অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পূজা কাপুৰ

পূজা কাপুৰ: Pooja Kapur; ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু জি-২০ সৌছ শ্বেৰ্পা(G20 Sous Sherpa)। এই পদত নিযুক্ত হোৱাৰ আগতে, তেওঁ ডেনমাৰ্ক ৰাজ্যত ভাৰতীয় ৰাষ্ট্ৰদূত আছিল আৰু তাৰ পূৰ্বে বুলগেৰিয়া ৰিপাব্লিক আৰু উত্তৰ মেচিডোনিয়া ৰিপাব্লিকত ভাৰতীয় ৰাষ্ট্ৰদূতৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পূজা কাপুৰ: Pooja Kapur; ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু জি-২০ সৌছ শ্বেৰ্পা(G20 Sous Sherpa)। ১ এই পদত নিযুক্ত হোৱাৰ আগতে, তেওঁ ডেনমাৰ্ক ৰাজ্যত ভাৰতীয় ৰাষ্ট্ৰদূত আছিল২ আৰু তাৰ পূৰ্বে বুলগেৰিয়া ৰিপাব্লিক৩ আৰু উত্তৰ মেচিডোনিয়া ৰিপাব্লিকত ভাৰতীয় ৰাষ্ট্ৰদূতৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।৪

কৰ্ম জীৱন

পূজা কাপুৰ ১৯৯৬ চনত ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰিছিল। তেওঁ লণ্ডন, কুৱালালামপুৰ আৰু ব্ৰাছেলছৰ ভাৰতীয় দূতাবাস / উচ্চায়ুক্তত কাৰ্যনিৰ্বাহ কৰি আহিছে। নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত তেওঁ আছিয়ান বহুপক্ষীয় বিভাগৰ নেতৃত্বকে ধৰি পশ্চিম ইউৰোপ, দক্ষিণ-পূব এছিয়া, ৰাষ্ট্ৰসংঘ আৰু কমনৱেলথৰ সৈতে ভাৰতৰ সম্পৰ্ক বিষয়ক দায়িত্ব পালন কৰিছিল।৫৬ ২০১৭ চনৰ জুলাই মাহত বুলগেৰিয়া গণৰাজ্যত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব গ্ৰহণ কৰে,৭ আৰু সমান্তৰালভাৱে উত্তৰ মেচিডোনিয়া গণৰাজ্যত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে স্বীকৃতি লাভ কৰে।৮ পূজা কাপুৰে ২০২১ চনৰ মাৰ্চ মাহত ডেনমাৰ্ক ৰাজ্যত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব গ্ৰহণ কৰে।২ ২০২৪ চনৰ এপ্ৰিল মাহত পূজা কাপুৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব (জি২০) আৰু সৌছ শ্বেৰ্পাই (G20 Sous Sherpa) দায়িত্ব লয়।১

লিংকডইন শীৰ্ষ কণ্ঠস্বৰ ২০১৮ হিচাপে নিৰ্বাচিত হয়, আৰু এই তালিকাত স্থান লাভ কৰা তেওঁ একমাত্ৰ কূটনীতিবিদ আছিল। ৯১০

২০২২ চনত দ্য কোপেনহেগেন পোষ্টে তেওঁক ডেনমাৰ্কৰ আটাইতকৈ ব্যস্ত ৰাষ্ট্ৰদূত হিচাপে ঘোষণা কৰে।১১

ব্যক্তিগত জীৱন

পূজা কাপুৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ চেভেনিং স্কোলাৰ আছিল, য'ত তেওঁ কূটনৈতিক অধ্যয়ন সম্পন্ন কৰিছিল।১২তেওঁ পেৰিছৰ ইক'ল নেচনেল ডি এডমিনিষ্ট্ৰেচনৰ পৰা ৰাজহুৱা প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।৬তেওঁ বিশ্ববিদ্যালয়ত শীৰ্ষ স্থান অধিকাৰ কৰা ছাত্ৰী আছিল আৰু বহুতো একাডেমিক ছাত্ৰবৃত্তি আৰু সন্মান লাভ কৰিছিল। তেওঁ ইংৰাজী, ফ্ৰেন্স আৰু হিন্দী ভাষাত বিশেষ ভাবে পাৰদৰ্শী থকা ভাৰতীয় ৰাষ্ট্ৰদূত।৬

পূজা কাপুৰৰ পিতৃ এজন ভাৰতীয় প্ৰশাসনিক বিষয়া আছিল। পূজা কাপুৰ বিবাহিত আৰু তেওঁৰ এজন কিশোৰ পুত্ৰ আছে।১৩

প্ৰকাশনা

পূজা কাপুৰ এগৰাকী প্রতিস্থিত লেখিকা। যিয়ে কেৱল বিশ বছৰ বয়সতে তেওঁৰ প্ৰথমখন ৰাজনীতি সম্পৰ্কীয় গ্ৰন্থ সহ-লিখন কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ MEA TEL. videshapps.gov.in
  2. ↑ Embassy of India, Copenhagen, Denmark: Ambassador Profile. www.indianembassycopenhagen.gov.in
  3. ↑ Pooja Kapur appointed as the next Ambassador of India to the Republic of Bulgaria. www.mea.gov.in
  4. ↑ Pooja Kapur concurrently accredited as the next Ambassador of India to the Republic of Macedonia. Ministry of External Affairs, Government of India
  5. ↑ (2017-05-12). Pooja Kapur is new Indian Ambassador to Bulgaria and Macedonia. The Sofia Globe
  6. ↑ Embassy of India, Sofia, Bulgaria: Ambassador Profile. www.indembsofia.org
  7. ↑ Embassy of India, Sofia, Bulgaria: News - Presentation of Credentials by H.E. Ms. Pooja Kapur, Ambassador of India to H.E. Mr. Rumen Radev, President of the Republic of Bulgaria, 17 July 2017.. www.indembsofia.org
  8. ↑ Embassy of India, Sofia, Bulgaria: News - Ambassador Pooja Kapur presented her credentials to H.E. President Gjorge Ivanov of Macedonia at the Presidential Palace in Skopje on 24 November 2017. www.indembsofia.org
  9. ↑ LinkedIn Top Voices 2018: India. www.linkedin.com
  10. ↑ IT minister among LinkedIn's top 25 voices for India. Outlook (India)
  11. ↑ Hamilton, Ben. (2022-08-26). The Post. The Post
  12. ↑ (2017). UNIVERSITY OF DELHI Alumni Newsmagazine. University of Delhi
  13. ↑ Egbert, Conrad. (2021-06-01). Denmark is a key partner for India. The International

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা কাপুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৬৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।