অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পূজা চেৰী ৰয়

পূজা চেৰী ৰয় (বাংলা: পূজা চেব়ি, জন্ম: ২০ আগষ্ট ২০০২) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ শিশু শিল্পী হিচাপে চলচ্চিত্ৰ মনেৰ ঘৰে বসত কৰে (২০১১)ত অভিনয় জীৱনৰ আৰম্ভণি কৰে যদিও চূড়ান্ত মুক্তিত তেওঁৰ দৃশ্য বাদ পৰে। মুক্তিপ্ৰাপ্ত প্ৰথম চলচ্চিত্ৰ আছিল ভালবাসাৰ ৰং (২০১২)।

হালনাগাদ: ১১ জুন ২০২৬ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পূজা চেৰী ৰয় (বঙালী ভাষা: পূজা চেব়ি, জন্ম: ২০ আগষ্ট ২০০২)১ এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ শিশু শিল্পী হিচাপে চলচ্চিত্ৰ মনেৰ ঘৰে বসত কৰে (২০১১)ত অভিনয় জীৱনৰ আৰম্ভণি কৰে যদিও চূড়ান্ত মুক্তিত তেওঁৰ দৃশ্য বাদ পৰে।২ মুক্তিপ্ৰাপ্ত প্ৰথম চলচ্চিত্ৰ আছিল ভালবাসাৰ ৰং (২০১২)। তাৰ পিছত ভাৰত-বাংলাদেশ যৌথ প্ৰযোজনাৰ চলচ্চিত্ৰ নূৰ জাহান (২০১৮)ত মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। ২০১৮ চনত পোৰামন ২ চলচ্চিত্ৰত ‘পৰি’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰে আৰু এই অভিনয়ৰ বাবে তেওঁ মেৰিল প্ৰথম আলো বঁটা লাভ কৰে।৩৪

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

পূজা চেৰীৰ জন্ম বাংলাদেশৰ খুলনা জিলাৰ গাজিৰহাট ইউনিয়নত। তেওঁৰ পিতৃ দেৱ প্ৰসাদ ৰয় আৰু মাতৃ জৰ্ণা ৰয় (মৃত্যু: ২০২৪)।৫ তেওঁ ঢাকা কেণ্টনমেণ্ট গাৰ্লছ পাব্লিক স্কুল এণ্ড কলেজৰপৰা জে.এছ.চি. উত্তীৰ্ণ হয়। পিছত মগবাজাৰ গাৰ্লছ হাই স্কুলৰপৰা ২০১৯ চনত এছ.এছ.চি. পৰীক্ষা উত্তীৰ্ণ হয়।৬

কৰ্মজীৱন

শিশু শিল্পী হিচাপে ভালবাসাৰ ৰং (২০১২), অগ্নি (২০১৪) আৰু কৃষ্ণপক্ষ (২০১৬) আদি চলচ্চিত্ৰত অভিনয় কৰাৰ পাছত পূজা চেৰীয়ে মুখ্য অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। দহন (২০১৮), প্ৰেম আমাৰ ২ (২০১৯), শান (২০২২), গুলুই (২০২২) আৰু হৃদিতা (২০২২) আদি চলচ্চিত্ৰত তেওঁৰ অভিনয় প্ৰশংসিত হয়।

২০২৩ চনত তেওঁ ভয়ানক চলচ্চিত্ৰ জ্বীনত অভিনয় কৰে আৰু ২০২৪ চনত ৱেব শিৰিজ ব্লেক মানিত ‘‘প্ৰেমৰ দোকানদাৰ’’ শীৰ্ষক গীতত অংশগ্ৰহণ কৰি বিশেষ চৰ্চালাভ কৰে।৭

তথ্যসূত্ৰ

  1. ↑ (7 May 2019). bn:এসএসসিৰ ৰেজাল্ট নিয়ে নায়িকা পূজাৰ মিথ্যাচাৰ!. Jago News 24
  2. ↑ (2018-06-18). bn:উড়ছেন পূজা. Prothom Alo
  3. ↑ 'Poramon 2': The Puja Cherry Roy starrer Bangladeshi film to release in West Bengal. The Times of India
  4. ↑ (2019-04-26). bn:সেৰা চলচ্চিত্ৰ অভিনেতা-অভিনেত্ৰী যাঁৰা. Prothom Alo
  5. ↑ Puja Cherry happy with CGPA 4.33. Daily Sun
  6. ↑ (8 November 2019). bn:ৰেজাল্ট শুনে দাৰুণ খুশি পূজা. Prothom Alo
  7. ↑ (2024-12-23). bn:আবেদনময়ী পূজা যখন ‘প্ৰেমেৰ দোকানদাৰ’. Prothom Alo

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা চেৰী ৰয়” প্ৰবন্ধৰ সংশোধন ৬১১৮০৭ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।