অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডৰথী এবট

ডৰথী এবট (ইংৰাজী: Dorothy Abbott; ১৬ ডিচেম্বৰ, ১৯২০ – ১৫ ডিচেম্বৰ, ১৯৬৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল। ১৯৪০ চনৰপৰা ১৯৬০ চনৰ ভিতৰত তেওঁ হলিউডৰ বহুতো উল্লেখযোগ্য চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত সৰু-বৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ডৰথী এবট (ইংৰাজী ভাষা: Dorothy Abbott; ১৬ ডিচেম্বৰ, ১৯২০ – ১৫ ডিচেম্বৰ, ১৯৬৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল। ১৯৪০ চনৰপৰা ১৯৬০ চনৰ ভিতৰত তেওঁ হলিউডৰ বহুতো উল্লেখযোগ্য চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত সৰু-বৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

মিছৌৰীৰ কেনচাচ চিটিত জন্মগ্ৰহণ কৰা এবটে সৰুৰেপৰা অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলোৱাৰ আগতে পেছাদাৰী অভিজ্ঞতা অৰ্জনৰ বাবে 'লিটল থিয়েটাৰ'ৰ বিভিন্ন প্ৰডাকচনত অভিনয় কৰিছিল।১

১৯৪০ চনৰ শেষৰফালে তেওঁ হলিউডলৈ যায় আৰু এগৰাকী অতিৰিক্ত শিল্পী (extra) হিচাপে বহুতো ছবিত অভিনয় আৰম্ভ কৰে। লাছ ভেগাছত থকা সময়ছোৱাত তেওঁ বিখ্যাত ফ্লেমিংগো হোটেলত এগৰাকী শ্ব’গাৰ্ল আছিল আৰু নিজৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে তেওঁক "সোণালী হাতৰ ছোৱালী" (the girl with the golden arm) বুলি জনা গৈছিল। তেওঁৰ টেলিভিছন কেৰিয়াৰো সমানেই সক্ৰিয় আছিল। তেওঁ দ্য ফৰ্ড টেলিভিছন থিয়েটাৰ, লিভ ইট টু বিভাৰ আৰু বিখ্যাত ক্ৰাইম ড্ৰামা ড্ৰেগনেটত ছাৰ্জেণ্ট জো ফ্ৰাইডেৰ প্ৰেমিকা 'এন বেকাৰ' হিচাপে অতিথি চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।২ অৱশ্যে অভিনেত্ৰী হিচাপে নিয়মিত কাম পাবলৈ কেতিয়াবা তেওঁ অসুবিধাৰো সন্মুখীন হৈছিল। তেনে সময়ত তেওঁ মডেলিং কৰিছিল আৰু জীৱিকাৰ বাবে ৰিয়েল এষ্টেট এজেণ্ট হিচাপেও কাম কৰিছিল।৩

উল্লেখযোগ্য চলচ্চিত্ৰপঞ্জী

ডৰথী এবটে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ছবি হ'ল:

  • নাইটিংগেল (১৯৪৬)
  • ৰেড গ্ৰেপছ (১৯৪৮)
  • এনি টাইম (১৯৫০)
  • চেলিব্ৰিটি (১৯৫২)
  • দ্য অপজিট চেক্স (১৯৫৬)
  • গিগি (১৯৫৮)
  • চাৰ্লছ (১৯৬৪)

ব্যক্তিগত জীৱন আৰু মৃত্যু

১৯৪৯ চনত এবটে অভিনেতা তথা আৰক্ষী বিষয়া ৰুডী ডিয়াজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ দাম্পত্য জীৱন প্ৰায় ১৯ বছৰ ধৰি চলিছিল। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে। নিজৰ বিবাহ বিচ্ছেদক লৈ ডৰথী গভীৰ হতাশাত ভুগিছিল।২ এই মানসিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি ১৯৬৮ চনৰ ১৫ ডিচেম্বৰত—তেওঁৰ ৪৮বছৰীয়া জন্মদিনৰ মাত্ৰ এদিন আগতে লছ এঞ্জেলছত তেওঁ আগ্নেয়াস্ত্ৰৰে গুলীয়াই আত্মহত্যা কৰে।৪ কেলিফৰ্ণিয়াৰ হুইটিয়াৰৰ ৰোজ হিলছ মেমৰিয়েল পাৰ্কত তেওঁক কবৰ দিয়া হয়। তেওঁৰ কবৰৰ ফলিত বিবাহিত নাম ডৰথী ডিয়াজ বুলি উল্লেখ আছে।৫

তথ্যসূত্ৰ

  1. ↑ Lindeman, Edith. (September 13, 1950). Petty Girls Will Appear Here Today. The Times Dispatch. পৃ. 11
  2. ↑ Donnelley, Paul. (2005-11-01). Fade to Black: A Book of Movie Obituaries. Omnibus Press. পৃ. 5. ISBN 1-84449-430-6
  3. ↑ The Private Life and Times of Dorothy Abbott. glamourgirlsofthesilverscreen.com
  4. ↑ Dorothy Abbott & Her Heartbreaking Suicide. Classical Actresses of Hollywood
  5. ↑ Resting Places: The Burial Places of 14,000 Famous Persons, by Scott Wilson

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডৰথী এবট” প্ৰবন্ধৰ সংশোধন ৬৩১৩৯৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।