ছাৰ ডেভিড ফ্ৰেডৰিক এটেনবৰো (জন্ম ৮ মে ১৯২৬) ১ এজন ব্ৰিটিছ প্ৰকৃতিবিদ আৰু দূৰদৰ্শনৰ দ্বাৰা প্ৰচাৰিত জনপ্ৰিয় ব্যক্তি।২তেওঁ এজন ব্ৰিটিছ সম্প্ৰচাৰক, জীৱবিজ্ঞানী, প্ৰাকৃতিক ইতিহাসবিদ আৰু লেখক। তেওঁ বিবিচি ষ্টুডিঅ' নেচাৰেল হিষ্ট্ৰী ইউনিটৰ সৈতে একেলগে লিখা আৰু উপস্থাপন কৰাৰ বাবে সৰ্বাধিক জনাজাত।
এটেনবৰো বিবিচিৰ এজন জ্যেষ্ঠ মেনেজাৰ আছিল। প্ৰথমে ১৯৫৪ চনত চিৰিয়াখানা কোৱেষ্টৰ আয়োজক হিচাপে বিশেষভাৱে জনপ্ৰিয়তা অৰ্জন কৰিছিল। লেখক, উপস্থাপক আৰু কথক হিচাপে তেওঁৰ চলচ্চিত্ৰগ্ৰাফী আঠ দশক জুৰি জনপ্ৰিয়তা অৰ্জন কৰি আছে। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে নেচাৰেল ৱৰ্ল্ড, ৱাইল্ডলাইফ অন ৱান, প্লেনেট আৰ্থ ফ্ৰেঞ্চাইজি, দ্য ব্লু প্লেনেট এণ্ড ইটচ চিকুৱেল। তেওঁ ১৯৬০ আৰু ১৯৭০ ৰ দশকত বিবিচি ২ ৰ নিয়ন্ত্ৰক আৰু বিবিচি টেলিভিছনৰ প্ৰগ্ৰামিং সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক গ্ৰেট ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সম্পদ বুলি গণ্য কৰা হয় যদিও তেওঁ নিজে এই শব্দটো গ্ৰহণ নকৰে।৩৪ তেওঁ বিভিন্ন ক্ষেত্ৰত সন্মানীয় ডিগ্ৰী আৰু বঁটা লাভ কৰিছে। যাৰ ভিতৰত আছে অসামান্য বৰ্ণনাৰ বাবে লাভ কৰা তিনিটা এমি বঁটা।
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
ডেভিদ ফ্ৰেডৰিক এটেনবৰোৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ মে' তাৰিখে মিডলচেক্সৰ আইলৱৰ্থত।৫আৰু লিচেষ্টাৰ বিশ্ববিদ্যালয়ৰ চৌহদৰ কলেজ হাউচত ডাঙৰ-দীঘল হৈছিল য'ত তেওঁৰ দেউতাক ফ্ৰেডৰিক অধ্যক্ষ আছিল।৬ তেওঁ তিনিজন পুত্ৰৰ মাজৰজন। তেওঁৰ ডাঙৰ ককায়েক ৰিচাৰ্ড এজন অভিনেতা আৰু পৰিচালক হৈছিল আৰু তেওঁৰ সৰু ভায়েকজন ইটালীৰ গাড়ী নিৰ্মাতা আলফা ৰোমিঅ'ৰ এজন কাৰ্যবাহী বিষয়া আছিল।৭ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, শৰণাৰ্থী শিশু আন্দোলন নামেৰে জনাজাত ব্ৰিটিছ স্বেচ্ছাসেৱক নেটৱৰ্কৰ জৰিয়তে তেওঁৰ পিতৃ-মাতৃয়ে জাৰ্মানীৰ পৰা দুগৰাকী ইহুদী শৰণাৰ্থী ছোৱালীকো লালন-পালন কৰিছিল।৮ এটেনবৰোৱে তেওঁৰ শৈশৱৰ সময়ত জীৱাশ্ম, শিল আৰু প্ৰাকৃতিক নমুনা সংগ্ৰহ কৰি অতিবাহিত কৰিছিল। যেতিয়া এজন ডেকা ইংৰাজ লেখক তথা পূৰাতত্ত্ববিদ জেকুৱেটা হকে তেওঁৰ সংগ্ৰহৰ প্ৰশংসা কৰিছিল তেতিয়া তেওঁ উৎসাহ লাভ কৰিছিল।
বিবিচিৰ সৈতে প্ৰাৰম্ভিক জীৱন
নৌসেনা এৰি যোৱাৰ পিছত এটেনবৰোৱে এটা প্ৰকাশন প্ৰতিষ্ঠানৰ বাবে শিশু বিজ্ঞানৰ পাঠ্যপুথি সম্পাদনা কৰাৰ ব্যৱস্থা লয়। তেওঁ সোনকালেই কামটোৰ প্ৰতি মোহভঙ্গ হয় আৰু ১৯৫০ চনত বিবিচিৰ সৈতে ৰেডিঅ' টক প্ৰযোজক হিচাপে চাকৰিৰ বাবে আবেদন কৰে। যদিও তেওঁক এই চাকৰিৰ বাবে প্ৰত্যাখ্যান কৰা হৈছিল কিন্তু তেওঁৰ চিভিয়ে(CV) পিছত বিবিচিৰ নতুন দূৰদৰ্শন সেৱাৰ তথ্যগত সম্প্ৰচাৰ বিভাগৰ মুৰব্বী মেৰী এডামছৰ দৃষ্টি আকৰ্ষণ কৰিছিল।৯সেই সময়ৰ বেছিভাগ ব্ৰিটেইনৰ লোকৰ দৰে এটেনবৰোৰো এটা দূৰদৰ্শনৰ গৰাকী হোৱা নাছিল আৰু তেওঁ জীৱনত কেৱল এবাৰহে দূৰদৰ্শনৰ অনুষ্ঠান দেখিছিল।১০ তেওঁ এডামছৰ তিনি মাহৰ প্ৰশিক্ষণ পাঠ্যক্ৰমৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ১৯৫২ চনত তেওঁ বিবিচিত পূৰ্ণ-সময়ৰ বাবে যোগদান কৰে। প্ৰথমতে কেমেৰাৰ আগত সন্মুখীন হোৱাৰ পৰা নিৰুৎসাহিত কৰা হৈছিল কাৰণ এডামছে ভাবিছিল যে তেওঁৰ দাঁত বহুত ডাঙৰ। তেওঁ টকচ বিভাগৰ প্ৰযোজক হৈছিল, যাৰ দ্বাৰা সকলো অ-কল্পকাহিনী সম্প্ৰচাৰ পৰিচালনা কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক প্ৰকল্পবোৰত কুইজ শ্ব' জীৱ-জন্তু, শাক-পাচলি, খনিজ পদাৰ্থ আদি অন্তৰ্ভুক্ত আছিল আৰু চং হাণ্টাৰ, এলান লোমেক্সৰ দ্বাৰা উপস্থাপন কৰা লোক সংগীতৰ বিষয়ে এটা শৃংখলা প্ৰচাৰ কৰিছিল।
বিবিচিৰ প্ৰশাসন
১৯৬৫ চনৰ মাৰ্চ মাহত মাইকেল পিককৰ পিছত এটেনবৰো বিবিচি ২ৰ নিয়ন্ত্ৰক হয়। তেওঁৰ চুক্তিত এটা ধাৰা অন্তৰ্ভুক্ত কৰা হৈছিল যিয়ে তেওঁক মাজে মাজে কাৰ্যসূচী প্ৰস্তুত কৰা অব্যাহত ৰাখিবলৈ অনুমতি দিছিল। এবছৰৰ পিছত তেওঁ তাঞ্জানিয়াত হাতীৰ চিত্ৰগ্ৰহণ কৰে, আৰু ১৯৬৯ চনত তেওঁ ইণ্ডোনেছিয়াৰ বালি দ্বীপৰ সাংস্কৃতিক ইতিহাসৰ ওপৰত তিনিটা খণ্ডৰ শৃংখলা নিৰ্মাণ কৰে। ১৯৭১ চনৰ 'এ ব্লেংক অন দ্য মেপ' চলচ্চিত্ৰৰ বাবে তেওঁ নিউ গিনিৰ এটা দূৰৱৰ্তী হাইলেণ্ড উপত্যকালৈ হেৰুৱা জনজাতি বিচাৰি প্ৰথম পশ্চিমীয়া অভিযানত যোগদান কৰিছিল।১১
জীৱন শৃংখল
১৯৭৯ চনত লাইফ অন আৰ্থৰ সৈতে আৰম্ভ কৰি, এটেনবৰোৱে বন্যপ্ৰাণীৰ ওপৰত গুণগত মানদণ্ডৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল আৰু এক প্ৰজন্মৰ তথ্যচিত্ৰ নিৰ্মাতাসকলক প্ৰভাৱিত কৰিছিল। শৃংখলাটোৱে বিবিচিৰ প্ৰাকৃতিক ইতিহাসৰ বহুতো বিশেষত্ব প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি আৰু শেহতীয়া আৱিষ্কাৰবোৰৰ ওপৰত গৱেষণা কৰি, এটেনবৰোয়ে আৰু তেওঁৰ প্ৰযোজনা দলে বিজ্ঞানীসকলৰ বিশ্বাস লাভ কৰে। ফলত তেওঁৰ কাৰ্যসূচীত তেওঁলোকৰ বিষয়বোৰ প্ৰদৰ্শন কৰিবলৈ অনুমতি দি সঁহাৰি জনাইছিল।
পৰিবেশবিদৰ উকালতি
২০২২ চনত, ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীয়ে এটেনবৰোক "প্ৰকৃতিৰ সুৰক্ষা আৰু ইয়াৰ পুনৰুদ্ধাৰৰ বাবে গৱেষণা, নথিপত্ৰ আৰু ওকালতিৰ প্ৰতি তেওঁৰ সমৰ্পণৰ বাবে" পৃথিৱীৰ চেম্পিয়ন হিচাপে স্বীকৃতি দিছিল।
পৰিবেশ
এটেনবৰোৰ কাৰ্যসূচীত প্ৰায়ে প্ৰাকৃতিক পৃথিৱীৰ ওপৰত মানৱ সমাজৰ প্ৰভাৱৰ প্ৰসংগ অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণ স্বৰূপে, দ্য লিভিং প্লেনেটৰ অন্তিম খণ্ডটোৱে প্ৰায় সম্পূৰ্ণৰূপে মানুহৰ পৰিৱেশ ধ্বংস আৰু ইয়াক বন্ধ বা বিপৰীত কৰিব পৰা উপায়ৰ ওপৰত গুৰুত্ব দিছে। ইয়াৰ সত্ত্বেও, পৰিৱেশৰ বাৰ্তাসমূহক পৰ্যাপ্ত গুৰুত্ব নিদিয়াৰ বাবে তেওঁক সমালোচনা কৰা হৈছে।
মানুহৰ জনসংখ্যা
এটেনবৰোৱে পৰিৱেশৰ ওপৰত নৃতাত্ত্বিক প্ৰভাৱক মানুহৰ জনসংখ্যা বৃদ্ধিৰ সৈতে সংযুক্ত কৰিছে।১২মানুহৰ অত্যধিক জনসংখ্যা[138] আৰু মানৱ জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত তেওঁৰ মতামতৰ বাবে তেওঁ সমালোচনাৰ সন্মুখীন হৈছে।১৩
ধৰ্মীয় মত
এটেনবৰোৱে নিজকে এজন অজ্ঞেয়বাদী বুলি গণ্য কৰে। প্ৰাকৃতিক জগতৰ বিষয়ে তেওঁৰ পৰ্যবেক্ষণে তেওঁক সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দিছে নেকি বুলি সোধাত তেওঁ সাধাৰণতে এই কাহিনীৰ কিছু সংস্কৰণৰ সৈতে সঁহাৰি দিয়ে,অঞ্চোচাৰ্কা ভলভুলাছ পৰজীৱী কীটৰ সন্দৰ্ভত উল্লেখ কৰি কৈছে:
মোৰ সঁহাৰি হৈছে যে যেতিয়া সৃষ্টিবাদীসকলে ঈশ্বৰে প্ৰতিটো ব্যক্তিগত প্ৰজাতিক পৃথক কাৰ্য্য হিচাপে সৃষ্টি কৰাৰ কথা কয়, তেওঁলোকে সদায়ে হামিংবাৰ্ড, বা অৰ্কিড, সূৰ্যমুখী ফুল আৰু সুন্দৰ বস্তুৰ উদাহৰণ দিয়ে। কিন্তু মই পশ্চিম আফ্ৰিকাৰ এখন নদীৰ পাৰত বহি থকা লৰা চকুৰ মাজেৰে বিৰক্তিকৰ পৰজীৱী পলুৰ সলনি চিন্তা কৰোঁ, এটা পলু যি তাক অন্ধ কৰি তুলিব। আৰু মই তেওঁলোকক সুধিছো,'আপুনি মোক কৈছে নেকি যে আপুনি বিশ্বাস কৰা ঈশ্বৰ, যাক আপুনি এজন সৰ্বদয়ালু ঈশ্বৰ বুলিও কয়, যি আমাৰ প্ৰত্যেকজনৰ ব্যক্তিগতভাৱে যত্ন লয়, আপুনি কৈছে নেকি যে ঈশ্বৰে এই পলুটো সৃষ্টি কৰিছে যি নিৰীহ শিশুৰ চকুৰ মণিৰ বাহিৰে আন কোনো ধৰণে জীয়াই থাকিব নোৱাৰে? কিয়নো সেইটো মোৰ বাবে দয়াৰে পৰিপূৰ্ণ ঈশ্বৰৰ সৈতে মিলা যেন নালাগে'।১৪
ৰচনাৱলী
- (Zoo Quest to Guyana) জু কোৱেষ্ট টু গুয়েনা (১৯৫৬)
- (Zoo Quest for a Dragon) জু কোৱেষ্ট ফৰ এ ড্ৰেগন (১৯৫৭) - ১৯৫৯ চনত পুনঃপ্ৰকাশিত
- (Zoo Quest in Paraguay) জু কোৱেষ্ট আন পাৰাগুৱে(১৯৫৯)
- (Quest in Paradise) কোৱেষ্ট ইন পেৰাডাইজ (১৯৬০)
- (People of Paradise) পিপল অৱ পেৰাডাইজ (১৯৬০)
- (Zoo Quest to Madagascar) জু কোৱেষ্ট মাদাগাস্কাৰ (১৯৬১)
- (Quest Under Capricorn) কোৱেষ্ট আণ্ডাৰ কেপৰিকৰ্ণ(১৯৬৩)
- (Fabulous Animals) ফেবলুৱাছ এনিমেল(১৯৭৫)
- (The Tribal Eye) দি ত্ৰাইবেল আই (১৯৭৬)
- (Life on Earth) লাইফ অন আৰ্থ(১৯৭৯)
- (Discovering Life on Earth) ডিস্কভাৰিং লাইফ অন আৰ্থ(১৯৮১)
- (The Living Planet) দি লিভিং প্লেনেট(১৯৮৪)
- The First Eden: The Mediterranean World and Man (১৯৮৭)
- The Atlas of the Living World (১৯৮৯)
- The Trials of Life (১৯৯০)
- The Private Life of Plants (১৯৯৪)
- The Life of Birds (১৯৯৮)
- The Life of Mammals (২০০২)
- Life on Air: Memoirs of a Broadcaster (২০০২) - আত্মজীবনী
- Life in the Undergrowth (২০০৫)
তথ্যসূত্ৰ
- ↑ Sir David Attenborough (English broadcaster and author). Encyclopædia Britannica
- ↑ David Attenborough Biography. Bio/A&E Television Network, LLC
- ↑ Waldemayer, Winston. (28 January 2009). Short Sharp Science: Eye-burrowing worms, national treasures.. and creationism. New Scientist
- ↑ Kendall, Paul. (31 January 2009). Sir David Attenborough: 'Man was given permission to exploit the natural world by the Bible'. The Daily Telegraph
- ↑ Sir David Attenborough (English broadcaster and author). Encyclopædia Britannica
- ↑ web.archive.org/web/20060924005526/http://www.le
- ↑ www.bfi.org.uk/features/remembering-richard-atte
- ↑ web.archive.org/web/20170818091145/https://www.t
- ↑ Fara, Patricia (2018). A Lab of One's Own: Science and Suffrage in the First World War. Oxford University Press. p. 266
- ↑ Attenborough, David (2002). Life on Air. BBC Books. ISBN 978-0-563-53461-7. pp. 10–11
- ↑ www.bbc.co.uk/programmes/p03smb54
- ↑ inews.co.uk/news/a-life-on-our-planet-trailer-da
- ↑ www.newstatesman.com/politics/environment/2020/1
- ↑ web.archive.org/web/20031211230726/http://www.sm
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেভিদ এটেনবৰো” প্ৰবন্ধৰ সংশোধন ৪৬০৬৮৮ (৩১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।