অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পিটাৰ ডিংকলেজ

পিটাৰ হেইডেন ডিংকলেজ (Peter Hayden Dinklage; জন্ম জুন ১১, ১৯৬৯) এজন আমেৰিকান অভিনেতা আৰু প্ৰযোজক। তেওঁ এইচবিঅ' টেলিভিছন শৃংখলা গেম অফ থ্ৰোনছত (২০১১-২০১৯) টিৰিয়ন লেনিষ্টাৰৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে প্ৰশংসা লাভ কৰাৰ লগতে শৃংখলাটোত কৰা অভিনয়ৰ বাবে তেওঁ ড্ৰামা শৃংখলা এখনত অসামান্য সহঅভিনেতাৰ…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৬২৬ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পিটাৰ হেইডেন ডিংকলেজ (Peter Hayden Dinklage; জন্ম জুন ১১, ১৯৬৯) এজন আমেৰিকান অভিনেতা আৰু প্ৰযোজক। তেওঁ এইচবিঅ' টেলিভিছন শৃংখলা গেম অফ থ্ৰোনছত (২০১১-২০১৯) টিৰিয়ন লেনিষ্টাৰৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে প্ৰশংসা লাভ কৰাৰ লগতে শৃংখলাটোত কৰা অভিনয়ৰ বাবে তেওঁ ড্ৰামা শৃংখলা এখনত অসামান্য সহঅভিনেতাৰ (আউটষ্টেণ্ডিং ছাপৰ্টিং এক্টৰ ইন এ ড্ৰামা ছিৰিজ) শিতানত অভিলেখসংখ্যক চতুৰ্থবাৰলৈ প্ৰাইমটাইম এমি বঁটা লাভ কৰে।১ তেওঁ এই চৰিত্ৰটোৰ বাবে ২০১১ চনত গ'ল্ডেন গ্ল'ব বঁটা আৰু ২০২০ চনত স্ক্ৰীণ এক্টৰ্ছ গিল্ড বঁটাও লাভ কৰিছিল।

নিউ জাৰ্চীৰ মেনধাম টাউনশ্বিপত জন্মগ্ৰহণ কৰা ডিংকলেজে স্থানীয় গীটাৰৰ দোকানত কাম কৰি বেনিংটন কলেজত অভিনয় কলা অধ্যয়ন কৰিছিল। ইয়াৰ লগতে তেওঁ কেইবাটাও অপেছাদাৰী মঞ্চ প্ৰযোজনাত অভিনয় কৰিছিল। লিভিং ইন অবলিভনৰ (১৯৯৫) জৰিয়তে তেওঁ প্ৰথমবাৰলৈ চলচ্চিত্ৰৰ জগতত আত্মপ্ৰকাশ কৰে। কমেডি-ড্ৰামা দ্য ষ্টেচন এজেণ্টৰ (২০০৩) জৰিয়তে তেওঁ সফলতাৰ দিশত প্ৰথমটো খোজ ৰাখে।

পেছাদাৰী সফলতা লাভৰ পিছৰে পৰা ডিংকলেজে এলফ (২০০৩), লাছি (২০০৫), ফাইণ্ড মি গিল্টি (২০০৬), আণ্ডাৰডগ (২০০৭), ডেথ এট এ ফিউনাৰেল (২০০৭), পেনেলোপ (২০০০), দ্য ক্ৰনিকলচ অফ নাৰ্নিয়া: প্ৰিন্স কাস্পিয়ান (২০০৮), ডেথ এট এ ফিউনাৰেল (২০১০), এক্স-মেন: ডেজ অফ ফিউচাৰ পাষ্ট (২০১৪), পিক্সেলচ (২০১৫), আৰু থ্ৰী বিলবৰ্ডছ আউটচাইড এবিং, মিছৌৰী (২০১৭) আদি চলচ্চিত্ৰত অভিনয় কৰিছে। ২০১৮ চনত তেওঁ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ ছবি এভেঞ্জাৰ্ছ: ইনফিনিটি ৱাৰত আইট্ৰি হিচাপে আৰু মাই ডিনাৰ উইথ হাৰ্ভে নামৰ বায়োপিক ছবিত হাৰ্ভে ভিলেচাইজ হিচাপে অভিনয় কৰে।

ডিংকলেজ জাৰ্মান আৰু আইৰিছ বংশোদ্ভূত।২ তেওঁৰ উচ্চতা ৪ ফুট ৫ ইঞ্চি (১.৩৫ মিটাৰ)।

প্ৰাৰম্ভিক জীৱন

পিটাৰ হেইডেন ডিংকলেজৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১১ জুনত নিউ জাৰ্চীৰ মৰিচটাউনত।৩৪ তেওঁৰ পিতৃ কাৰ্ল ডিংকলেজ আছিল এজন বীমা বিক্ৰেতা আৰু মাতৃ ডায়েন ডিংকলেজ আছিল প্ৰাথমিক বিদ্যালয়ৰ সংগীত শিক্ষক।৫ নিউ জাৰ্চীৰ মেনধাম টাউনশ্বিপৰ ঐতিহাসিক ব্ৰুকচাইড শাখাত তেওঁৰ পিতৃ-মাতৃ আৰু ভ্ৰাতৃ জনাথনৰ সৈতে ডিংকলেজ ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ পৰিয়ালৰ একমাত্ৰ সদস্য যাৰ এক'ণ্ড্ৰ'প্লাছিয়া (বাওনা) আছে।৬

সৰুতে ডিংকলেজ আৰু তেওঁৰ ভ্ৰাতৃয়ে তেওঁলোকৰ চুবুৰীয়া লোকসকলৰ বাবে পুতলা সংগীত পৰিৱেশন কৰিছিল। তেওঁ জনাথনক "পৰিয়ালৰ প্ৰকৃত প্ৰদৰ্শনকাৰী" বুলি বৰ্ণনা কৰি কৈছিল যে তেওঁৰ ভ্ৰাতৃৰ ভায়োলিনৰ প্ৰতি থকা আগ্ৰহে তেওঁক অভিনয়ৰ পথ অনুসৰণ কৰাত বাধা দিছিল।৭ জনাথনে ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ মেছন গ্ৰছ স্কুল অৱ দা আৰ্টছৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু তেওঁ হেমিল্টন নামৰ সংগীতালেখ্যৰ এজন ভায়োলিনবাদক।৮

দ্য ভেলভেটিন ৰেবিটৰ পঞ্চম শ্ৰেণীৰ প্ৰযোজনাত ডিংকলেজে নাট্য জীৱনৰ প্ৰথমটো সফলতা লাভ কৰিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ অনুষ্ঠানটোৰ প্ৰতি দৰ্শকৰ সঁহাৰিত আনন্দিত হৈছিল।৯ ডিংকলেজে পঢ়া ডেলবাৰ্টন স্কুলতে তেওঁ নিজৰ অভিনয়ৰ বিকাশ ঘটাইছিল।১০ ১৯৮৪ চনত ডিংকলেজে আমেৰিকান নাট্যকাৰ ছেম শ্বেপৰ্ডৰ দ্বাৰা ৰচিত ট্ৰু ৱেষ্ট নামৰ নাটকখনৰ প্ৰযোজনাৰ পৰা অভিনয়ৰ ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত হয়।৮

ডিংকলেজে তেতিয়া বেনিংটন মহাবিদ্যালয়ত নাটকৰ স্নাতক মহলা অধ্যয়ন কৰিছিল আৰু ১৯৯১ চনত স্নাতক হোৱাৰ আগেয়ে অসংখ্য প্ৰযোজনাত অভিনয় কৰিছিল।১১১০ তাৰ পিছত তেওঁ তেওঁৰ বন্ধু ইয়ান বেলৰ সৈতে এক থিয়েটাৰ কোম্পানী নিৰ্মাণ কৰিবলৈ নিউয়ৰ্ক চহৰলৈ যায়। ভাড়া পৰিশোধ কৰাত বিফল হৈ তেওঁলোকে তেওঁলোকৰ এপাৰ্টমেণ্টৰ পৰা বাহিৰ ওলাই যায়।৮ তেওঁ নিউয়ৰ্কত আৰু ৱিলিয়ামছবাৰ্গ তথা ৱেষ্ট ভিলেজত বিশ বছৰ বাস কৰিছিল।১২ ডিংকলেজে পূৰ্ণকালীন অভিনেতা হিচাপে কেৰিয়াৰ গঢ়ি তোলাৰ আগতে ৬ বছৰ ডাটা প্ৰচেছিং কোম্পানীত কাম কৰিছিল।১৩

কেৰিয়াৰ

প্ৰাৰম্ভিক কাল

ডিংকলেজে প্ৰথমতে এজন অভিনেতা হিচাপে কাম বিচাৰিবলৈ সংগ্ৰাম কৰিবলগা হৈছিল। আংশিকভাৱে ইয়াৰ কাৰণ হৈছে তেওঁ সাধাৰণতে নিজৰ শাৰীৰিক অৱস্থাৰ অভিনেতাসকলক আগবঢ়োৱা চৰিত্ৰবোৰ (যেনে এলফ বা লেপ্ৰেচাউন) ল'বলৈ অস্বীকাৰ কৰিছিল। ৮ তেওঁ কম বাজেটৰ স্বতন্ত্ৰ কমেডি-ড্ৰামা লিভিং ইন অবলিভনৰ (১৯৯৫) জৰিয়তে তেওঁ নিজৰ কৃতিত্বপ্ৰাপ্ত চলচ্চিত্ৰ জগতখনত আত্মপ্ৰকাশ কৰে। চলচ্চিত্ৰখনত নিউয়ৰ্ক চহৰৰ মাজভাগত এজন পৰিচালক, কৰ্মচাৰী আৰু কম বাজেটৰ স্বতন্ত্ৰ চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণৰ কাহিনী দাঙি ধৰা হৈছে। ডিংকলেজৰ চৰিত্ৰটো আছিল বাওনা শৰীৰৰ এজন হতাশ অভিনেতাৰ, যি তেওঁৰ চৰিত্ৰবোৰৰ বিষয়ে অভিযোগ কৰি থাকে। ১৪ ছবিখনে সমালোচকসকলৰ ইতিবাচক সঁহাৰি লাভ কৰে।১৫ পৰৱৰ্তী বছৰত তেওঁ টুপাক শাকুৰ অভিনীত অপৰাধমূলক চলচ্চিত্ৰ বুলেটত বিল্ডিং মেনেজাৰ হিচাপে উপস্থিত হয়। ১৬ আনকি লিভিং ইন অবলিভিয়নত তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ পাছতো ডিংকলেজে তেওঁৰ এজেণ্ট হ'বলৈ ইচ্ছুক লোকক বিচাৰি পোৱা নাছিল। ইয়াৰ পিছত ডিংকলেজে কমেডি ১৩ মুনছত (২০০২) অভিনয় কৰাৰ সুযোগ পায়। থিয়েটাৰ ৱেবছাইট এটাৰ বাবে সাক্ষাৎকাৰ লোৱাৰ সময়ত তেওঁক সোধা হৈছিল যে তেওঁৰ আদৰ্শ ভূমিকা কি, আৰু তেওঁ উত্তৰ দিছিল যে "ৰোমাণ্টিক মুখ্য চৰিত্ৰ" যি নায়িকাক লাভ কৰে।৮

গেম অফ থ্ৰোনছ

২০১১ আৰু ২০১৯ চনৰ ভিতৰত ডিংকলেজে জৰ্জ আৰ আৰ মাৰ্টিনৰ এ ছং অফ আইচ এণ্ড ফায়াৰ উপন্যাস শৃংখলাৰ অভিযোজন এইচবিঅ'ৰ ফেণ্টাছী ড্ৰামা গেম অফ থ্ৰোনছত টিৰিয়ন লেনিষ্টাৰক চৰিত্ৰ ৰূপায়ন কৰিছিল। ১৭ গেম অফ থ্ৰোনছৰ পটভূমি হৈছে ৱেষ্টেৰোচ আৰু এছ'ছৰ কাল্পনিক মহাদেশচ আৰু ই সপ্ত ৰাজ্যৰ আইৰন থ্ৰোন বা লৌহ সিংহাসনৰ নিয়ন্ত্ৰণৰ বাবে যুঁজ দিয়াৰ সময়ত সম্ভ্ৰান্ত পৰিয়ালবোৰৰ মাজত ক্ষমতাৰ সংগ্ৰামৰ ইতিহাস বৰ্ণনা কৰে।১৮ টিৰিয়ন ৱেষ্টেৰোছৰ অন্যতম চহকী আৰু শক্তিশালী পৰিয়াল হাউচ লেনিষ্টাৰৰ সদস্য, আৰু তেওঁ গোটেই জীৱন লাভ কৰা অৱহেলা আৰু উপহাসৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ লেনিষ্টাৰ হিচাপে তেওঁৰ মৰ্যাদাৰ ব্যৱহাৰ কৰে।১৯

ডিংকলেজে তেওঁৰ অভিনয়ৰ বাবে ব্যাপক প্ৰশংসা লাভ কৰিছে।২০২১ দ্য বষ্টন গ্লোবৰ মেথিউ গিলবাৰ্টে কয় যে ডিংকলেজে "এক বিজয়ী প্ৰদৰ্শন দাঙি ধৰে যি মনোমোহা, নৈতিকভাৱে অস্পষ্ট আৰু আত্ম-সচেতন।"২২ দ্য নিউয়ৰ্ক টাইমছৰ ডেন কইছে উল্লেখ কৰে যে ডিংকলেজৰ অভিনয়ে চৰিত্ৰটোক "অধিক জনপ্ৰিয়" কৰি তুলিছে।২৩ লছ এঞ্জেলছ টাইমছৰ মতে "বহুক্ষেত্ৰত গেম অফ থ্ৰোনছ ডিংকলেজৰ প্ৰাপ্য।" ২৪ টিৰিয়নক "আটাইতকৈ উদ্ধৃতিযোগ্য" চৰিত্ৰ আৰু শৃংখলাটোৰ "আটাইতকৈ প্ৰিয় চৰিত্ৰ" বুলি কোৱা হৈছে।২৫

তথ্যসূত্ৰ

  1. ↑ Turchiano, Danielle. (September 23, 2019). Emmys: Peter Dinklage Sets Record With Supporting Actor Win for 'Game of Thrones'. Variety
  2. ↑ Tom McCarthy, Peter Dinklage and Bobby Cannavale talk The Station Agent. – Neil Young's Film Lounge. www.jigsawlounge.co.uk
  3. ↑ (September 30, 2015). Peter Dinklage: 'The fight is all'. The Talks
  4. ↑ (Jun 14, 2013). Monitor. Entertainment Weekly. পৃ. 40
  5. ↑ Moszczynski, Joe. (July 1, 2004). John C. Dinklage, 72, father of 2 entertainers. New Jersey Star-Ledger
  6. ↑ Wang, Helena; Aquino, Tara. (June 7, 2013). 25 Things You Didn't Know About Peter Dinklage. Complex
  7. ↑ Spitznagel, Eric. (May 3, 2013). 20Q Peter Dinklage. Playboy
  8. ↑ Kois, Dan. (March 29, 2012). Peter Dinklage Was Smart to Say No. The New York Times
  9. ↑ Hamm, Liza. (October 13, 2003). Peter Dinklage: People Magazine. People
  10. ↑ Smith, Dinitia. (October 2, 2013). Dark, Handsome And Short; Star of a Sundance Hit Is Ready for an Encore. The New York Times
  11. ↑ Lawrence, Will. (September 12, 2015). How Game of Thrones changed Peter Dinklage's life. The New Zealand Herald
  12. ↑ Kois, Dan. (March 29, 2012). Peter Dinklage Was Smart to Say No. The New York Times
  13. ↑ Peter Dinklage's 2012 commencement speech explains how life sucks after graduation, but then gets better. Quartz
  14. ↑ Maslin, Janet. (March 17, 1995). Film Festival Review: Living In Oblivion; A Valentine to the Perils of Film Making. The New York Times
  15. ↑ Living in Oblivion Movie Reviews, Pictures – Rotten Tomatoes. Rotten Tomatoes
  16. ↑ Peter Dinklage biography. Tribute
  17. ↑ Gee, Catherine. (September 20, 2014). Game of Thrones: the 20 most shocking moments. The Daily Telegraph
  18. ↑ Fowler, Matt. (April 8, 2011). Game of Thrones: "Winter is Coming" Review. IGN
  19. ↑ Gilbert, Matthew. (April 15, 2011). Fantasy comes true with HBO's Game of Thrones. The Boston Globe
  20. ↑ Ken Tucker. (April 14, 2011). Game of Thrones (2011). Entertainment Weekly
  21. ↑ McNamara, Mary. (April 15, 2011). Swords, sex and struggles. Los Angeles Times
  22. ↑ Gilbert, Matthew. (April 15, 2011). Fantasy comes true with HBO's Game of Thrones. The Boston Globe
  23. ↑ Kois, Dan. (March 29, 2012). Peter Dinklage Was Smart to Say No. The New York Times
  24. ↑ McNamara, Mary. (April 15, 2011). Swords, sex and struggles. Los Angeles Times
  25. ↑ (June 1, 2012). Game of Thrones: Tyrion's Best Quotes in Season 2. The Huffington Post

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিহলিউড অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিটাৰ ডিংকলেজ” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৫৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।