অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পুণম পাণ্ডে

পুণম পাণ্ডে (জন্ম: ১১ মাৰ্চ ১৯৯১) এগৰাকী ভাৰতীয় মিডিয়া ব্যক্তিত্ব আৰু অভিনেত্ৰী। তেওঁ ২০১৩ চনত মুক্তি পোৱা ইৰোটিক চলচ্চিত্ৰ নাশাৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান খত্ৰোঁ কে খিলাড়ী ৪ (২০১১) আৰু লক আপ (প্ৰথম ছিজন, ২০২২)ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ৩ মাৰ্চ ২০২৬ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

পুণম পাণ্ডে (জন্ম: ১১ মাৰ্চ ১৯৯১) এগৰাকী ভাৰতীয় মিডিয়া ব্যক্তিত্ব আৰু অভিনেত্ৰী। তেওঁ ২০১৩ চনত মুক্তি পোৱা ইৰোটিক চলচ্চিত্ৰ নাশাৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।১ তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান খত্ৰোঁ কে খিলাড়ী ৪ (২০১১) আৰু লক আপ (প্ৰথম ছিজন, ২০২২)ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু মিডিয়া চৰ্চা

পুণম পাণ্ডেৰ জন্ম ১১ মাৰ্চ ১৯৯১ তাৰিখে মুম্বাইত এটা মধ্যবিত্ত পৰিয়ালত হৈছিল।২৩ তেওঁ ২০১০ চনত মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।৪ তেওঁ গ্লেড্ৰেগ্‌ছ মেনহান্ট আৰু মেগামডেল প্ৰতিযোগিতাৰ শীৰ্ষ নৱজন প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰে আৰু বিভিন্ন ফেশ্বন আলোচনীত প্ৰকাশ পায়।৫

টুইটাৰকে ধৰি সামাজিক মাধ্যমত অৰ্ধনগ্ন ফটো প্ৰকাশ কৰাৰ জৰিয়তে তেওঁ ব্যাপক জনপ্ৰিয়তা আৰু বিতৰ্কৰ সৃষ্টি কৰে।৬

২০১১ চনৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত ভাৰত জয়ী হ’লে নগ্ন হ’ব বুলি কৰা ঘোষণাই তেওঁক ব্যাপক চৰ্চালৈ আনে।৭ পাছত তেওঁ জনমতবিৰোধিতাৰ বাবে সেই ঘোষণা পালন নকৰা বুলি জনায়।৮

২০১৭ চনত তেওঁ প্ৰাপ্তবয়স্ক বিষয়বস্তু থকা ‘পাণ্ডে এপ’ নামৰ এটা ম’বাইল এপ মুকলি কৰে, যিটো গুগলে নীতি উলংঘনৰ বাবে আঁতৰাই পেলায়।৯

চলচ্চিত্ৰ কেৰিয়াৰ

২০১৩ চনত পুণম পাণ্ডে নাশা চলচ্চিত্ৰত মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰে।১০ চলচ্চিত্ৰখনৰ বিতৰ্কিত পোষ্টাৰ আৰু বিষয়বস্তুৰ বাবে ব্যাপক সমালোচনা হৈছিল।১১

ব্যক্তিগত জীৱন

পুণম পাণ্ডে ২০২০ চনৰ ১ ছেপ্টেম্বৰত তেওঁৰ প্ৰেমিক স্যাম আহমেদ বম্বেক বিয়া কৰায়।১২ পাছলৈ দম্পতীৰ মাজত বিবাদ সৃষ্টি হয় আৰু তেওঁ স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ দাখিল কৰে।১৩

মৃত্যু নাটক

২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত সামাজিক মাধ্যমত তেওঁৰ মৃত্যুৰ ভুৱা খবৰ প্ৰকাশ পায়। পাছত এইটো সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে কৰা প্ৰচাৰমূলক নাটক বুলি স্পষ্ট হয়।১৪

তথ্যসূত্ৰ

  1. ↑ Bollywood debuts of 2013. The Times of India
  2. ↑ Poonam Pandey: We welcome a porn star but frown at a daughter of the nation. The Indian Express
  3. ↑ (11 March 2015). Birthday Special: 50 pics that define Poonam Pandey. India Today
  4. ↑ (22 July 2011). I don't mind trying for IIMs: Poonam Pandey. The Times of India
  5. ↑ Poonam Pandey Gladrags cover shoot. Rediff
  6. ↑ Ghura, Pritika. (15 September 2013). Poonam Pandey and the anatomy of attention. The Times of India
  7. ↑ FIR against Poonam Pandey who vowed to strip if India wins. NDTV
  8. ↑ (12 April 2011). Poonam Pandey won't strip despite India's World Cup win. The Economic Times
  9. ↑ Poonam Pandey app removed from Google Play Store. NDTV
  10. ↑ (26 July 2013). Review: Nasha. Rediff
  11. ↑ (20 July 2013). Nasha posters burnt in Mumbai. The Indian Express
  12. ↑ (15 September 2020). Poonam Pandey marries Sam Bombay. News18
  13. ↑ (24 September 2020). Poonam Pandey files complaint against husband. The Times of India
  14. ↑ (2 February 2024). Poonam Pandey death news was fake. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুণম পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৫৮৪২৭০ (৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।