অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডেইজী ৰিডলী

ডেইজী জাজ ইছ’বেল ৰিডলী (ইংৰাজী: Daisy Ridley; জন্ম: ১০ এপ্ৰিল ১৯৯২) এগৰাকী ইংৰাজ অভিনেত্ৰী। ২০১৫ চনৰ পৰা ২০১৯ চনলৈ ষ্টাৰ ৱাৰ্ছ ছিকুৱেল ত্ৰিলজীত ৰে'ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে।

হালনাগাদ: ১১ মে’ ২০২৬ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ডেইজী জাজ ইছ’বেল ৰিডলী (ইংৰাজী ভাষা: Daisy Ridley; জন্ম: ১০ এপ্ৰিল ১৯৯২) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। ২০১৫ চনৰ পৰা ২০১৯ চনলৈ ষ্টাৰ ৱাৰ্ছ ছিকুৱেল ত্ৰিলজীত ৰে'ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে। ষ্টাৰ ৱাৰ্ছ চলচ্চিত্ৰৰ পিছত ৰিডলীয়ে ৰহস্যধৰ্মী ছবি মাৰ্ডাৰ অন দ্য অৰিয়েণ্ট এক্সপ্ৰেছ (২০১৭)ত অভিনয় কৰে আৰু ৰোমাণ্টিক ড্ৰামা অফেলিয়া (২০১৮)ত অফেলিয়াৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ এনিমেটেড ছবি পিটাৰ ৰেবিট (২০১৮) আৰু ভিডিঅ' গেম টুৱেল্ভ মিনিটছ (২০২১)ত কণ্ঠদান কৰিছে। ইয়াৰ পিছত তেওঁ বিজ্ঞানভিত্তিক ছবি কেওচ ৱাকিং (২০২১), স্বতন্ত্ৰ ড্ৰামা চামটাইমছ আই থিংক এবাউট ডাইং (২০২৩) আৰু মনস্তাত্বিক থ্ৰিলাৰ দ্য মাৰ্ছ কিংছ ডটাৰ (২০২৩)ত মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁ জীৱনীমূলক ছবি য়ং ৱমেন এণ্ড দ্য চি (২০২৪)ত গাৰ্ট্ৰুড এডাৰ্লিৰ চৰিত্ৰত অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

ৰিডলীৰ জন্ম ১৯৯২ চনৰ ১০ এপ্ৰিলত লণ্ডনৰ ৱেষ্টমিনিষ্টাৰত হৈছিল আৰু তেওঁ মাইডা ভেলত ডাঙৰ-দীঘল হৈছিল।১২ তেওঁ ফটোগ্ৰাফাৰ ক্ৰিষ্টোফাৰ ৰিডলী আৰু বেংকৰ আভ্যন্তৰীণ যোগাযোগ বিভাগত কৰ্মৰত লুইজৰ তিনিগৰাকী কন্যাৰ ভিতৰত কনিষ্ঠ।৩৪ তেওঁৰ কিকা ৰোজ আৰু পপি ছফিয়া নামৰ দুগৰাকী জ্যেষ্ঠ ভগ্নীৰ লগতে দুগৰাকী সতীয়া ভগ্নীও আছে।৫ তেওঁৰ মাতৃৰ পৰিয়াল ফকনাৰ-কৰবেটসকল সামৰিক আৰু চিকিৎসা বিজ্ঞানৰ পৃষ্ঠভূমি থকা অভিজাত শ্ৰেণীৰ লোক আছিল। তেওঁৰ পিতৃৰ ফালৰ সম্পৰ্কীয় ককা আৰ্নল্ড ৰিডলীয়েও সামৰিক বাহিনীত সেৱা আগবঢ়াইছিল।৬ আৰ্নল্ড ৰিডলী এজন নাট্যকাৰ আৰু অভিনেতা হিচাপেও সফল আছিল। ডেইজীৰ ককাদেউতাক জন হেৰী ডান ৰিডলী ১৯৫০ চনৰ পৰা ১৯৬৫ চনলৈ বিবিচিৰ ইঞ্জিনিয়াৰিং চেক্ৰেটেৰিয়েটৰ মুৰব্বী আছিল।

ৰিডলীয়ে উল্লেখ কৰিছে যে সৰুতে তেওঁৰ প্ৰিয় চলচ্চিত্ৰ আছিল মাটিল্ডা (১৯৯৬) আৰু তেওঁ ইয়াৰ মাটিল্ডা চৰিত্ৰটোক নিজৰ আদৰ্শ হিচাপে গণ্য কৰিছিল।৭ কিশোৰ অৱস্থাত তেওঁ বিশেষভাৱে ষ্টাৰ ৱাৰ্ছৰ অনুৰাগী নাছিল যদিও হেৰী পটাৰ শৃংখলাটো অতি আগ্ৰহেৰে অনুসৰণ কৰিছিল।৫

ৰিডলীয়ে হাৰ্টফৰ্ডশায়াৰৰ ট্ৰিং পাৰ্ক স্কুল ফৰ দ্য পাৰফৰ্মিং আৰ্টছত অধ্যয়নৰ বাবে জলপানি লাভ কৰিছিল আৰু ন বছৰৰ পৰা ওঠৰ বছৰ বয়সলৈকে তাত শিক্ষা গ্ৰহণ কৰিছিল।৮ ইয়াৰ পিছত তেওঁ বাৰ্কবেকত ধ্ৰুপদী সভ্যতাৰ বিষয়ে অধ্যয়ন কৰে।

তথ্যসূত্ৰ

  1. ↑ Goodwin, Jess. (7 January 2015). Daisy Ridley: 7 Things You Might Not Know About The 'Star Wars: Episode VII: The Force Awakens' Actress. Fashion & Style
  2. ↑ Daisy Jazz I Ridley. FamilySearch
  3. ↑ Saner, Emine. (28 November 2015). How Daisy Ridley went from bit parts to lead in Star Wars: The Force Awakens. The Guardian
  4. ↑ Meet Daisy Ridley, the 23-year-old who snagged a lead role in 'Star Wars: The Force Awakens' - her Hollywood career is about to blow up. Business Insider India
  5. ↑ Bhattacharji, Alex. (3 December 2019). Daisy Ridley on The Rise Of Skywalker: 'It was not hard to be upset in the last scene'. British GQ
  6. ↑ Bethan, Bell. (5 February 2016). The real-life wars of Dad's Army actor Arnold Ridley. BBC News
  7. ↑ Garcia, Patricia. (15 December 2015). Everything You Need to Know About Star Wars's New Stars John Boyega and Daisy Ridley. Vogue
  8. ↑ Watts, Halina; McPhee, Rod. (1 May 2014). Star Wars' new star Daisy Ridley: Dad praises "extraordinary" daughter after she lands Episode VII leading role. Daily Mirror

সম্পৰ্কিত শ্ৰেণী

বৃটিছ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেইজী ৰিডলী” প্ৰবন্ধৰ সংশোধন ৬০৫৭৭১ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।