অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পিয়ুমি হংসমালী

পিয়ুমি হংসমালী গোমেজ (জন্ম: ২২ নৱেম্বৰ ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, দূৰদৰ্শন ব্যক্তিত্ব, সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতিযোগী আৰু মডেল। তেওঁ ৰিতু নামৰ ধাৰাবাহিকখনৰ লগতে ৱাচ্ছানায়ে চন্দা আৰু লক্ষ্ণৌ আদি বোলছবিসমূহত অভিনয় কৰিছে।

হালনাগাদ: ১১ জুন ২০২৬ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

পিয়ুমি হংসমালী গোমেজ (জন্ম: ২২ নৱেম্বৰ ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী,১ দূৰদৰ্শন ব্যক্তিত্ব, সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতিযোগী আৰু মডেল।২৩ তেওঁ ৰিতু নামৰ ধাৰাবাহিকখনৰ লগতে ৱাচ্ছানায়ে চন্দা৪ আৰু লক্ষ্ণৌ আদি বোলছবিসমূহত অভিনয় কৰিছে।৫

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

হংসমালীৰ জন্ম হৈছিল কালাপলুৱাৱাত। তেওঁ নিহাল লক্ষ্মণ গোমেজ আৰু বাসন্তী পেৰেৰাৰ একমাত্ৰ সন্তান আছিল। তেওঁৰ পিতৃ-মাতৃ দুয়োৰে বিদেশত কৰ্মৰত আছিল।৬ তেওঁ ৰাজাগিৰিয়াৰ শ্ৰী সোবিতা বিদ্যালয়ৰ পৰা শিক্ষা সম্পূৰ্ণ কৰে।৭ ২০১১ চনত তেওঁ ৰোজান ডায়াছৰ দ্বাৰা পৰিচালিত চাইড ইমেজ মডেলিং স্কুলত যোগদান কৰে।৮

কেৰিয়াৰ

হংসমালীয়ে ৰেম্প মডেলিংৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৮ ২০১৪ চনত শান্তা চয়জাৰ নিৰ্দেশনাত আইটিএন-ত সম্প্ৰচাৰিত টেলিভিছন ধাৰাবাহিক ৰিতুৰ জৰিয়তে হংসমালীয়ে টেলিভিছনত অভিষেক ঘটায়। এই ধাৰাবাহিকখনত তেওঁ জনপ্ৰিয় অভিনেতা বিশ্ব কোডিকাৰাৰ বিপৰীতে নাম চৰিত্ৰত অভিনয় কৰিছিল।৭ ধাৰাবাহিকখন জনপ্ৰিয় হোৱাৰ পাছতো ৰাজনৈতিক চাপৰ বাবে ২০১৫ চনৰ আৰম্ভণিতে ইয়াৰ সম্প্ৰচাৰ বন্ধ কৰা হৈছিল।৯

২০১৫ চনত তেওঁ 'মিচেছ গ্লোব'ত অংশগ্ৰহণ কৰে আৰু তাৰ পিছত ২০১৬ চনত মালয়েছিয়াত অনুষ্ঠিত 'মিচেছ নবেল কুইন অফ দ্য ইউনিভাৰ্চ'ত প্ৰতিদ্বন্দ্বিতা কৰে।১০৭ ২০১৭ চনত তুৰস্কত অনুষ্ঠিত 'ফিউচাৰ ফেশ্বন ফেচচ ৱৰ্ল্ড'ত তেওঁ 'বেষ্ট মডেল ইন এছিয়া' শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।১১১২

ইয়াৰ পিছত ২০১৮ চনত উদয়কান্ত ৱৰ্ণাসূৰ্যৰ নিৰ্দেশনাত নিৰ্মিত নাট্য চলচ্চিত্ৰ ৱাচ্ছানায়ে চন্দাৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে চিনেমা জগতত প্ৰৱেশ কৰে।১৩ এই ছবিখনত তেওঁ 'মিহিৰি' নামৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০১৯ চনত তেওঁক অনিল কুমাৰৰ নিৰ্দেশনাত নিৰ্মিত মালয়ালম ছবি লক্ষ্ণৌত অভিনয় কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়।১৪ এই ছবিখনত তেওঁ শ্ৰীলংকাৰ নাট্যকাৰ জেকচন এন্থনীৰ সৈতে মুখ্য ভূমিকা পালন কৰিছিল। ১৯৯২ চনত যশোদা বিমলাধৰ্মাই এখন ভাৰতীয় ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ পিছত এগৰাকী শ্ৰীলংকাৰ অভিনেত্ৰীয়ে এনে স্থান লাভ কৰা এয়া দ্বিতীয়টো ঘটনা।১৫

তথ্যসূত্ৰ

  1. ↑ Actresses in Sinhala Cinema - Piyumi Hansamali. Digital Identity of Sinhala Cinema
  2. ↑ That news is a lie: Piumi Hansamali. Divaina
  3. ↑ Piumi Hansamali has over 1.5 million followers. news24
  4. ↑ Piumi Hansamali Misogynist Attack: Police Silent. Colombo Telegraph
  5. ↑ Lucknow Malayalam Movie. nowrunning.com
  6. ↑ Chat with Piumi. lankagossiproom
  7. ↑ I am very lucky: Piumi Hansamali. Lankadeepa
  8. ↑ I have my own limits: Piumi Hansamali speaks. Hiru FM
  9. ↑ ITN Rithu Teledrama banned. gossiplankahotnews
  10. ↑ Model S.Sarnai crowned Mrs Asia Noble Queen International 2016. Mawrata News
  11. ↑ Asian Best Model Piumi Hansamali. gossip9
  12. ↑ Piumi Hansamali become the best model in Asia. Lankadeepa
  13. ↑ 'Wassane Sanda' now in cinema. Sunday Times
  14. ↑ Piumi Hansamali To Mollywood?. Asian Mirror
  15. ↑ 25 years after Yasoda, Piumi Hansamali joins Jackson to star in Indian cinema. gossiplankanews

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ চলচ্চিত্ৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিয়ুমি হংসমালী” প্ৰবন্ধৰ সংশোধন ৬১১৭৮৮ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।