অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডিম্পু বৰুৱা

ডিম্পু বৰুৱা (Dimpu Baruah) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এজন ইউটিউবাৰ। অসমীয়া ভাষাত ভিডিঅ’ আপল’ড কৰা তেওঁৰ ডিম্পু বৰুৱা (Dimpu Baruah) আৰু ডিম্পুছ ভ্লগ্‌ছ (Dimpu's Vlogs) ইউটিউব চেনেলদুটাই ইতিমধ্যে ২মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। তেওঁৰ Diiimpu নামেৰে হিন্দী ভাষাতো এটা ইউটিউব চেনেল আছে।

হালনাগাদ: ৭ জানুৱাৰী ২০২৬ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ডিম্পু বৰুৱা (Dimpu Baruah) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এজন ইউটিউবাৰ। অসমীয়া ভাষাত ভিডিঅ’ আপল’ড কৰা তেওঁৰ ডিম্পু বৰুৱা (Dimpu Baruah) আৰু ডিম্পুছ ভ্লগ্‌ছ (Dimpu's Vlogs) ইউটিউব চেনেলদুটাই ইতিমধ্যে ২মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। তেওঁৰ Diiimpu নামেৰে হিন্দী ভাষাতো এটা ইউটিউব চেনেল আছে। বৰ্তমান তেওঁৰ দ্বিতীয়টো চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ’ল 293k৷১

ব্যক্তিগত জীৱন

তেওঁৰ পিতৃৰ নাম পিতাম্বৰ বৰুৱা আৰু মাতৃৰ নাম লতিকা বৰুৱা। তেওঁ ঘৰৰ একমাত্ৰ সন্তান। মোমায়েকৰ ঘৰত ডিম্পুৱে শৈশৱ অতিবাহিত কৰিছিল। তেওঁ সৰুৰে পৰা লাজুক স্বভাৱৰ আছিল৷ ইউটিউবত অসমীয়া ভাষাত ভ্লগিং কৰাটো বৰ্তমান তেওঁৰ পেচা।২

শিক্ষা

দেবীৰাম পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিম্পু বৰুৱা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত উত্তীৰ্ণ হৈ ইংৰাজী বিষয়ত নলবাৰী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।২ পৰৱৰ্তী সময়ত তেওঁ D.El.Ed.-ও সম্পন্ন কৰে।

কৰ্মজীৱন

প্ৰথম অৱস্থাত তেওঁ নলবাৰীৰ এখন বিদ্যালয়ত অংশকালীনভাৱে শিক্ষকতা কৰিছিল। বৰ্তমান ইউটিউবকে পেছা হিচাপে লৈছে৷৩

সামাজিক কাম

বৰুৱাই ২০২০ চনৰ অসম বানপীড়িতসকলৰ বাবে ৪৩,০০০ টকা সংগ্ৰহ কৰি গৃহহীন বানপীড়িতৰ মাজত বিতৰণ কৰিছিল৷ ইয়াৰোপৰি বৰ্তমান তেওঁ অসমীয়া সংস্কৃতিৰ বিভিন্ন বিষয়ত ইউটিউবত জনমত গঠন বা জনাজাতৰ বাবে কাম কৰি আহিছে৷৪

তথ্যসূত্ৰ

  1. ↑ Dimpu baruah biography. fandom.com
  2. ↑ Bhaskar Jyoti Das. (8 January 2022). Dimpu Baruah Biography, Wiki, Youtube, Income. www.amazing-assam.com
  3. ↑ Jk Bhradwaj. (2 September 2021). Dimpu Baruah. www.jonackassam.com
  4. ↑ (21 July 2020). Assam YouTube personality Dimpu Baruah raises Rs 43,000 for flood victims. www.sentinelassam.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিম্পু বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৬৮২২১ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।