ডেনা এমি কেপলান ( Dena Amy Kaplan); জন্ম: ২০ জানুৱাৰী ১৯৮৯, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী আৰু ডিজে। ডান্স একাডেমীত এবিগেল আৰ্মষ্ট্ৰংৰ ভূমিকাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
ডেনা কেপলানৰ জন্ম হৈছিল দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত। তেওঁৰ মাক আৰু আইতাক দুয়োজনেই বেলে নৃত্যশিল্পী আছিল। কেপলানৰ পিতৃ এজন সংগীতজ্ঞ আৰু তেওঁৰ ককাক এজন অভিনেতা আছিল।১ ডেনাই এটা ইহুদী পৰিয়ালত জন্ম গ্ৰহণ কৰিছে।২ তেওঁৰ এগৰাকী ডাঙৰ ভগ্নী, নাম জেমা-এছলী কেপলান আৰু এগৰাকী সৰু ভগ্নী, নাম এৰিয়েল কেপলান, যিয়ে “দ্য চেডেল ক্লাব’’ত লিজা এটউড #২ৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৯৬ চনত কেপলানে সাত বছৰ বয়সত অষ্ট্ৰেলিয়ালৈ গুচি যাবলগীয়া হয়।৩ বেলে নৃত্যৰ গেম্মাৰ বেলেৰ পাঠ গ্ৰহণ কৰা দেখাৰ পিছত ডেনাই নিজেও তেওঁৰ পদাংক অনুসৰণ কৰে।
কেপলানে মাউণ্ট স্কোপাছ মেম’ৰিয়েল কলেজত শিক্ষা গ্ৰহণ কৰিছিল আৰু কেইবাখনো বিখ্যাত নৃত্যৰ শিক্ষানুষ্ঠান, অষ্ট্ৰেলিয়ান বেলে স্কুল, জেন মূৰ একাডেমী অৱ বেলে আৰু চিটি ডান্স চেণ্টাৰকে ধৰি বহুতো বিদ্যালয়ত নৃত্যৰ প্ৰশিক্ষণ লৈছিল। মঞ্চত তেওঁ প্ৰথমে ডেভিদ কেম্পবেলৰ সৈতে “দ্য প্ৰডাকচন কোম্পানী’’ৰ কেৰ’জেল(Carousel)ত ভাগ লৈছিল, শ্ব'টোৰ দ্বিতীয় খণ্ডত কণ্ঠ সংগীতবিহীন একক বেলেৰ অংশ, লুইজৰ চৰিত্ৰত অভিনয় কৰিছিল। ডিজনীৰ সংগীত প্ৰযোজনাৰ দ্য লায়ন কিঙত নৃত্যশিল্পী/গায়িকা হিচাপে তেওঁৰ দ্বিতীয়টো ডাঙৰ ভূমিকা আছিল।.৪ পিছত তেওঁ আইলি স্কুল আৰু ব্ৰডৱে ডান্স চেণ্টাৰত পঢ়িবলৈ নিউয়ৰ্ক মহানগৰ চহৰলৈ গুচি যায়।
২০০৫ চনত নেটৱৰ্ক টেন চোৰাংচোৱা ধাৰাবাহিক স্কুটাৰ: ছিক্ৰেট এজেণ্টত পাৰ্টিৰ এগৰাকী ছোৱালী হিচাপে তেওঁ প্ৰথম টেলিভিছন চৰিত্ৰত অভিনয় কৰে৷৫ ২০০৭ চনত তেওঁ অষ্ট্ৰেলিয়াৰ আৰক্ষী নাটক চিটি হমিচাইডৰ এটা খণ্ডত ডেব'ৰা ষ্টেটছমেনৰ চৰিত্ৰত অভিনয় কৰে।৬ ২০০৯ চনত ফ্লাইট অৱ দ্য কনকৰ্ডছ৭ৰ এটা খণ্ডত কেলিৰ চৰিত্ৰত অভিনয় কৰে আৰু ৰেবেকা গিবনীৰ সৈতে ইন হাৰ স্কিন ছবিত অভিনয় কৰে। তাৰ পিছত তেওঁক "ডান্স একাডেমী"ৰ ধাৰাবাহিকত অভিনয় কৰা হয় আৰু একে বছৰতে চিটি হমিচাইডত ষ্টেফানী উলফৰ চৰিত্ৰতো অভিনয় কৰা হয়। ২০১১ চনত কেপলানে ক্ৰীছ চেবাষ্টিয়ানৰ "ফ্ল'"ৰ মিউজিক ভিডিঅ'ত প্ৰেমত আকুল এক চৰিত্ৰত অভিনয় কৰে। ২০১৩ চনৰ ভিতৰত তেওঁক কেম্পত চাৰা ব্ৰেনেনৰ চৰিত্ৰত অভিনয় কৰোৱা হয়। গেমা, ডেনা আৰু এৰিয়েল অভিনীত হোৱা এখন টিভি ধাৰাবাহিকৰ বাবে এক কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল।৮
ডেনা কেপলান ছই ডগ ফাউণ্ডেশ্যনৰ এম্বেছাদৰ৯ আৰু তেওঁৰ ভগ্নীসকলৰ সৈতে মিলি তেওঁ “অষ্ট্ৰেলিয়ান চাৰ্ভাইকেল কেন্সাৰ ফাউণ্ডেশ্যন’’ৰ এম্বেছাদৰ।১০ কেপলানে অষ্ট্ৰেলিয়াৰ ছিডনীত বাস কৰে।১১ ২০২২ চনৰ ডিচেম্বৰ মাহত কেপলানে নিজৰ ইনষ্টাগ্ৰাম পেজৰ জৰিয়তে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে।
ডিস্কোগ্ৰাফী
ডেনা কেপলানৰ কেইটিমান উল্লেখযোগ্য ডিস্ক’ হ’ল: ডেনা এমি - ৱেইট ফৰ ইউ // ২০১৬, ডেনা এমি ফিট লণ্ডন টোপাজ - ইয়’ৰ আইজ // ২০১৭, ডেনা এমি ফিট কাইল ৱাষ্টন - ডাইমণ্ডছ ইলে স্কাইজ' // ২০১৭ আৰু ডেনা এমি - জোল // ২০১৮
কথা ছবি
ডেনা কেপলানে বৰ্তমানলৈ কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰি টিভি ধাৰাবাহিকতো অভিনয় কৰিছে৷
| +চলচ্চিত্ৰ আৰু টেলিভিছনৰ ভূমিকা | বছৰ | অলপ | ভূমিকা | টোকাসমূহ |
| ২০০৫ চনত | স্কুটাৰ: চিক্ৰেট এজেন্ট | পাৰ্টি গাৰ্ল | খণ্ড: "অপাৰেচন: ডাবল অ'"। | |
| ২০০৭ চনত | চিটি হোমিচাইড | ডেবৰা ষ্টেটছমেন | Episode: "বাগিচাত পকা ফল"। | |
| ২০০৯ চনত | ইন হাৰ স্কিন | প্ৰামৰ সৈতে গৰ্ভৱতী ছোৱালী | ||
| ২০০৯ চনত | ফ্লাইট অফ কনকৰ্ড | কেলি | খণ্ড: "অপ্ৰাকৃতিক প্ৰেম"। | |
| ২০১০ চনত | চিটি হোমিচাইড | ষ্টেফানী উলফ | খণ্ড: "প্ৰত্যাখ্যান"। | |
| ২০১০–১৩ | ডান্স একাডেমী | এবিগেল আৰ্মষ্ট্ৰং | মূল ভূমিকা | |
| ২০১২ চনত | ট্ৰিকি বিজনেছ (অষ্ট্ৰেলিয়ান টিভি ধাৰাবাহিক) | মিনেছ'টা স্মিথ | পুনৰাবৃত্তিমূলক ভূমিকা | |
| ২০১২ চনত | মিচেছ বিগছ | তৃষ্ণ | খণ্ড: "১.৫"। | |
| ২০১৩ | কেম্প (টিভি ধাৰাবাহিক) | ছাৰা ব্ৰেনেন | মূল ভূমিকা | |
| ২০১৪ | ডাক্তৰ ব্লেক মিষ্ট্ৰীজ | আমেলিয়া ইয়ৰ্ক | খণ্ড: "ক্ৰচিং দা লাইন"। | |
| ২০১৫ চনত | ডেলা মৰ্টিকা | বিট্ৰিক্স ডেলা মৰ্টে | চুটি ছবি; পোষ্ট-প্ৰডাকচনত | |
| ২০১৬ চন | হানি ৩: ডেয়াৰ টু ডান্স | নাদিন | ভিডিঅ'লৈ ডাইৰেক্ট | |
| ২০১৭ চনত | ডান্স একাডেমী: দ্য মুভি | এবিগেল আৰ্মষ্ট্ৰং | নাট্য চলচ্চিত্ৰ | |
| ২০২১ চনৰ | লং ষ্টোৰী চৰ্ট (২০২১ ছবি) | কাহিনী চিত্ৰ |
তথ্যসূত্ৰ
- ↑ Neighbours' Ariel Kaplan on Imogen future: 'She has another freak-out'
- ↑ Interview with new Neighbours star Ariel Kaplan
- ↑ ডনা কেপলান
- ↑ নৃত্য
- ↑ ছিক্ৰেট এজেণ্ট
- ↑ চিটি হোমিচাইড
- ↑ কনকৰ্ড
- ↑ Interview: Dena Kaplan
- ↑ Dena Kaplan from NBC's 'Camp' Talks to Us About Her Healthy Living Philosophy, Body Image, & Shares A Favorite Recipe
- ↑ Our Ambassadors
- ↑ Dance Academy’s Jordan Rodrigues & Dena Kaplan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেনা কেপলান” প্ৰবন্ধৰ সংশোধন ৪২৩৬৫১ (২০ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।