অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পূজা শৰ্মা (উদ্যোগপতি)

পূজা শৰ্মা (Pooja Sharma; জন্ম: ) এগৰাকী ভাৰতীয় উদ্যোগপতি। তেওঁ তেওঁৰ গাঁৱৰ প্ৰথমগৰাকী মহিলা, যি ঘৰৰপৰা বাহিৰলৈ গৈ কাম কৰিছিল। তেওঁ এটা আত্ম-সহায়ক গোট স্থাপন কৰিছিল আৰু এখন বেকাৰী খুলি ১৫০ গৰাকী মহিলাক নিযুক্তি দিছিল। তেওঁৰ কৃতিত্বৰ স্বীকৃতিস্বৰূপে তেওঁক বহুকেইটা পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে।

হালনাগাদ: ২২ মে’ ২০২৬ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

পূজা শৰ্মা (Pooja Sharma; জন্ম: ) এগৰাকী ভাৰতীয় উদ্যোগপতি। তেওঁ তেওঁৰ গাঁৱৰ প্ৰথমগৰাকী মহিলা, যি ঘৰৰপৰা বাহিৰলৈ গৈ কাম কৰিছিল। তেওঁ এটা আত্ম-সহায়ক গোট স্থাপন কৰিছিল আৰু এখন বেকাৰী খুলি ১৫০ গৰাকী মহিলাক নিযুক্তি দিছিল। তেওঁৰ কৃতিত্বৰ স্বীকৃতিস্বৰূপে তেওঁক বহুকেইটা পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে। সমাজলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে তেওঁক অসামান্য মহিলাসকলৰ সন্মানাৰ্থে প্ৰদান কৰা ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান নাৰী শক্তি পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে।

কৰ্মজীৱন

পূজা শৰ্মাই ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ গুৰুগ্ৰামৰপৰা বিশ কিলোমিটাৰ দূৰত্বত অৱস্থিত চান্দু গাঁৱত বাস কৰে।১ সহ-শিক্ষাৰ প্ৰচলন নহওঁতেই তেওঁ স্কুললৈ গৈছিল, কিন্তু ল'ৰাৰ সৈতে শিক্ষা গ্ৰহণৰ বিৰোধিতা কৰি মাক-দেউতাকে তেওঁক পঢ়া এৰুৱাই দিছিল। ১৯৯৯ চনত তেওঁ বিবাহ পাশত আৱদ্ধ হয়।২ ২০০৫ চনত, শৰ্মাৰ পৰিয়ালৰ কোনো আশ্ৰয় বা স্থিৰ উপাৰ্জনৰ উৎস নাছিল। পৰিয়ালৰ এজন সদস্যৰ সহায়ত, তেওঁলোকে এটা ঘৰ নিৰ্মাণ কৰিছিল কিন্তু স্বামী আৰু তিনিটি সন্তানেৰে গঠিত তেওঁৰ পাঁচজনীয়া পৰিয়ালটিয়ে জীৱন নিৰ্বাহ কৰিবলৈ সংগ্ৰাম কৰিবলগা হৈছিল। তিনি বছৰৰ পিছত, শৰ্মাই তেওঁৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে বিভিন্ন কাম কৰিবলৈ আৰম্ভ কৰে, আৰু পিছলৈ, তেওঁ প্ৰায় প্ৰতিদিনে পাঁচ কিলোমিটাৰ খোজ কাঢ়ি ওচৰৰ ইকবালপুৰ গাঁৱলৈ প্ৰাথমিক বিদ্যালয়ত কাম কৰিবলৈ যায়।১ শৰ্মা, ঘৰৰ বাহিৰত কাম কৰা গাওঁখনৰ প্ৰথম মহিলা হিচাপে পৰিগণিত হৈছিল। প্ৰথমে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে কিছুদিন কাম কৰাৰ পিছত তেওঁ তেওঁৰ শহুৰৰ ২৫০ বছৰীয়া এটি পৰিত্যক্ত হাভেলীত গৰু প্ৰতিপালন কৰিবলৈ লয়। এগৰাকী নিকট আত্মীয়ৰপৰা তেওঁ কিছু টকা ধাৰলৈ লয় আৰু ইয়াৰে কেইটামান গৰু কিনে আৰু গাখীৰ উৎপাদন কৰিবলৈ লয়। কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলে গাওঁ পৰিদৰ্শন কৰিবলৈ আহোঁতে তেওঁ তেওঁলোকক চিলাইৰ পৰিৱৰ্তে বিপণনযোগ্য অন্য কিবা এটা প্ৰশিক্ষণ দিবৰ বাবে অনুৰোধ কৰিছিল আৰু এনেদৰে খাদ্য উৎপাদনৰ প্ৰশিক্ষণ লাভ কৰিছিল।১

ইয়াৰ পিছতে তেওঁ স্বামী আৰু তেওঁৰ কৰ্মচাৰীসকলক একমত কৰি এক মহিলা দলৰ সৈতে ক্ষিতিজ নামৰ এটা আত্ম-সহায়ক গোট স্থাপন কৰে আৰু ডালিয়া (পাৰিজ), লাড়ু, জোৱাৰ (জোৱাৰ) আৰু ছয়া বাদাম বিক্ৰী কৰিবলৈ লয়।২১ শৰ্মাই কৈছিল যে, তেওঁ চান্দু গাঁৱৰ প্ৰথম গৰাকী মহিলা যি কামলৈ ওলাই গৈছিল।১ ২০১৭ চনত, এটা বেচৰকাৰী সংগঠনে শৰ্মাক এখন বেকাৰী স্থাপন কৰাত সহায় কৰিছিল, ভূতিয়া হাৱেলী বুলি পৰিচিত পৰিতিক্ত হাৱেলীটোত২ তেওঁলোকে নিজৰ বেকাৰী স্থাপন কৰে আৰু গুৰুগ্ৰাম ৰেষ্টুৰেণ্টত ফ্লেক্সচিড, ওটমিল আৰু আখৰোটৰ পৰা তৈয়াৰ কৰা বিস্কুট যোগান ধৰে।১ এতিয়ালৈকে তেওঁলোকে ১৫০ গৰাকী মহিলাক কৰ্ম সংস্থাপন দিছে। শৰ্মাই হাৰিয়ানাৰ ১,০০০ ৰো অধিক মহিলাক প্ৰশিক্ষণ দিছে।৩

বঁটা আৰু স্বীকৃতি

হাৰিয়ানা ৰাজ্য চৰকাৰে শৰ্মাক 2015 চনত কৃষিভিত্তিক নেতৃত্বৰ বাবে, আৰু পৰৱৰ্তী বছৰত কৃষিভিত্তিক উৎপাদনৰ বাবে বঁটা প্ৰদান কৰে।২ ২০১৬ চনত ভাৰতীয় কৃষি গৱেষণা পৰিষদে তেওঁক পণ্ডিত দীনদয়াল উপাধ্যায় অন্ত্যোদয় কৃষি পুৰস্কাৰ আৰু ইন’ভেটিভ কৃষি সন্মান দুয়োটা সন্মান প্ৰদান কৰে।৪ তেওঁ ২০২২ চনৰ আন্তৰ্জাতিক মহিলা দিৱসত মহিলাৰ বাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Jain, Kankana Roy. (1 September 2019). Breaking shackles while baking bread. Hindustan Times
  2. ↑ Nitnaware, Himanshu. (8 November 2021). Started From a ‘Haunted Mansion’, This Woman’s Healthy Snack Biz Earns Rs 8 Lakh/Yr. The Better India
  3. ↑ Kainthola, Deepanshu. (8 March 2022). President Presents Nari Shakti Puraskar for the Years 2020, 2021. Tatsat Chronicle Magazine
  4. ↑ (10 March 2022). Pooja Sharma honored with 'Nari Shakti Puraskar'. Drishti IAS

সম্পৰ্কিত শ্ৰেণী

উদ্যোগপতিনাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা শৰ্মা (উদ্যোগপতি)” প্ৰবন্ধৰ সংশোধন ৬০৭৬৮৮ (২২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।