অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডেমি মুৰ

| children = ৩ গৰাকী | parents = | awards = | signature = Demi Moore signature.svg }} ডেমি মুৰ (ইংৰাজী: Demi Moore; জন্ম: ১১ নৱেম্বৰ, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী। আশীৰ দশকত জনপ্ৰিয়তা লাভ কৰাৰ পিছত ১৯৯৫ চনৰ ভিতৰত তেওঁ বিশ্বৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী হৈ পৰে।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ৪৪৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

| children = ৩ গৰাকী | parents = | awards = | signature = Demi Moore signature.svg }}

ডেমি মুৰ (ইংৰাজী ভাষা: Demi Moore; জন্ম: ১১ নৱেম্বৰ, ১৯৬২) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। আশীৰ দশকত জনপ্ৰিয়তা লাভ কৰাৰ পিছত ১৯৯৫ চনৰ ভিতৰত তেওঁ বিশ্বৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী হৈ পৰে।১ তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত এটা গোল্ডেন গ্ল’ব বঁটা, এটা এক্টৰ বঁটা আৰু অস্কাৰ বঁটা, ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা তথা এমি বঁটাৰ মনোনয়ন অন্যতম।২৩ ২০২৫ চনত তেওঁ টাইম আলোচনীৰ বিশ্বৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰে আৰু সেই বছৰতে হলিউড ৱাক অৱ ফেমত এটা তৰা লাভ কৰে।৪৫

মুৰে এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৯৮১ চনত ধাৰাবাহিক জেনেৰেল হস্পিটেলৰ অভিনয় শিল্পীৰ দলত যোগদান কৰিছিল।৬ ১৯৮৩ চনত অনুষ্ঠানটো ত্যাগ কৰাৰ পিছত তেওঁ ব্ৰেট পেকৰ সদস্য হিচাপে ব্লেম ইট অন ৰিঅ' (১৯৮৪), ছেইণ্ট এলম’ছ ফায়াৰ (১৯৮৫) আৰু এবাউট লাষ্ট নাইট... (১৯৮৬) আদি চলচ্চিত্ৰত অভিনয় কৰি বিশেষ চৰ্চালৈ আহে। ১৯৯০ চনৰ ৰোমাণ্টিক ছবি ঘোষ্টত এগৰাকী শোকগ্ৰস্ত প্ৰেমিকাৰ চৰিত্ৰত কৰা অভিনয়েৰে তেওঁ এগৰাকী তাৰকা হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত এ ফিউ গুড মেন (১৯৯২), ইন্ডিচেণ্ট প্ৰপোজাল (১৯৯৩) আৰু ডিছক্ল’জাৰ (১৯৯৪) আদিৰ জৰিয়তে তেওঁ অধিক বক্স অফিচ সফলতা লাভ কৰে। ১৯৯৬ চনত ষ্ট্ৰিপটিজ ছবিত অভিনয় কৰিবলৈ তেওঁ সেই সময়ৰ অভূতপূৰ্ব ১২.৫ নিযুত আমেৰিকান ডলাৰ পাৰিশ্ৰমিক লাভ কৰিছিল। অৱশ্যে দ্য স্কাৰলেট লেটাৰ (১৯৯৫), দ্য জুৰৰ (১৯৯৬) আৰু জি.আই. জেন (১৯৯৭) ছবিসমূহে আশানুৰূপ ব্যৱসায় কৰিব নোৱাৰাত তেওঁৰ কামৰ পৰিমাণ যথেষ্ট কমি যায়।৭৮

মুৰে মাজে মাজে আৰ্টহাউছ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে; ইয়াৰ লগতে চাৰ্লিজ এঞ্জেলছ: ফুল থ্ৰটল (২০০৩), ববী (২০০৬), মিষ্টাৰ ব্ৰুকছ (২০০৭), মাৰ্জিন কল (২০১১) আৰু ৰাফ নাইট (২০১৭) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰিছে। টেলিভিছনৰ ক্ষেত্ৰত তেওঁ ইফ দিজ ৱালছ কুড টক (১৯৯৬), এম্পায়াৰ (২০১৭–২০১৮), ফিউড: কেপোট বনাম দ্য সোৱানছ (২০২৪) আৰু লেণ্ডমেন (২০২৪–বৰ্তমান) আদিৰ বাবে পৰিচিত। শেহতীয়াকৈ বডী হৰৰ ছবি দ্য চাবষ্টেন্সত এগৰাকী বয়সস্থ চেলিব্ৰিটিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ পুনৰ বিশেষ স্বীকৃতি লাভ কৰিছে।

অভিনয় আৰু স্বীকৃতি

মুৰ অসংখ্য সন্মানৰ অধিকাৰী, যাৰ ভিতৰত এটা গোল্ডেন গ্ল’ব বঁটা, এটা ক্ৰিটিক্স চইচ মুভি বঁটা আৰু এটা এক্টৰ বঁটা অন্যতম। ইয়াৰ উপৰিও তেওঁ অস্কাৰ বঁটা, ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, প্ৰাইমটাইম এমি বঁটা, ডিৰেক্টৰছ গিল্ড অফ আমেৰিকা বঁটা আৰু দুটাকৈ ইণ্ডিপেণ্ডেন্ট স্পিৰিট বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।

অনলাইন প'ৰ্টেল 'বক্স অফিচ মজু' আৰু সমীক্ষা সংগ্ৰহকাৰী ৱেবছাইট 'ৰটেন টমেটোচ'ৰ মতে, তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী আৰু ইতিবাচকভাৱে সমীক্ষিত ছবিসমূহৰ ভিতৰত আছে:৯

  • এবাউট লাষ্ট নাইট... (১৯৮৬)
  • ঘোষ্ট (১৯৯০)
  • এ ফিউ গুড মেন (১৯৯২)
  • ইন্ডিচেণ্ট প্ৰপোজাল (১৯৯৩)
  • ডিছক্ল’জাৰ (১৯৯৪)
  • ইফ দিজ ৱালছ কুড টক (১৯৯৬)
  • দ্য হাঞ্চবেক অফ নট্ৰে ডেম (১৯৯৬)
  • বিভিচ এণ্ড বাট-হেড ডু আমেৰিকা (১৯৯৬)
  • ডিকনষ্ট্ৰাকটিং হেৰী (১৯৯৭)
  • চাৰ্লিজ এঞ্জেলছ: ফুল থ্ৰটল (২০০৩)
  • দ্য জোনছ (২০০৯)
  • মাৰ্জিন কল (২০১১)
  • প্লিজ বেবী প্লিজ (২০২২)
  • দ্য চাবষ্টেন্স (২০২৪)

গ্ৰন্থপঞ্জী

  • ইনচাইড আউট: এ মেম’ৱাৰ; হাৰ্পাৰ কলিন্স (২০১৯),

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Schwartz, Terri. (December 7, 2009). Kristen Stewart's 'Welcome To The Rileys' Role Is Only The Latest Fictional Stripper In Hollywood. MTV
  2. ↑ Demi Moore. Hollywood Foreign Press Association
  3. ↑ Ryzik, Melena. (2025-01-23). Demi Moore Caps a Career Comeback With an Oscar Nomination. The New York Times
  4. ↑ Murphy, Ryan. (April 16, 2025). Demi Moore: The 100 Most Influential People of 2025. TIME
  5. ↑ X; LinkedIn. (2025-07-02). Miley Cyrus, Timothée Chalamet and Demi Moore to receive stars on Hollywood Walk of Fame. Los Angeles Times
  6. ↑ Connelly, Sherryl. (1981-12-27). Here's Luke's new love. New York Daily News. পৃ. 3
  7. ↑ Goodwin, Christopher. (March 4, 2012). She can't take any Moore. The Times
  8. ↑ Juzwiak, Rich. (August 3, 2012). Demi Moore, Queen of Flops. POPSUGAR Celebrity UK
  9. ↑ Demi Moore. Rotten Tomatoes

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীচলচ্চিত্ৰ প্ৰযোজক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেমি মুৰ” প্ৰবন্ধৰ সংশোধন ৫৯৪৭১৭ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।