অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পিলু মমতাজ

পিলু মমতাজ (প্ৰায় ১৯৫৩ – ২৩ মে' ২০১১) এগৰাকী বাংলাদেশী লোক-গায়িকা।

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৫ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পিলু মমতাজ (প্ৰায় ১৯৫৩ – ২৩ মে' ২০১১)১ এগৰাকী বাংলাদেশী লোক-গায়িকা।২

পটভূমি আৰু কেৰিয়াৰ

মমতাজৰ জন্ম হৈছিল ঢাকাত। বাংলাদেশী গায়ক উস্তাদ মমতাজ আলীৰ সাতটা সন্তানৰ ভিতৰত তেঁও তৃতীয় সন্তান আছিল।২ ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতাৰ ঠিক পিছৰ বছৰবোৰত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।২ তেওঁৰ গীতসমূহৰ ভিতৰত আছিল "একদিন থো চলে জাবো", "চৰা গাচ-এ ফুল ফুইটাচে", আৰু বাংলাদেশী গীতিকাৰ আৰু কবি জাচিমুদ্দিনে লিখা "মাঝি নাও ছৈৰা দে"।২

২০১০ চনৰ চিটিচেল-চেনেল ই মিউজিক এৱাৰ্ডত (Citycell-Channel i Music Awards) তেওঁৰ অন্তিমবাৰ ৰাজহুৱাকৈ গীত পৰিবেশন কৰিছিল।২ মমতাজে বঁটা বিতৰণী অনুষ্ঠানত ফকিৰ আলমগিৰ আৰু ফাৰ্ডুছ ৱাহিদৰ সৈতে মঞ্চত উঠি প্ৰয়াত গায়ক ফিৰোজ শ্বাইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে "এক চেকেণ্ড-এৰ নাই ভোৰোছা" গীতটো পৰিবেশন কৰে।২

ব্যক্তিগত জীৱন আৰু মৃত্যু

মমতাজৰ এগৰাকী ভগ্নী আছিল দীপু মমতাজ। ৭ গৰাকী ভগ্নীৰ ভিতৰত মমতাজ আছিল তৃতীয় ভগ্নী। লেফটেনেণ্ট কৰ্ণেল আনোৱাৰুজ্জামানৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। দুয়োৰে এগৰাকী কন্যা হোমাইৰা জামান মৌৰ জন্ম হয়।২ ২০১১ চনৰ ২৩ মে'ত ঢাকাৰ এপ'ল' হাস্পতালত ৫৮ বছৰ বয়সত হৃদ ৰোগত আক্ৰান্ত হৈ মমতাজৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ (2012-01-01). Those who passed on…. The Daily Star
  2. ↑ (2011-05-24). Pop Sensation of Yesteryears Pilu Momtaz Passes Away. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিলু মমতাজ” প্ৰবন্ধৰ সংশোধন ৪৮৪২১০ (২৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।