অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডিম্পী গাংগুলী

ডিম্পী গাংগুলী (ইংৰাজী: Dimpy Ganguli; জন্ম নাম: সৌমশ্ৰী গাংগুলী; ২৫ জুলাই ১৯৮৮) এগৰাকী ভাৰতীয় মডেল আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে নাচ বলিয়ে ৫ আৰু বিগ বছ ৮-ত অংশগ্ৰহণ কৰাৰ বাবে পৰিচিত।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ডিম্পী গাংগুলী (ইংৰাজী ভাষা: Dimpy Ganguli; জন্ম নাম: সৌমশ্ৰী গাংগুলী; ২৫ জুলাই ১৯৮৮) এগৰাকী ভাৰতীয় মডেল আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে নাচ বলিয়ে ৫ আৰু বিগ বছ ৮-ত অংশগ্ৰহণ কৰাৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন

তেওঁৰ প্ৰকৃত নাম সৌমশ্ৰী গাংগুলী, ডিম্পী আছিল তেওঁৰ মৰমৰ নাম। তেওঁ এটা বাঙালী পৰিয়ালৰ সন্তান। তেওঁৰ পিতৃৰ নাম শৈবাল গাংগুলী আৰু মাতৃৰ নাম সুস্মিতা গাংগুলী। ডিম্পীয়ে ২০০৯ চনত প্ৰখ্যাত স্কটিছ চাৰ্চ কলেজৰপৰা ইংৰাজী ভাষা সাহিত্যত অনাৰ্চ ডিগ্ৰী লাভ কৰে।

ব্যক্তিগত জীৱন

২০১০ চনত ইমাজিন টিভিৰ স্বয়ংবৰ ৰিয়েলিটি শ্ব' ৰাহুল দুলহানিয়া লে জায়েংগেত ডিম্পীয়ে বিজেপি নেতা প্ৰমোদ মহাজনৰ পুত্ৰ ৰাহুল মহাজনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১ গাংগুলীয়ে ঘৰুৱা হিংসা আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগত বিবাহ বিচ্ছেদৰ গোচৰ তৰিছিল।২ ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত দম্পতীটোৰ চূড়ান্ত বিবাহ বিচ্ছেদ হয়।৩

২০১৫ চনৰ নৱেম্বৰত গাংগুলীয়ে ডুবাই ভিত্তিক ব্যৱসায়ী ৰোহিত ৰয়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৪ ২০১৬ চনৰ ২০ জুনত তেওঁলোকৰ কন্যা ৰিয়ানাৰ জন্ম হয়।৫ ২০২০ চনত গাংগুলীয়ে আৰিয়ান নামৰ এটি পুত্ৰ সন্তান জন্ম দিয়ে।৬ ২০২২ চনৰ ২৭ জুলাইত গাংগুলীয়ে তেওঁৰ দ্বিতীয় পুত্ৰ ঋষানৰ জন্ম দিয়ে।৭

কেৰিয়াৰ

তেওঁ ২০০৯ চনৰ ভাৰতৰ সৌন্দৰ্য প্ৰতিযোগিতা 'গ্লাডৰাগছ মেগা মডেল মেনহাণ্ট'ৰ এগৰাকী প্ৰতিযোগী আছিল।৮ ইয়াৰ উপৰি তেওঁ ২০০৭ চনৰ 'সানন্দা তিলোত্তমা'ত দ্বিতীয় ৰানাৰ্ছ আপ আছিল।৯

২০১৪ চনত তেওঁ ৰিয়েলিটি শ্ব' বিগ বছ ৮ আৰু ইয়াৰ স্পিন-অফ বিগ বছ হাল্লা বোলত অংশগ্ৰহণ কৰিছিল।১০ ২০১৫ চনৰ ৩১ জানুৱাৰীত তেওঁ অনুষ্ঠানটোৰপৰা বিদায় লয়।১১

তথ্যসূত্ৰ

  1. ↑ Dimpy Ganguli dumps Rahul Mahajan after a night of abuse. Hindustan Times
  2. ↑ (30 July 2010). Rahul has regretted, but I need time: Dimpy. India Today
  3. ↑ (27 February 2015). Rahul Mahajan and Dimpy Gangulys divorce finalised. India Today
  4. ↑ Basu, Nilanjana. (28 November 2015). Dimpy Ganguly is Married. Inside Pics From Her Wedding, Bachelorette Party. NDTVMovies.com
  5. ↑ (25 June 2016). It's a girl for Dimpy Ganguly!. Daily News & Analysis
  6. ↑ (19 May 2021). Dimpy Ganguli shares her vaccine experience as a breastfeeding mom; says, 'take the vaccine, more now for your baby as they still don't have one for themselves'. The Times of India
  7. ↑ (28 July 2022). It's a boy! Dimpy Ganguly welcomes third child through water birth. India Today
  8. ↑ Banerjee, Soumyadipta. (5 March 2010). Dimpy Ganguly lied to me, says Maureen Wadia. Daily News and Analysis
  9. ↑ Nag, Kushali. (8 November 2008). Daredevil Dimpi. The Telegraph (Calcutta)
  10. ↑ (7 November 2014). Bigg Boss 8 gets wild card entries: Dimpy Ganguli, former 'Roadies' contestant Renee Dhyani. The Indian Express
  11. ↑ Talreja, Vinod. (30 January 2015). Bigg Boss Halla Bol: Dimpy Mahajan and Ali Quli Mirza out from the winner's race?. Daily News & Analysis

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিম্পী গাংগুলী” প্ৰবন্ধৰ সংশোধন ৫৯৯০২০ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।