মাৰিছা অনিতা (জন্ম: ২৯ মাৰ্চ ১৯৮৩; ইণ্ডোনেচিয়াৰ পূব জাভাৰ চুৰাবায়াত) এগৰাকী ইণ্ডোনেচিয়ান সাংবাদিক, অভিনেত্ৰী আৰু টেলিভিছন নিউজ প্ৰেজেণ্টাৰ। তেওঁ ২০০৫ চনত এগৰাকী থিয়েটাৰ অভিনেত্ৰী হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল, কিন্তু ২০০৮ চনত ‘মেট্ৰ’ টিভি’ৰ টেলিভিছন নিউজ ৰিপৰ্টাৰ আৰু পৰৱৰ্তী সময়ত নিউজ এংকৰ হিচাপে জনপ্ৰিয়তা লাভ কৰে। ২০১৩ চনত লাকী কুচৱাণ্ডিৰ নাটক ইন দ্য এবচেঞ্চ অফ দ্য চানত এটা সহযোগী চৰিত্ৰৰ জৰিয়তে তেওঁৰ অভিনয় জীৱন আৰম্ভ হয়, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ ‘মায়া বঁটা’ লাভ কৰে।
জোকো আনৱাৰৰ ইমপেটিগোৰ (২০২০)ৰ লগতে লাকী কুচৱাণ্ডিৰ গালিহ এণ্ড ৰত্না (২০১৭) আৰু আলী এণ্ড ৰাটু ৰাটু কুইন্স (২০২১) ছবিত অভিনয়ৰ বাবে তেওঁ তিনিবাৰকৈ ‘চিত্ৰ বঁটা’ৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছে আৰু শেষৰখন ছবিৰ বাবে এই বঁটা জয় কৰিছে। শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ ‘মায়া বঁটা’ৰ ট্ৰফীৰ উপৰি তেওঁ আৰু তিনিটা মনোনয়ন লাভ কৰিছে: মুখ্য চৰিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰী (চোলো, চলিটিউড) আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (ইমপেটিগোৰ আৰু আলী এণ্ড ৰাটু ৰাটু কুইন্স)।
প্ৰাৰম্ভিক জীৱন
অনিতা মাকৰফালৰপৰা ইণ্ডোনেচিয়াৰ মিনংকাবাউ বংশোদ্ভূত আৰু দেউতাকৰফালৰপৰা জাভানীজ আৰু চীনা ইণ্ডোনেচিয়ান বংশৰ মিশ্ৰণ।১ তেওঁ পৰিয়ালৰ মাজৰ সন্তান আৰু তেওঁৰ এজন ককায়েক আৰু এজন ভায়েক আছে। অনিতাই ২০০৫ চনত আটমা জয়া কেথলিক ইউনিভাৰ্চিটি অৱ ইণ্ডোনেচিয়াৰপৰা টিইএছএল বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি শ্ৰেণীৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰে। ইয়াৰ পিছত ২০০৭ চনত ইউনিভাৰ্চিটি অৱ চিডনীৰপৰা মিডিয়া প্ৰেকটিচত স্নাতকোত্তৰ ডিগ্ৰী আৰু ২০১৭ চনত লফবৰো ইউনিভাৰ্চিটিৰপৰা ডিজিটেল মিডিয়া এণ্ড চচাইটি বিষয়ত আন এক স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২
কৰ্মজীৱন
অনিতাই ২০০৫ চনত স্কুলত পঢ়ি থকা সময়তে 'দ্য জাকাৰ্টা প্লেয়াৰ্ছ' গোষ্ঠীৰ সৈতে মঞ্চ নাটকত অভিনয় আৰম্ভ কৰিছিল আৰু তেতিয়াৰেপৰা তেওঁ এক ডজনতকৈও অধিক নাটকত অভিনয় কৰিছে।৩৪ চিডনীত স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰি তেওঁ ২০০৮ চনত ২৪ ঘণ্টীয়া নিউজ চেনেল মেট্ৰ’ টিভিত সাংবাদিক হিচাপে যোগদান কৰে। তাৰ পিছত টমী চকৌ আৰু প্ৰভু ৰিভলুচিৰ সৈতে ৮–১১ অনুষ্ঠানৰ লগতে চিএনএনৰ প্ৰাক্তন এংকৰ ডাল্টন টানোনাকাৰ সৈতে সাপ্তাহিক ইংৰাজী বাতৰি অনুষ্ঠান ইণ্ডোনেচিয়া নাওৰ এংকৰ হয়।৫
২০১০ চনত এডৱাৰ্ড গুণাৱানৰ নিৰ্দেশনাত নিৰ্মিত কুইয়াৰ চুটি ছবি ব্ৰোকেন ভেজত অতিকাহ হাচিহোলানৰ বিপৰীতে অনিতাই অভিনয় কৰিছিল।৬ পিছৰ বছৰত গুণাৱান আৰু লাকী কুচৱাণ্ডিৰ সহ-নিৰ্দেশনাত নিৰ্মিত আন এখন চুটি ছবি বৰ’ড টাইমত তেওঁ পুনৰ হাচিহোলানৰ বিপৰীতে অভিনয় কৰে।৭ এই দুয়োখন চুটি ছবিত তেওঁক মাৰিছা ট্ৰিগ নামেৰে কৃতিত্ব দিয়া হৈছিল। ইয়াৰ পিছত অনিতাই ৱানিতা টেটাপ ৱানিতা, নিয়া দিনাটাৰ আৰিচান! ২, জোকো আনৱাৰৰ ৰিচুৱেল, আৰু ৰাকো প্ৰিজাণ্টোৰ ৩ নাফাচ লিকাচ আদি ছবিত কেমিঅ’ আৰু সৰু চৰিত্ৰত অভিনয় কৰে।৮
অনিতাই মেট্ৰ’ টিভি এৰি ২০১৩ চনত এনইটিত যোগদান কৰি ইণ্ডোনেচিয়া মৰ্নিং শ্ব’ পৰিচালনা কৰে।৯ তেতিয়াৰেপৰা টেলিভিছন প্ৰেজেণ্টাৰ হিচাপে কাম কৰি থকাৰ সমান্তৰালভাৱে তেওঁ অধিক গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। ২০১৪ চনত লাকী কুচৱাণ্ডিৰ দ্বিতীয়খন ছবি ইন দ্য এবচেঞ্চ অফ দ্য চানৰ জৰিয়তে তেওঁ সফলতা লাভ কৰে। আদিনিয়া ৱিৰাস্তিৰ চৰিত্ৰ আংগিয়াৰ প্ৰাক্তন প্ৰেমিকা নাওমিৰ চৰিত্ৰত তেওঁৰ অভিনয়ে প্ৰশংসা লাভ কৰে আৰু তেওঁক শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ মায়া বঁটা প্ৰদান কৰা হয়।৯
অনিতাৰ পৰৱৰ্তী চলচ্চিত্ৰত অভিনয় ২০১৬ চনলৈকে অহা নাছিল। তেওঁ যোচেফ আংগি নোনৰ জীৱনীমূলক নাটক চোলো, চলিটিউডত নিখোজ কবি তথা সক্ৰিয় কৰ্মী ৱিডজী থুকুলৰ পত্নী চিপনৰ চৰিত্ৰত অভিনয় কৰিছিল।১০ লগতে কুচৱাণ্ডিৰ ২০১৭ চনৰ নাটক গালিহ এণ্ড ৰত্নাত শ্বৰিল শ্বেইনাফিয়াই অভিনয় কৰা শীৰ্ষক চৰিত্ৰ ৰত্নাৰ মাহীয়েক তান্ত্ৰীৰ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।১১ তেওঁ চোলো, চলিটিউডৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ মায়া বঁটা আৰু পিছৰ ছবিখনৰ বাবে চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ শ্ৰেণীত মনোনয়ন লাভ কৰে।৮
২০১৯ চনৰ মাৰ্চ মাহত অনিতাই 'Greatmind.id' নামৰ এখন অনলাইন মিডিয়া প্লেটফৰ্ম মুকলি কৰে যিয়ে জীৱনৰ বিভিন্ন বিষয়ত ধাৰণা, আকাংক্ষা আৰু ওকালতিৰ অন্বেষণ কৰে; য’ত তেওঁ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২ জুন মাহত অনিতাই জোকো আনৱাৰৰ দুটা প্ৰজেক্টত অভিনয় কৰাৰ কেইমাহমান আগতে এনইটিৰ চাকৰি এৰি দিয়ে। আগষ্ট মাহত তেওঁ বুমিলাংগিত চিনেমেটিক ইউনিভাৰ্চ ৰ প্ৰথমখন চলচ্চিত্ৰ ধাৰাবাহিক গুণ্ডালাত চাঞ্চাকাৰ মাতৃ কুৰ্নিয়াতি দেৱীৰ চৰিত্ৰত অভিনয় কৰে। অক্টোবৰ মাহত তেওঁ আৰিও বায়ু আৰু ক্ৰীষ্টিন হাকিমৰ সৈতে ইমপেটিগোৰত তাৰা বাচৰোৰ চৰিত্ৰ মায়াৰ প্ৰিয় বান্ধৱী দিনিৰ চৰিত্ৰত অভিনয় কৰে। দুয়োখন ছবিয়ে সমালোচনামূলক আৰু বাণিজ্যিকভাৱে সফলতা লাভ কৰিছিল। ইমপেটিগোৰক ৯৩সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ আন্তৰ্জাতিক বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শ্ৰেণীৰ বাবে ইণ্ডোনেচিয়ান প্ৰৱেশ হিচাপে নিৰ্বাচিত কৰা হয় আৰু ৪০সংখ্যক চিত্ৰ বঁটাত সৰ্বাধিক মনোনয়নৰ অভিলেখ ভংগ কৰে।১৩ অনিতাই ইমপেটিগোৰৰ বাবে তেওঁৰ দ্বিতীয়টো চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ মনোনয়ন লাভ কৰে যদিও সহযোগী অভিনেত্ৰী ক্ৰীষ্টিন হাকিমৰ হাতত পৰাস্ত হয়। তাৰ পিছত তেওঁ দ্য চায়েন্স অৱ ফিকচনৰ বাবে পুনৰ যোচেফ আংগি নোনৰ সৈতে একত্ৰিত হয়।১৪
২০২০ চনত অনিতাই সংকলন ছবি কুৱাৰেণ্টাইন টেলছৰ দুটা অংশত অভিনয় কৰে।১৫ তেওঁ জুলাই মাহত নাজৱা শ্বিহাবেৰ নাৰাচী টিভিত যোগদান কৰি নিজৰ টকশ্ব' 'এন্যাকনিয়া দিওব্ৰোলিন' পৰিচালনা কৰে আৰু অক্টোবৰত নতুনকৈ মুকলি কৰা 'এছইএ টুডে' (SEA Today)ত ইয়াৰ ফ্লেগশ্বিপ মৰ্নিং নিউজ প্ৰগ্ৰেমটো পৰিচালনা কৰিবলৈ যোগদান কৰে।১৬
অনিতাই ইয়াৰ পিছত কামিলা আন্দিনীৰ য়ুনি আৰু লাকী কুচৱাণ্ডিৰ নেটফ্লিক্স অৰিজিনেল আলী এণ্ড ৰাটু ৰাটু কুইন্সত অভিনয় কৰে। শেষৰখন ছবিত মিয়া হেৰিংটনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ চিত্ৰ বঁটা লাভ কৰে।১৭
তথ্যসূত্ৰ
- ↑ Andryanto, S. Dian. (2 May 2013). Marissa Anita, Dari Jurnalisme ke Teater. Tempo.co
- ↑ (14 April 2019). Résumé. MARISSA ANITA
- ↑ (22 July 2020). 10 Fakta Marissa Anita, Aktris dan Jurnalis yang Peduli Isu Kesehatan Mental Halaman 4. merdeka.com
- ↑ (4 July 2015). Theatre Work. Marissa Anita
- ↑ (28 December 2012). Dua penyiar cantik mundur dari layar kaca. merdeka.com
- ↑ Broken Vase. Edward Gunawan
- ↑ Gunawan, Edward; Kuswandi, Lucky. (19 July 2011). Borrowed Time. Add Word Productions
- ↑ Kamis. (11 November 2021). Daftar Film yang Dibintangi Marissa Anita, Aktris Pendukung Terbaik di FFI 2021. indozone.id
- ↑ Throwback Marissa Anita: Jurnalis yang Kini Aktif di Dunia Seni Peran. kumparan
- ↑ (17 January 2017). Harapan Marissa Anita untuk Film Istirahatlah Kata-Kata. fimela.com
- ↑ Cerita di Balik 'Galih & Ratna' Garapan Lucky Kuswandi. kumparan
- ↑ (2 April 2019). Melihat Hidup Secara Mendalam Bersama Greatmind. liputan6.com
- ↑ Brzeski, Patrick. (13 November 2020). Oscars: Indonesia Selects 'Impetigore' for International Feature Category. The Hollywood Reporter
- ↑ Saraswati, Dyah Paramita. Cerita Marissa Anita Belajar Logat Solo untuk film 'Istirahatlah Kata-Kata'. detikhot
- ↑ (11 November 2020). Marissa Anita main di dua cerita film omnibus "Quarantine Tales". Antara News
- ↑ Rabu. (9 February 2022). Jurnalis Keren Marissa Anita, dari Reporter TV hingga Kini Suguhkan Perenungan Filosofis. indozone.id
- ↑ (11 November 2021). Marissa Anita Kaget Raih Penghargaan di Piala Citra. Republika Onlin
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিছা অনিতা” প্ৰবন্ধৰ সংশোধন ৬০২৬০৭ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।