পিপল বাবা বা স্বামী প্ৰেম পৰিৱৰ্তন (Peepal Baba) এজন পৰিৱেশবিদ যি নিজৰ দলৰ সৈতে ভাৰতৰ ১৮খন ৰাজ্যৰ ২০২খন জিলাত ২ কোটিৰো অধিক গছ ৰোপণ কৰিছে। ১৯৬৬ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ চণ্ডীগড়ত ভাৰতীয় সেনাৰ চিকিৎসকৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। ১১ বছৰ বয়সত, ১৯৭৭ চনত তেওঁৰ ইংৰাজী শিক্ষকে গছ ৰোপণ কৰিবলৈ অনুপ্ৰাণিত কৰে।১ তেওঁ গিভ মি ট্ৰিজ ন্যাসৰ প্ৰতিষ্ঠাপক যি পিছলৈ ২০১১ চনত বেচৰকাৰী সংস্থা হিচাপে পঞ্জীয়ন কৰে। ১৯৮৪ চনত তেওঁ অশো ৰজনীশৰ পৰা Asceticism জীৱনশৈলী গ্ৰহণ কৰে, যিয়ে তেওঁক "স্বামী প্ৰেম পৰিৱৰ্তন" নাম দিয়ে। এতিয়া তেওঁ প্ৰকৃতিৰ প্ৰতি আগ্ৰহী আনসকলৰ বাবেও প্ৰেৰণা।
প্ৰাৰম্ভিক জীৱন
১৯৬৬ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ চণ্ডীগড়ত পিপল বাবাৰ আজাদ জৈন নামেৰে জন্ম হৈছিল। ১৯৭৭ চনত তেওঁৰ ইংৰাজী শিক্ষকে ১১ বছৰ বয়সত কিৰ্কি মিলিটাৰী ষ্টেচনৰ ৰেঞ্জ হিলছ ৰোডত গছ ৰোপণ কৰিবলৈ অনুপ্ৰাণিত কৰে।২ ১৯৭৭ চনৰ ২৬ জানুৱাৰীত পুনেৰ এটা চখ ক্লাবত তেওঁ প্ৰথম গছপুলি ৰোপণ কৰে। তেতিয়াৰ পৰাই তেওঁ গছ ৰোপণ কৰি আহিছে।৩
তেওঁ ইংৰাজী সাহিত্য আৰু সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।৪তেওঁৰ পিতৃয়ে ভাৰতীয় সেনাবাহিনীত চিকিৎসক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২
কৰ্মজীৱন
১৯৮৪ চনত তেওঁ অশো ৰাজনীশৰ পৰা তপস্যা (Asceticism) গ্ৰহণ কৰে আৰু তেওঁক "স্বামী প্ৰেম পৰিৱৰ্তন" নাম দিয়ে।৫ কেবাবছৰো নিজাববীয়াকৈ স্বতন্ত্ৰভাৱে গছ ৰোপণ কৰি ২০১০ চনত তেওঁ 'গিভ মি ট্ৰিজ' ন্যাস প্ৰতিষ্ঠা কৰে। পিছলৈ তেওঁ ২০১১ চনত ইয়াক বেচৰকাৰী সংস্থা হিচাপে পঞ্জীয়ন কৰে।৬
ক'ভিড মহামাৰীৰ সময়ছোৱাত তেওঁ আৰু তেওঁৰ দলটোৱে সামাজিক দূৰত্বৰ নীতি অনুসৰণ কৰি গছ ৰোপণৰ অভিযান অব্যাহত ৰাখিছিল।৭ প্ৰায় ৪৩ বছৰৰ ভিতৰত তেওঁ আৰু তেওঁৰ দলটোৱে ভাৰতৰ ১৮খন ৰাজ্যৰ ২০২খন জিলাত ২ কোটি গছ ৰোপণ কৰিবলৈ সক্ষম হৈছে।৭৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Badodekar, Komal. (5 June 2020). Environment Day: Peepal Baba has planted and conserved over 1.25 crore Peepal trees. Ground Report
- ↑ (6 June 2020). We Should Not Be Talking About Smart Cities, We Should Be Talking About Smart Villages: Peepal Baba. Business World
- ↑ (3 December 2018). Bottled fresh air is harmful for your lungs: Peepal Baba. ইণ্ডিয়া টুডে
- ↑ (5 June 2018). Meet Peepal Baba, the indefatigable tree planter, on UN World Environment Day, 5 June 2018. coastweek.com
- ↑ (27 January 2013). Several trees across Delhi and counting. হিন্দুস্তান টাইমছ
- ↑ (4 July 2018). Van Mahotsav Special: A Story Of Peepal Baba, The Man Who Has Planted Over 20 Million Trees. NDTV
- ↑ (20 May 2020). कोरोना संकट के बीच पीपल बाबा का 'पेड़ लगाओ अभियान' जारी. Lokmat News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিপল বাবা” প্ৰবন্ধৰ সংশোধন ৫৯৫১৭৯ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।