পূজা কুমাৰ ইংৰাজী ভাষা: Pooja Kumar;এগৰাকী ভাৰতীয় মূলৰ আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী যিয়ে তামিল, হিন্দী আৰু ইংৰাজী ভাষাৰ ভাৰতীয় চলচ্চিত্ৰত কাম কৰে। ১৯৯৫ চনত ‘মিছ ইণ্ডিয়া ইউ এছ এ’ খিতাপ জয় কৰাৰ পাছত তেওঁ অভিনেত্ৰী আৰু প্ৰযোজক হিচাপে কেৰিয়াৰ গঢ়িবলৈ আগবাঢ়িছিল। তেওঁ কেইবাখনো আমেৰিকান চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰিছে, যাৰ ভিতৰত আছে মেন অন এ লেজ, ব্ৰল ইন চেল ব্লক ৯৯, বলিউড হিৰো, ফ্লেভাৰ্ছ, হাইডিং দিব্যা, পাৰ্ক চাৰ্কছ, বলিউড বিটছ, নাইট অৱ হেন্না, এনিথিং ফৰ ইউ, ড্ৰয়িং উইথ চক্ আৰু নটছ আৰবেন। তেওঁৰ ভাৰতীয় চিনেমাৰ ভিতৰত আছে বিশ্বৰূপম আৰু বিশ্বৰূপম ২। ইয়াৰ উপৰি তেওঁ পিএছভি গৰুড় ভেগাৰ জৰিয়তে তেলুগু ভাষা ভাষাৰ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
পূজা কুমাৰৰ জন্ম মিজুৰীৰ চেইণ্ট লুইছত হৈছিল।১ তেওঁৰ পিতৃ-মাতৃ ৰবীন্দ্ৰ আৰু নিৰুপমাই ১৯৭০ চনত ভাৰতৰপৰা আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল।২৩ তেওঁ চেইণ্ট লুইছৰ ৱাশ্বিংটন ইউনিভাৰ্চিটিত অধ্যয়ন কৰিছিল আৰু তাৰপৰাই ৰাজনীতি বিজ্ঞান আৰু বিত্ত (finance) বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৩ তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে। কুমাৰে ১৯৯৫ চনত ‘মিছ ইণ্ডিয়া ইউ এছ এ’ খিতাপ জয় কৰিছিল।৩
কেৰিয়াৰ
কুমাৰে প্ৰথমে ১৯৯৭ চনত পৰিচালক কেয়াৰৰ তামিল ছবি কাধল ৰোজাবেত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল। কিন্তু ছবিখনৰ নিৰ্মাণত হোৱা পলমৰ বাবে ই ২০০০ চনতহে মুক্তি পায় আৰু তামিল ছবি উদ্যোগত তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি বিশেষভাৱে চকুত পৰা নাছিল।৪ তেওঁ ১৯৯৭ চনৰ ছবি ভি.আই.পি.ৰ বাবে চুক্তিবদ্ধ হৈছিল যদিও পিছলৈ বাদ পৰিছিল। ইয়াৰ উপৰি তেওঁ চিত্ৰা লক্ষ্মণনৰ চিন্ন ৰাজাত কাৰ্তিকৰ বিপৰীতে অভিনয় কৰিবলৈ স্বাক্ষৰ কৰিছিল যদিও অৱশেষত প্ৰকল্পটোৰপৰা তেওঁ আঁতৰি আহিবলগীয়া হৈছিল।৫
২০০৩ চনত তেওঁ ফ্লেভাৰ্ছ ছবিখনৰ বাবে স্ক্ৰীন এক্টৰ্ছ গিল্ডৰ ইমাৰ্জিং এক্ট্ৰেছ বঁটা লাভ কৰে। ২০০৮ চনত তেওঁ ভাৰতৰ জী টিভিত নিশা সম্প্ৰচাৰিত হোৱা লাইভ কুইজ শ্ব' জাগো ঔৰ জীতৰ আঁত ধৰিছিল। ২০০৮ চনত তেওঁ ইণ্ডিপেণ্ডেণ্ট ফিল্ম চেনেলৰ (IFC) মিউজিকেল কমেডী মিনি-চিৰিজ বলিউড হিৰোত অভিনয় কৰে। এই তিনিটা খণ্ডৰ শৃংখলাটোত তেওঁ ছেটাৰডে নাইট লাইভৰ ধেমেলীয়া অভিনেতা ক্ৰিছ কট্টানৰ বিপৰীতে অভিনয় কৰিছিল। ২০০৯ চনত তেওঁ পাকিস্তানী ড্ৰামা ধাৰাবাহিক ইস্ক জুনুন দিৱাংগীত অভিনয় কৰিছিল। এক দীৰ্ঘ বিৰতিৰ পিছত ২০১৩ চনত তেওঁ বিশ্বৰূপম ছবিখনৰ জৰিয়তে পুনৰ পৰ্দাত আত্মপ্ৰকাশ কৰে।
ব্যক্তিগত জীৱন
কুমাৰ বিশাল যোশীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। ২০২০ চনত তেওঁলোকৰ এজনী কন্যা সন্তান জন্ম হয়।৬
বাহ্যিক সংযোগ
- "Pooja Kumar the face of Bombay Dreams" Rediff – February 10, 2004
- Rohit, Parimal M. "Pooja Kumar – The New Heroine: Rising Star Ready for Primetime with 'Bollywood Hero'", Bollywood Buzzine July 2009
তথ্যসূত্ৰ
- ↑ (March 20, 2015). Pooja Kumar Goes From St. Louis to Bollywood. St. Louis
- ↑ Shohon, Habibur. (December 28, 2022). Everything You Want to Know About Pooja Kumar
- ↑ (November 3, 2020). Miss India USA 1995 Pooja Kumar courts forbidden love in her ott outing. The Telegraph
- ↑ 1997-98 Kodambakkam babies Page
- ↑ A-Z (Ii)
- ↑ (January 2, 2021). Pooja Kumar is now mom to a baby girl. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা কুমাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫১৮১ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।