পূজা শৰ্মা (: Pooja Sharma, জন্ম ৭ জুলাই ১৯৯৬ ) এগৰাকী ভাৰতীয় সমাজকৰ্মী যিয়ে ২০২২ চনৰ পৰা দিল্লীত গৰাকী বিহীন মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি আহিছে, যাৰ বাবে তেওঁক বিবিচিৰ ২০২৪ চনৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হৈছিল।
জীৱনী
ভাৰতৰ দিল্লীৰ শ্বাহদাৰাত মধ্যবিত্তীয় হিন্দু পৰিয়ালত পূজা শৰ্মাৰ জন্ম হৈছিল।১২ স্নাতক ডিগ্ৰী আৰু তাৰ পিছত সমাজ কৰ্মত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু চৰকাৰী চিকিৎসালয়ত এইচ আই ভি পৰামৰ্শদাতা হিচাপে কাম কৰে।২৩৪
২০২২ চনৰ ১২ মাৰ্চত গুলীয়াই হত্যা কৰা ভাতৃ ৰামেশ্বৰৰ মৃত্যুৰ পিছত শৰ্মাই প্ৰথম অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। ভাতৃৰ মৃত্যুৰ পিছত শৰ্মাৰ পিতৃ সংজ্ঞাহীন অৱস্থাত পৰিল আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ তেওঁলোকৰ পৰিয়ালৰ আন কোনো পুৰুষ সদস্য নাছিল, যাৰ বাবে শৰ্মাই নিজেই সেই কাম কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছত শৰ্মাই চাকৰি এৰি নিজৰ গৃহ চহৰ দিল্লীৰ গৰাকী বিহীন মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত লয়।১২৫৬
২০২৪ চনলৈকে শৰ্মাই ৪০০০ৰো অধিক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল, সেই বোৰ মূলতঃ ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকসকল মৃতদেহ যিসকলৰ দিল্লীত মৃত্যু হৈছে আৰু যাৰ নিকটতম আত্মীয়ৰ বিষয়ে অজ্ঞাত।১৫ দিল্লীৰ আশে-পাশে থকা সমাধিস্থল আৰু চিকিৎসালয়ৰ পৰা দাবীহীন মৃতদেহ সংগ্ৰহ কৰি কফীন বনোৱা আৰু প্ৰাৰ্থনা কৰাকে ধৰি শেষকৃত সম্পন্ন কৰে। শৰ্মাই প্ৰধানকৈ হিন্দু অন্ত্যেষ্টিক্ৰিয়া কৰে যদিও মৃত ব্যক্তিজনৰ ধৰ্মৰ বিষয়ে জ্ঞাত হ’লে সেই ধৰ্মৰ ৰীতি-নীতি পালন কৰে, য’ত ইছলামিক কবৰস্থানত মুছলমানক সমাধিস্থ কৰাৰ উদাহৰণো অন্তৰ্ভুক্ত।৩৭ শৰ্মাই দিনটোত গড়ে আঠটা অন্ত্যেষ্টিক্ৰিয়া কৰে।৬ মাহেকীয়াকৈ শৰ্মাই দাহ কৰা মৃতদেহৰ ছাই সংগ্ৰহ কৰি হৰিদ্বাৰলৈ লৈ যায় যাতে অমৱস্যাৰ সময়ত গংগাত ছটিয়াই দিব পাৰে।২৮
শৰ্মাক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে দৰমহা দিয়া নহয় আৰু অনুমান কৰা হৈছে যে ইয়াৰ বাবে মাহে প্ৰায় ১২০,০০০ টকা খৰচ হয়; তেওঁ জমা ধন খৰচ কৰি, গহনা বিক্ৰী কৰাৰ উপৰিও আইতাক আৰু দেউতাকৰ পৰা আৰ্থিক সহায় লাভ লৈছিল। ২০২৩ চনত শৰ্মাই ব্ৰাইট দ্য ছ’ল ফাউণ্ডেশ্যন নামৰ এটা বেচৰকাৰী সংস্থা স্থাপন কৰে যিয়ে দাবীহীন মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ উপৰিও পৰিত্যক্ত শিশু, বৃদ্ধ, আৰু নিঃস্বসকলকে ধৰি দৰিদ্ৰ ও নিম্ন সম্প্ৰদায়সমূহক সহায় আগবঢ়ায়।১৮৯১০
মহিলাসকলে অন্ত্যেষ্টিক্ৰিয়া সম্পাদন কৰাক লৈ থকা সামাজিক বাধাৰ কাৰণে পুৰোহিত আৰু সমাজৰ কিছুমান মানুহৰ পৰা প্ৰতিবাদৰ সন্মুখীন হৈছিল। কিছুমানে তেওঁক অঘৰী বুলি ভাবিছিল। লগতে, তেওঁৰ বাগ্দত্তাইও পৰিয়ালৰ হেঁচাত সম্পৰ্কটো ভংগ কৰিছিল, কিয়নো বাগ্দত্তাৰ পৰিয়ালে শর্মাক চণ্ডাল বুলি অভিযোগ কৰিছিল।২৫১১শর্মাই কৈছিল যে তেওঁৰ মতে বেদসমূহৰ ব্যাখ্যাই মহিলাসকলক অন্ত্যেষ্টিক্ৰিয়া সম্পাদন কৰিবলৈ নিষেধ নকৰে।৭
শৰ্মাৰ ইনষ্টাগ্ৰামত ৩৫০,০০০ অনুগামী আছে।১ ২০২৪ চনত শৰ্মাক সেই বছৰৰ বাবে বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়।৫
তথ্যসূত্ৰ
- ↑ (2024-12-04). Who Is Pooja Sharma, Indian On BBC's 100 Most Inspiring Women List. NDTV
- ↑ Dhillon, Amrit. (2024-02-13). Last rites for Delhi’s forgotten: the woman who cremates strangers. The Guardian
- ↑ Gupta, Ridhima. (2024-02-05). Delhi Woman Ensures Final Rites for Unclaimed Bodies - Pooja Sharma. The Times of India
- ↑ (2024-01-27). Delhi Woman, 26, Has Performed Last Rites Of 4,000 Unclaimed Bodies. NDTV
- ↑ (2024-12-03). BBC 100 Women 2024: Who is on the list this year?. BBC News
- ↑ Kumar, Sanjay. (2024-12-17). Serving the forgotten: Delhi woman performs last rites for city’s abandoned dead. Arab News
- ↑ Akhtar, Shakeel. (2024-12-16). पूजा शर्मा: हजारो बेवारस मृतदेहांवर अंत्यसंस्कार, कोणत्या घटनेमुळे झाली सुरुवात?. BBC News Marathi
- ↑ (2025-04-25). Delhi’s Pooja Sharma Crowdfunds Farewells for Abandoned Souls Via True Hope Foundation. The Rajasthan Report
- ↑ (2024-12-04). Aruna Roy, Vinesh Phogat, and Pooja Sharma among BBC's 100 most inspiring women of 2024. The New Indian Express
- ↑ Clarice, Melita. (2024-12-04). Pooja Sharma: The Indian Changemaker on BBC’s 100 Women List. WePro Digital
- ↑ Jha, Neeraj. (2024-03-27). खुद्दार कहानी- लावारिस शवों का अंतिम संस्कार करती हूं: शादी टूट गई, ससुराल वाले बोले- ये चांडाल है; इसके साथ आत्माएं चलती हैं. Dainik Bhaskar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা শৰ্মা (সমাজ কৰ্মী)” প্ৰবন্ধৰ সংশোধন ৫৮৮৫২৮ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।