাজী শিক্ষয়িত্ৰী হিচাপে সেৱা আগবঢ়ায়।১২

২০২০ চনত তেওঁ ২০২০ চনৰ থাইলেণ্ডৰ প্ৰতিবাদৰ অংশগ্ৰহণকাৰীসকলৰ প্ৰতি নিজৰ সমৰ্থন প্ৰকাশ কৰে।১৩

তথ্যসূত্ৰ

  1. ↑ Nutsatabhorn, Papassara. จากเด็กใหม่เมื่อ 11 ปีที่แล้ว! ทีมโว้กเล่าครั้งแรกที่เจอ 'มารีญา' มิสยูนิเวิร์สไทยแลนด์. Vogue Thailand
  2. ↑ (10 August 2017). Bangkok Airways welcomes Miss Universe Thailand 2017 and runners-up. Pacific Asia Travel Association
  3. ↑ (7 November 2017). EP2: GET TO KNOW MORE ABOUT: MARIA POONLERTLARP. Miss Universe Thailand
  4. ↑ (29 July 2017). Miss Universe Thailand 2017 - Top 2 Final Question & Crowning (Part 12)
  5. ↑ Thaitrakulpanich, Asaree. (30 July 2017). Multicultural 'Maria' Crowned Miss Universe Thailand. Khaosod English
  6. ↑ (11 September 2017). "เมขลาล่อแก้ว" ชนะเลิศชุดประจำชาติมิสยูนิเวิร์สไทยฯ "มารีญา" สวมชุด "รามสูร". Matichon Online
  7. ↑ (11 September 2017). Miss Thailand Maria Poonlertlarp Ehren's National Costume for Miss Universe 2017. Pageanthology 101
  8. ↑ (3 September 2017). HOOK'S. Elle Thailand
  9. ↑ Thaitrakulpanich, Asaree. (12 September 2017). Miss Universe Thailand to Be Maiden-Chasing Ogre in Las Vegas. Khaosod English
  10. ↑ (25 November 2017). น่าอยู่มาก! เปิดคอนโดหรู ตกแต่งสไตล์ไทย 'มารีญา' มิสยูนิเวิร์สไทยแลนด์. Thai Rath
  11. ↑ (12 November 2017). ตีท้ายครัว · มารีญา พูลเลิศลาภ · 12 พ.ย.60 · FULL. NGOA TV
  12. ↑ (13 September 2017). Reflections on Adolescent Pregnancy Workshop (Maria Poonlertlarp Miss Universe Thailand 2017)
  13. ↑ (19 July 2020). 'มารีญา' โพสต์ประกาศจุดยืนขออยู่ข้าง 'เยาวชนปลดแอก'. Siam Rath

সম্পৰ্কিত শ্ৰেণী

থাইলেণ্ডৰ ব্যক্তিমডেলসৌন্দৰ্য প্ৰতিযোগীনাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিয়া পুনলেৰ্টলাৰ্প” প্ৰবন্ধৰ সংশোধন ৬২৬৬৬৬ (১৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।