পূজা ঘাটকাৰ (ইংৰাজী: Pooja Ghatkar; জন্ম: ১৯৮৯) এগৰাকী ভাৰতীয় পেছাদাৰী শ্বুটাৰ। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত অংশগ্ৰহণ কৰে।
কেৰিয়াৰ
২০১৩ চনত দিল্লীত অনুষ্ঠিত হোৱা ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত অংশগ্ৰহণ কৰি ঘাটকাৰে স্বৰ্ণ পদক লাভ কৰিছিল। পিছৰ বছৰ ২০১৪ চনত কুৱেইট চহৰত অনুষ্ঠিত হোৱা এছিয়ান চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে।১ যোগ্যতা অৰ্জনকাৰী ৰাউণ্ডত তেওঁ ৪১৩.১ আৰু ফাইনেলত ২০৮.৮ ৰান সংগ্ৰহ কৰি চীনৰ ডু বেজৰ ২০৭.২ স্ক’ৰক পৰাস্ত কৰে।
২০১৬ চনৰ ৰিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ নতুন দিল্লীত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফাইং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ফাইনেলত ৮.৮ ৰান সংগ্ৰহ কৰি সহযোগী ভাৰতীয় খেলুৱৈ আয়োনিকা পলৰ হাতত পৰাস্ত হোৱাৰ পিছত আৰু ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত তেওঁ এই স্থান হেৰুৱাই পেলায়।২ ২০১৭ চনত নতুন দিল্লী বিশ্বকাপত ব্ৰঞ্জৰ পদক লাভ কৰাটো তেওঁৰ প্ৰথমটো বৃহৎ আন্তঃৰাষ্ট্ৰীয় জয় আছিল। অৰ্হতা ৰাউণ্ডত ৪১৮.০ স্ক’ৰ কৰি তেওঁ ফাইনেলত দ্বিতীয় স্থানত প্ৰৱেশ কৰে। ফাইনেলত তেওঁ ২২৮.৮ ৰান কৰিবলৈ সক্ষম হয়। চীনৰ ডং লিজিৰ হাতত তেওঁ পৰাস্ত হয়।৩
তথ্যসূত্ৰ
- ↑ (9 March 2014). Shooter Pooja Ghatkar wins gold in Asian Championship. The Times of India
- ↑ (29 January 2016). Iran's Najmeh Khedmati grabs the Air Rifle Gold, India gets Silver, Bronze and a quota. International Shooting Sport Federation. issf-sports.org
- ↑ Srinivsasan, Kamesh. SHOOTING Shooting World Cup: Pooja Ghatkar gets India off to a medal start. sportstarlive.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা ঘাটকাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫২৮২ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।