পুষ্পা প্ৰেয়া উৰফে পুষ্পা এন এম এগৰাকী ভাৰতীয় লিখক, আই টি (পেছাদাৰী) আৰু স্বেচ্ছাসেৱক। তেওঁ দৃষ্টিহীন লোকৰ পৰীক্ষা লিখাৰ স্বেচ্ছামূলক সেৱাৰ বাবে সুপৰিচিত।১
জীৱনী
তেওঁ কৰ্ণাটকৰ বাংগালুৰুত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল। সৰু বয়সতে আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ অতি নম্ৰ পটভূমিৰ পৰা আহিছে।২তেওঁ এটা ফেইচবুক ব্লগ পেজত ৰক্তদান কৰাৰ কথা সদৰি কৰিছে।৩
কেৰিয়াৰ
"Visually impaired people are humans too, people forget that sometimes. They have a disability in a particular part of their body, not in heart."
— —Pushpa Preeya.৪
২০০৭ চনত পূষ্পাই পৰীক্ষা লিখক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁক অন্যান্য বন্ধুসকলে বিভিন্ন সক্ষম লোকৰ পৰীক্ষা লিখিবলৈ প্ৰেৰণা দিছিল। ৫২০০৭ চনত অন্ধ লোকৰ পৰীক্ষা লিখিবলৈ কিছু সংখ্যক এন জি অ’ৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাইছিল। ৬তেওঁ কম্পিউটাৰ বিজ্ঞানত ডিপ্লমা সম্পূৰ্ণ কৰিছিল। বৰ্তমান ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি আছে। ২০০৭ চনৰ পৰা ২০১৯ চনলৈকে ১০০০ৰো অধিক দৃষ্টিহীন লোকৰ বাবে পৰীক্ষা লিখা সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে।৭২০১৯ চনৰ ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা ২০১৮ চনৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।৮৯১০
তথ্যসূত্ৰ
- ↑ (2019-05-20). Meet Pushpa Preeya - The Woman Who Has Written 1000 Exams For The Disabled, In The Last 10 Years. indiatimes.com
- ↑ (12 February 2018). Meet Bangaluru woman who has been writing exams. www.thenewsminute.com
- ↑ Giving A write hand to needy students. The New Indian Express
- ↑ Meet Pushpa Preeya scribe of the decade
- ↑ Sunitha Rao R. (2018-02-11). She scribed 657 exams in 10 years for the disabled | Bengaluru News. The Times of India
- ↑ (2019-03-15). B'luru Woman Has Written 1000+ Exams - Not for Herself, but for the Differently-Abled!. The Better India
- ↑ (2019-09-04). The woman who's appeared for 700-plus exams – to help disabled students. Christian Science Monitor
- ↑ Goled, Shraddha Goled. (2019-03-11). President Awards Nari Shakti Puraskar To 'Exam Scribe' Who Has Written Over 600 Exams For Differently-Abled People. thelogicalindian.com
- ↑ President gives Nari Shakti Puraskar, woman marine pilot, commando trainer receive loudest cheers. uniindia.com
- ↑ (9 March 2019). President confers Nari Shakti awards on 44 women. The Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুষ্পা প্ৰিয়া” প্ৰবন্ধৰ সংশোধন ৬১৬০৫০ (৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।