অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পুষ্পা ভাৰতী

পুষ্পা ভাৰতী (Pushpa Bharati) (জন্ম ১৯৩৫) হিন্দী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা। তেওঁ হিন্দী ভাষাত ১৭খন কিতাপ লিখিছে৷

হালনাগাদ: ৪ ডিচেম্বৰ ২০২৫ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

পুষ্পা ভাৰতী (Pushpa Bharati) (জন্ম ১৯৩৫) হিন্দী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লেখিকা।১২৩ তেওঁ হিন্দী ভাষাত ১৭খন কিতাপ লিখিছে৷১

সংক্ষিপ্ত জীৱনী

১৯৩৫ চনত উত্তৰ প্ৰদেশৰ মোৰাদাবাদত জন্মগ্ৰহণ কৰা পুষ্পা ভাৰতীয়ে ১৯৫৫ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা হিন্দী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। হিন্দী ভাষাৰ প্ৰখ্যাত সাহিত্যিক ধৰ্মবীৰ ভাৰতীৰ সৈতে তেওঁৰ বিবাহ হৈছিল।৪ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনে ভাৰতীক গল্প লিখিবলৈ অনুপ্ৰাণিত কৰে।৫

অধ্যাপিকা হিচাপে ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈকে কলিকতাৰ ডিগ্ৰী কলেজত আৰু ১৯৭৫ চনত বম্বেত তেওঁ অধ্যাপনা কৰিছিল।৬

তেওঁৰ সাহিত্যিক জীৱন কেইবা দশকজুৰি বিস্তৃত। তেওঁ বিভিন্ন ধৰণৰ কিতাপ লিখিছে আৰু সম্পাদনা কৰি সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰিছে। শুভগতা, ধাই আখৰ প্ৰেম কে, সৰস সংবাদ, চফৰ সুহানে আদি তেওঁৰ বহুতো গ্ৰন্থই পাঠকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে।১

ভাৰত চৰকাৰৰ শিশু চলচ্চিত্ৰ নিৰ্মাণ সংস্থাত তেওঁ যোগদান কৰে। ১৯৮৮ চনত তেওঁ ফিল্ম চেন্সৰ ব'ৰ্ডৰ জুৰী সদস্য হিচাপেও কাম কৰিছিল।৬

ইয়াৰ উপৰিও তেওঁ অমিতাভ বচ্চনৰ আধাৰত অমিতাভ বচ্চন জীৱন গাথা শীৰ্ষক জীৱনী ৰচনা কৰিছে, যিখন ২০২১ চনত বাণী প্ৰকাশনে প্ৰকাশ কৰে।৭৮

ব্যক্তিগত জীৱন

ধৰ্মবীৰ ভাৰতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ মুম্বাইৰ বান্দ্ৰাৰ এপাৰ্টমেণ্ট বিল্ডিং সাহিত্য সাহৱাছত থাকে।৯

বঁটা-সন্মান

সাহিত্যিক অৱদানৰ স্বীকৃতি স্বৰূপে পুষ্পা ভাৰতীয়ে ২০০৮ চনত মহাৰাষ্ট্ৰ ৰাজ্যিক হিন্দী সাহিত্য একাডেমী বঁটা, মধ্যপ্ৰদেশ চৰকাৰৰ কালিদাস অকাডেমীৰ পৰা হিন্দী সেৱা সন্মান আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ উত্তৰ প্ৰদেশ হিন্দী প্ৰতিষ্ঠানৰ পৰা সাহিত্য ভূষণকে ধৰি বিভিন্ন সন্মান লাভ কৰে।১০

উল্লেখযোগ্য যে তেওঁৰ স্মৃতিগ্ৰন্থ Yaadein, Yaadein aur Yaadein (২০১৬) ২০২৩ চনত কে কে বিৰলা ফাউণ্ডেচনে ৩৩ সংখ্যক ব্যাস সন্মানেৰে সন্মানিত কৰে। এই বঁটাত ৪ লাখ টকাৰ নগদ পুৰস্কাৰ, এটা প্ৰশস্তি আৰু এখন ফলক অন্তৰ্ভুক্ত কৰা হৈছে।১

ইয়াৰ উপৰিও তেওঁ আন আন বিশিষ্ট বঁটা যেনে - ৰাম বঁটা, স্বজন বঁটা, ভাৰতী গৌৰৱ বঁটা, আশীৰ্বাদ সৰস্বত বঁটা, উত্তৰ হিন্দী শিৰোমণি বঁটা আদিও লাভ কৰিছে।১১১২

গ্ৰন্থৰাজী

১. ৰোমাঞ্চক সত্য কথায়েইন (দুটা ভাগত)

২. প্ৰেম পিয়ালা জিন পিয়া।

৩. ধাই অক্ষৰ প্ৰেম কে

৪. সৰস সংবাদ

৫. ছাফৰ চুহানে

৬. আধুনিক সাহিত্য বোধ

৭. এক দুনিয়া বচ্চন কি

৮. ৱাদে

৯. য়াদেই, য়াদেই আৰু য়াদেই

১০. অক্ষৰ অক্ষৰ যাগ্য

১১. ধৰমবীৰ ভাৰতী সে সাক্ষাতকাৰ

১২. মেৰী বাণী গৰীক-বসনা।

১৩. চাঁচ কি কালাম সে

১৪. ধৰমবীৰ ভাৰতী কি সাহিত্য-সাধনা

১৫. হৰিবংশ ৰায় বচ্চন কি সাহিত্য-সাধনা

১৬. পুষ্পঞ্জলি১২

তথ্যসূত্ৰ

  1. ↑ (12 December 2023). Writer Pushpa Bharati's memoir selected for Vyas Samman award. হিন্দুস্তান টাইমছ
  2. ↑ Dr. Chandra Mukherjee. (23 December 2019). Comparative study of Hindi and English women's writing. Book Bazooka. পৃ. 19. ISBN 9789386895776
  3. ↑ Anil Kumar. (2007). Svātantryottara yātrā-sāhitya kā viśleshanātmaka adhyayana. Hindi Book Center. পৃ. 84, 85. ISBN 978-81-85244-30-3
  4. ↑ Saxena, Poonam. (15 March 2015). Why a 66-year-old Hindi love story needed to be translated into English. Scroll.in
  5. ↑ Dharam Paul Sarin. (1967). Influence of Political Movements on Hindi Literature, 1960-1947. Panjab University Publication Bureau. পৃ. 212
  6. ↑ (11 December 2023). संपादित.. यादें यादें और यादें.. के लिए पुष्पा भारती को व्यास सम्मान-2023. Hindustan
  7. ↑ Tiwari, Aarti. (1 October 2022). किताबघर व मयूरपंख की अगली किस्त में पढि़ए सदी के महानायक की जीवनगाथा और स्वयं से संवाद की जिरह. Dainik Jagran
  8. ↑ (10 February 2022). पुष्पा भारती की अमिताभ बच्चन पर किताब. DNA India
  9. ↑ (3 May 2015). Big Love Story. Ahmedabad Mirror
  10. ↑ (12 December 2023). Writer Pushpa Bharati's memoir selected for Vyas Samman award. হিন্দুস্তান টাইমছ
  11. ↑ पुष्पा भारती. Hindisamay
  12. ↑ Pushpa Bharati. Vani Prakashan

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাংবাদিকভাৰতৰ নাৰীলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুষ্পা ভাৰতী” প্ৰবন্ধৰ সংশোধন ৫৬০৯১২ (৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।