অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পুষ্পা হন্স

পুষ্পা হন্স কাপুৰ ( Pushpa Hans Kapoor; ১৯১৭–২০১১) ১৯৪০ আৰু ১৯৫০ দশকৰ হিন্দী আৰু পাঞ্জাবী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। ১৯৫০ চনৰ হিন্দী ছবি শীশ মহলৰ গীত আৰু ১৯৪৯ চনৰ অপনা দেশ ছবিত অভিনয়ৰ বাবে তেওঁ পৰিচিত আছিল।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৬ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

পুষ্পা হন্স কাপুৰ ( Pushpa Hans Kapoor; ১৯১৭–২০১১) ১৯৪০ আৰু ১৯৫০ দশকৰ হিন্দী আৰু পাঞ্জাবী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। ১৯৫০ চনৰ হিন্দী ছবি শীশ মহলৰ গীত আৰু ১৯৪৯ চনৰ অপনা দেশ ছবিত অভিনয়ৰ বাবে তেওঁ পৰিচিত আছিল। তেওঁক চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।১

জীৱনী

১৯১৭ চনৰ ৩০ নৱেম্বৰত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ ফাজিলকাত হান্সৰ জন্ম হয়। তেওঁৰ দেউতাক ৰতনলাল কাপুৰ নামৰ এজন অধিবক্তা আছিল। মাকৰ নাম আছিল জনক ৰাণী কাপুৰ। তেওঁৰ স্কুলীয়া শিক্ষা ফাজিলকাৰ স্থানীয় স্কুলত হয়, তাৰ পিছত লাহোৰৰ পটৱৰ্ধন ঘৰানাত শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পৰাই সংগীতত স্নাতক ডিগ্ৰী লয়। অল ইণ্ডিয়া ৰেডিঅ’ৰ লাহোৰ ষ্টেচনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰি পৰৱৰ্তী সময়ত নেপথ্য কণ্ঠশিল্পী হিচাপে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। পিছলৈ তেওঁ বহু হিন্দী ছবিত, বিশেষকৈ ১৯৪৯ চনত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ভি শান্তৰামৰ পৰিচালনাত নিৰ্মিত অপনা দেশ নামৰ হিন্দী ছবিখনত অভিনয় কৰে।১

ভাৰত চৰকাৰে তেওঁক চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৭ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক পদ্মশ্ৰীৰে সন্মান প্ৰদান কৰে।২ সেই বছৰতে তেওঁ আৰু দুটা বঁটা লাভ কৰে, পাঞ্জাবী ভূষণ বঁটা আৰু কল্পনা চাওলা উৎকৃষ্টতা বঁটা।

ভাৰতীয় সেনাৰ কৰ্ণেল হন্স ৰাজ চোপ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা পুষ্পা হন্সৰ ২০১১ চনৰ ৯ ডিচেম্বৰত মৃত্যু হয়।৩

তথ্যসূত্ৰ

  1. ↑ (10 December 2011). Pushpa Hans Passes Away. Punjabi Portal
  2. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
  3. ↑ (2016). RIP Padamshree Pushpa Hans. United Love Punjab

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীভাৰতীয় নেপথ্য কণ্ঠশিল্পীঅভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুষ্পা হন্স” প্ৰবন্ধৰ সংশোধন ৫৭৯২৪৯ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।